ৰাতি ভাল টোপনি আহিবলৈ অনুসৰণ কৰিব পাৰে বিশেষজ্ঞৰ এই ৯টা টিপছ
টোপনিৰ অভাৱে মানুহৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে লাহে লাহে অসুস্থ কৰি তুলিব পাৰে, সেয়ে ভাল নিদ্ৰাৰ বাবে বিশেষজ্ঞই আগবঢ়োৱা এই উপায়সমূহ অনুসৰণ কৰিব পাৰে-

Published : January 18, 2025 at 1:16 PM IST
বৰ্তমান সময়ত প্ৰায় শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৰে এটা হাতত মোবাইল ফোন দেখিবলৈ পোৱা যায় ৷ আজিকালি মানুহ মোবাইল ফোনৰ প্ৰতি ইমানেই অভ্যস্ত হৈ পৰিছে যে গোটেই দিনটো মোবাইল ফোনতেই ব্যস্ত থাকে, যাৰ বাবে বহু সমস্যাৰ আশংকা বাঢ়ি যায় ৷ ইয়াৰে এটা সমস্যা হ’ল টোপনিৰ অভাৱ, দৰাচলতে সম্পূৰ্ণ নিদ্ৰা গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ৷ ইয়াৰ সৈতে আপুনি গোটেই দিনটো সুখী আৰু শক্তিশালী হৈ থাকিব ৷ ভাল টোপনিয়ে আমাৰ মন আৰু শৰীৰৰ সুস্থতা আৰু বিষমুক্ত কৰাত সহায় কৰে ৷ ভাল টোপনিৰ দ্বাৰা শাৰীৰিক আৰু মানসিক সমস্যাৰ পৰা হাত সাৰিব পাৰি ৷
ডাঃ দীক্ষাই কয় যে, মোবাইল ফোনত বহু সময় ধৰি ব্যৱহাৰ কৰিলে চকুত চাপ পৰিব পাৰে আৰু ডিজিটেল আই চিনড্ৰম বা কম্পিউটাৰ ভিজন চিনড্ৰম হ’ব পাৰে ৷ ইয়াৰ লগতে তেওঁ আৰু কয় যে, অটো-ইম্যুন ডিছঅৰ্ডাৰ, হৰম’নৰ ভাৰসাম্যহীনতা, ছালৰ সমস্যা, কেন্সাৰ, লুপাছ আৰু থাইৰয়ডত আক্ৰান্ত ৯৯ শতাংশ ৰোগীয়ে টোপনিৰ মান উন্নত কৰি ভাল অনুভৱ কৰিব পাৰে ৷
NHLBI - National Institutes of Health (NIH)ৰ ৱেবছাইট অনুসৰি টোপনিৰ অভাৱত কেইবাটাও সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷
টোপনিৰ মানদণ্ড উন্নত নহ’লে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে । টোপনিৰ অভাৱত উদ্বেগ, হতাশা, মেজাজৰ দোলন আদি মানসিক সমস্যাৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ উপৰিও হৃদৰোগ, ডায়েবেটিছ আৰু ওজন বৃদ্ধিৰ দৰে শাৰীৰিক সমস্যাৰো সৃষ্টি হ’ব পাৰে ।
ভাল নিদ্ৰাৰ বাবে sleepfoundationএ আগবঢ়াইছে কিছুমান টিপছ-
- পুৱা সোনকালে উঠিবলৈ চেষ্টা কৰক। সূৰ্যৰ সৈতে দিনটো আৰম্ভ কৰিলে প্ৰকৃতিৰ লগত মিল থকা অনুভৱ হ’ব পাৰে । এনে কৰিলে ৰাতি সোনকালে টোপনি আহিব ।
- শুবলৈ যোৱাৰ আগতে গৰম গাখীৰ বা ৰঙা চাহ খাব পাৰে ।
- হালধি গাখীৰ বা বনৌষধি চাহ যেনে কেমোমিল, ব্ৰাহ্মী, গোলাপ, নীলা মটৰ ফুলৰ চাহে অন্ত্ৰৰ লগতে মনকো সকাহ দিয়ে ।
- নাকেৰে উশাহ লোৱাৰ অভ্যাস কৰক । এনে কৰিলে আপুনি শান্তিৰে শুব পাৰিব ।
- বিচনাত পৰি থকা অৱস্থাত ফোন বা টিভি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক ।
- শুবলৈ যোৱাৰ আগতে গা ধুব পাৰে । ইয়াৰ দ্বাৰা আপোনাৰ গোটেই দিনটোৰ ভাগৰ দূৰ হোৱাত সহায় হ’ব ।
- ভৰিৰ মালিচ কৰক । এনে কৰিলে আপুনি উষ্ণ অনুভৱ কৰিব, আপোনাৰ মন আৰু শৰীৰে শিথিলতা লাভ কৰিব ।
- শোৱাৰ আগতে নাকত ২ টোপাল গৰুৰ ঘিউ দিব শুব ।
- দিনটো আৰম্ভ আৰু শেষ কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল প্ৰাৰ্থনা । ইয়াৰ বাবে প্ৰাৰ্থনা কৰক ।
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক

