ETV Bharat / lifestyle

আজি Hug Day...এনেদৰে আপোনাৰ প্ৰিয়জনলৈ পঠাওক শুভেচ্ছা বাৰ্তা

আজি Hug Day ৷ যদি আপোনাৰ সংগী দূৰত আছে তেন্তে মৰমভৰা বাৰ্তাৰ যোগেদি এই বিশেষ দিনটোৰ বাবে শুভেচ্ছা জনাব পাৰে-

Assamese Hug Day Wishes: Messages, Quotes, and Status Updates for Loved Ones
আজি Hug Day...এনেদৰে আপোনাৰ প্ৰিয়জনলৈ পঠাওক শুভেচ্ছা বাৰ্তা (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : February 12, 2025 at 11:07 AM IST

4 Min Read
Choose ETV Bharat

বৰ্তমান চলি আছে প্ৰেমৰ সপ্তাহ ৷ ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰেমৰ সপ্তাহৰ সামৰণি পৰিব ১৪ ফেব্ৰুৱাৰীত ভেলেন্টাইন ডে’ৰ সৈতে ৷ আজি Hug Day ৷ ভেলেণ্টাইন উইকৰ ষষ্ঠ দিন অৰ্থাৎ ১২ ফেব্ৰুৱাৰীত হাগ ডে’ উদযাপন কৰা হয় । প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনক সাৱটি ধৰি প্ৰেম প্ৰকাশ কৰে ৷ ভেলেন্টাইন সপ্তাহত এই হাগ ডে’ৰ বিশেষ মহত্ব আছে ৷ প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে এই দিনটো অতি বিশেষ ৷ গতিকে এই বিশেষ দিনটোত আপুনিও আপোনাৰ আপোনজনক হাগ ডে’ৰ শুভেচ্ছা জনাই আলিংগন কৰিব পাৰে ৷ কিন্তু যদি আপোনাৰ সংগী দূৰত আছে তেন্তে মৰমভৰা বাৰ্তাৰ যোগেদি এই দিৱসৰ শুভেচ্ছা জনাব পাৰে ৷

  • বহু সময়ত বহুতে নিজৰ প্ৰেমৰ বিষয়ে আপোনজনক ক’বলৈ সংকোচ কৰে ৷ এনে ক্ষেত্ৰত আপুনি এই বিশেষ দিনটোত সংগীক নিজৰ অনুভৱৰ বিষয়ে ক’ব পাৰে ৷ Hug day উপলক্ষে আজি আপুনি এই শুভ বাৰ্তাসমূহ আপোনজনক দিব পাৰে-
  • তোমাৰ কান্ধত মূৰ থৈ মই যি শান্তি পাই সেয়া আৰু কতো নাপাওঁ ৷ যেতিয়া মই জীৱনটোক লৈ ভাগৰি পৰো তেতিয়া তোমাৰ আলিংগনে মোক পুনৰ জীয়াই তোলে ৷ Happy Hug day
  • তোমাক যেতিয়া নিজৰ দুবাহুৰ মাজত লওঁ,তেতিয়া এনে লাগে যে পৃথিৱীখনৰ সমস্ত সুখখিনি মোৰ ৷ তোমাৰ মাজতেই মই বিচাৰি পাওঁ প্ৰেমৰ এক ভাল লগা মিঠা অনুভূতি ৷ তোমালৈ হাগ ডে’ৰ শুভেচ্ছা ৷ Happy Hug day
  • মাত্ৰ এবাৰ তোমাৰ কান্ধত মূৰ থ’লে মই মোৰ সকলো সমস্যা পাহৰি যায় ৷ তোমাৰ দুবাহুত মই নিজকে সবাতোকৈ সুৰক্ষিত অনুভৱ কৰো ৷ আজিৰ এই বিশেষ দিনটোত মই তোমাক জোৰকৈ সাৱতি ধৰিব পাৰিমনে ? Happy Hug day
  • যেতিয়া তোমাৰ হাতখন ধৰো তেতিয়া লাগে যেন সকলো ঠিক হৈ যাব আৰু আমি এনেকৈয়ো জীৱনৰ বাকীচোৱা সময় আগবাঢ়ি যাম ৷ তোমাৰ আলিংগনে মোক দিয়ে প্ৰেমৰ মিঠা অনুভূতি ৷ Happy Hug day
  • মই দূৰত থাকিও তোমাৰ প্ৰেম অনুভৱ কৰিব পাৰো ৷ কিন্তু তোমাৰ দুবাহুত যি সুখ বিচাৰি পাওঁ তাৰ মই অভাৱ অনুভৱ কৰো ৷ তোমাক মাত্ৰ মই এবাৰ সাৱতি ধৰিব পাৰিমনে ? Happy Hug day
  • তোমাৰ দুবাহুৰ মাজত থাকিলে এনে লাগে যে মই পৃথিৱীৰ সবাতোকৈ ভাল লগা আৰু সুখী ঠাইত আছো ৷ তোমাৰ দুবাহুত মই সমস্ত সুখ বিচাৰি পাওঁ ৷ তোমালৈ হাগ দেৰ বহুত শুভেচ্ছা ৷ Happy Hug day
  • মই নিবিচাৰো কোনো দামী উপহাৰ, কোনো চাৰপ্ৰাইজ ৷ মই বিচাৰো তুমি মোক মাত্ৰ এবাৰ সাৱতি ধৰে ৷ তোমালৈ হাগ ডে’ৰ বহুত শুভেচ্ছা ৷ Happy Hug day
  • যদি পৃথিৱীত কোনো ভাল লগা আৰু সুৰক্ষিত ঠাই আছে সেয়া তোমাৰ দুবাহু ৷ তোমাৰ দুবাহুত মই বিচাৰি পাওঁ সুখ, শান্তি আৰু অনবিল মৰম ৷ তোমালৈ হাগ ডে’ৰ শুভেচ্ছা ৷ Happy Hug day
  • যেতিয়া তুমি মোৰ সাৱতি ধৰা তেতিয়া লাগে যে সমস্ত সুখ মোৰ দুবাহুতে আছে ৷ আৰু এই সময়খিনি এনেকৈয়ে থাকক ৷ তোমালৈ হাগ ডে’ৰ বহুত শুভেচ্ছা ৷ Happy Hug day
  • মই বিচাৰো তোমাৰ মৰম, ভালপোৱা ৷ তোমাৰ সান্নিধ্যই দিয়ে মোক জীয়াই থকাৰ নতুন প্ৰেৰণা ৷ তোমাৰ আলিংগনে দিয়ে মোক ভাললগা সুখ ৷ তোমালৈ Happy Hug day

লগতে পঢ়ক

  1. আজি 'হাগ ডে'... প্ৰিয়জনক জোৰকৈ সাৱটি ধৰাৰ দিন
  2. 'প্ৰতিশ্ৰুতি দিলো শেষ উশাহলৈকে মাথোঁ তোমাৰেই হৈ থাকিম'...প্ৰিয়জনক প্ৰ'মিছ ডে'ত দিয়ক এই ৫টা প্ৰতিশ্ৰুতি
  3. এইবাৰ এই ৫টা ৰাশিৰ লোকৰ বাবে বিশেষ হ’বলৈ গৈ আছে Valentine Day