ETV Bharat / lifestyle

এখন চিঠিৰ দ্বাৰা কেনেকৈ জুবিন-গৰিমা হৈ পৰিল জীৱনৰ লগৰী

কেনেকৈ জুবিন গাৰ্গে লগ পাইছিল তেওঁৰ জীৱনৰ প্ৰেম গৰিমাক, কেনে আছিল তেওঁলোকৰ জীৱনৰ এই যাত্ৰা, পঢ়ক এই প্ৰতিবেদন-

How The Heartthrob of Assam Zubeen Garg Met The Love of His Life, Garima
এখন চিঠিৰ দ্বাৰা কেনেকৈ জুবিন-গৰিমা হৈ পৰিল জীৱনৰ লগৰী (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : November 18, 2024 at 3:44 PM IST

|

Updated : September 24, 2025 at 12:57 PM IST

6 Min Read
Choose ETV Bharat

আমি প্ৰায়েই শুনি আহিছো যে প্ৰেম যদি সঁচা হয় তেন্তে হাজাৰ বাধা বিঘিনি আহিলেও হেনো তাক অতিক্ৰম কৰাৰ বা সকলো বাধাৰ সৈতে যুঁজাৰ সাহস নিজেই আহি যায় ৷ যদি প্ৰিয় ব্যক্তিগৰাকী আমাৰ সৈতে প্ৰতিপল আমাৰ সাহস হৈ থাকে তেন্তে আমি যিকোনো বাধা হাঁহিমুখে পাৰ কৰিব পাৰো ৷

কিন্তু জীৱনৰ 23টা বৰ্ষত তেওঁৰ ছাঁৰ দৰে প্ৰতিপল তেওঁৰ সাহস হৈ থকা তেওঁৰ জীৱনসংগীনিৰ অবিহনে এয়া জানো সম্ভৱ! হয়, আপুনি ঠিকেই বুজিছে আমি ক’ব খুজিব তেওঁৰ অৰ্ধাংগিনী গৰিমা শইকীয়া গাৰ্গৰ বিষয়ে ৷ প্ৰথমবাৰ কেনেকৈ জুবিনৰ সৈতে সাক্ষাৎকাৰ হৈছিল গৰিমাৰ ৷ কেনেকৈ এখন চিঠিৰ প্ৰথমে ভাল বন্ধুত্ব তাৰ পিচত প্ৰেয়সী আৰু শেষত জুবিন গাৰ্গৰ জীৱনৰ এটা অংশ হৈ পৰিল, কেনেকৈ গৰিমা শইকীয়া হৈ পৰিল গৰিমা গাৰ্গ আজিৰ এই প্ৰতিবেদনত জুবিন-গৰিমাৰ এই যাত্ৰাৰ বিষয়ে জানো আহক-

জুবিনৰ জীৱনত দীঘলীয়া আছিল প্ৰেমিকাৰ শাৰী ?

বিভিন্ন অনুষ্ঠানত জুবিন গাৰ্গ নিজৰ ব্যক্তিগত, পেছাদাৰী জীৱন তথা স্বাধীনচিতীয়াভাৱে কোৱা নিজৰ কথা বাবে সদায় চৰ্চাত থাকে ৷ এনে বহু অনুষ্ঠানতো জুবিনে বিশেষকৈ নিজ মুখেৰে এইটো কথা স্বীকাৰ কৰিছে যে, তেওঁ বিভিন্ন সময়ত বহু নাৰীৰ সংস্পৰ্শলৈ আহিছিলে আৰু তেওঁৰ বহু প্ৰেমিকাও আছিলে ৷ যেতিয়া এটাৰ পিচত আন এটা স্থানত নিজৰ পিতৃৰ সৈতে ভ্ৰমণ কৰিছিলে তেতিয়া তেওঁ বহু নাৰীৰ সংস্পৰ্শলৈ আঁহোতে প্ৰেমিকাৰ স্থানো তেওঁ জীৱনত পাইছিলে ৷ তামুলপুৰত অধ্যয়ন কৰি থাঁকোতে 'জোনমণি আৰু ৰুণজুন' নামেৰে দুগৰাকী প্ৰেমিকাও আছিলে যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ এটি জনপ্ৰিয় গীত 'পাখি পাখি এই মন গীতটিত''জোনমণি আৰু ৰুণজুন' দুটি নামক এক বিশেষ ধৰণে উল্লেখ কৰিছিলে ৷

১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায় । ইয়াৰ লগে লগেই জুবিন পেছাদাৰী সংগীত জগতখনৰ সৈতেও জড়িত হৈ পৰে । লগতে ১৯৯৪ মুক্তিলাভ কৰিছিল তেওঁৰ আন এটি জনপ্ৰিয় এলবাম মায়া ৷ সেই সময়ত এই দুটি এলবামৰ গীতে যেন এটি আলোড়নৰ সৃষ্টি কৰিছিল ৷ সকলোৰে মুখে মুখে ভাঁহি উঠিছিল মায়া আৰু অনামিকাৰ গীত ৷ সেই সময়ত অধ্যয়নৰ বাবে গৰিমা শইকীয়া আছিল বোম্বেত ৷ সেই সময়ছোৱাতে গৰিমা জীৱনত জুবিন গাৰ্গৰ আগমন ঘটে ৷

মায়া-অনামিকাৰ গীতেৰে হৈছিল প্ৰথম পৰিচয়

মন যায় তেওঁক এবাৰ চুবলৈ, মন যায় তেওঁক এবাৰ ওচৰৰ পৰা চাবলৈ, মন যায় তেওঁৰ গীতৰ পৃথিৱীত এবাৰ হেৰাই যাবলৈ মন যায় বুলি ক’লেই প্ৰতিগৰাকী অসমীয়াৰ মুখলৈ এটাই নাম আহে আৰু সেয়া হৈছে জুবিন গাৰ্গ যাৰ নামেই পৰিচয়, যাৰ গীতেই পৰিচয় ৷ জুবিন গাৰ্গৰ অসংখ্য অনুৰাগীৰ মাজতে গৰিমাও আছিল জুবিনৰ অনুৰাগী ৷ 1994ৰ কথা যেতিয়া জুবিনৰ দুই ছুপাৰহিট এলবাম মায়া আৰু অনামিকাই মুক্তিলাভ কৰিছিল আৰু সকলোতে এই দুই এলবামৰ কথা চৰ্চিত হৈ পৰিছিল প্ৰতিজন অসমীয়াৰ মুখে মুখে তেতিয়া মায়া আৰু অনামিকাৰেই গান ৷

এটি সাক্ষাৎকাৰত গৰিমাই কয় যে, যেতিয়া তেওঁ মুম্বাইত আছিল তেতিয়া তেওঁ নিজৰ ভাতৃৰ মুখৰ পৰা জুবিনৰ কথা আৰু শুনিবলৈ পাইছিল ৷ ভাতৃয়ে হাতত তুলি দিছিল জুবিনৰ এলবাম টেপ ৰেকৰ্ডাৰত তেতিয়া বাজি উঠিছিল "হাঁহিলে তুমি মুকুতা মনি সৰে....দুচকু ভৰিলেও মন নভৰে ৷"

এখন চিঠিৰে হৈছিল পৰিচয়

90ৰ দশকৰ সেই সময়ছোৱাত নিজৰ প্ৰিয় শিল্পীগৰাকীলৈ চিঠি লিখা আৰু শিল্পীগৰাকীৰ কোনো উত্তৰ লাভ কৰাৰ বাবে অপেক্ষা কৰাটো বহুতৰে অভ্যাস আছিল তেনেই এগৰাকী অনুৰাগী আছিল গৰিমা ৷ 90ৰ দশকৰ জনপ্ৰিয় অভিনেতা-শিল্পীলৈ চিঠি লিখাটো গৰিমাৰ অভ্যাস আছিল ৷

তেওঁ জনোৱা মতে, গোবিন্দা, চাংকি পাণ্ডে সকলোলৈকে চিঠি পঠিয়াইছিল তেওঁ ৷ ইয়াৰ মাজতে গৰিমা বিশেষকৈ আকৃষ্ট হৈছিল জুবিনৰ কণ্ঠৰ প্ৰতি ৷ জুবিনৰ দুটা এলবাম ক্ৰমান্বয়ে মায়া আৰু অনামিকাৰ গীতসমূহ শুনি আকৃষ্ট হৈ তেওঁ অনুৰাগী হিচাপে জুবিনলৈয়ো পঠিয়াইছিল পত্ৰ (ফেন-লেটাৰ) আৰু সৌভাগ্যক্ৰমে তেওঁ জুবিনৰ পৰা চিঠিখনৰ উত্তৰ লাভ কৰিবলৈও সক্ষম হৈছিল ৷

ইয়াৰ পিচত তেওঁলোক দুয়োৱে ইজনে আনজনৰ সৈতে সময় কটাবলৈও আৰম্ভ কৰে ৷ এনেদৰে বহু সময় পাৰ কৰাৰ পাচত জুবিনে অৱশেষত গৰিমালৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু এটি ভাল সম্পৰ্কৰ গঢ়ি তোলাৰ আশাৰে গৰিমাই জুবিনলৈ সন্মতি প্ৰদান কৰিছিলে ৷

জুবিন-গৰিমাৰ প্ৰেমৰ সম্পৰ্কৰ যাত্ৰা আছিল কন্টকময়

প্ৰেমৰ সম্পৰ্কই প্ৰাণ পাই উঠাৰ পিচত প্ৰতিটো সম্পৰ্কত থকা উত্থান-পতনৰ দৰে জুবিন আৰু গৰিমাৰ জীৱনতো বহু উত্থান-পতনে দেখা দিছিলে ৷ তাৰ মাজতে তেওঁলোকৰ এই সম্পৰ্কত এটি বাধা হিচাপে থিয় দিছিল গৰিমাৰ পৰিয়াল ৷ প্ৰথমে এই সম্পৰ্কক লৈ গৰিমাৰ পিতৃ-মাতৃয়ে একেবাৰেই সন্মতি প্ৰদান কৰা নাছিলে ৷ বিশেষকৈ তেওঁৰ পিতৃয়ে এই সম্পৰ্কক লৈ একেবাৰেই সন্তুষ্ট নাছিলে ৷

প্ৰেমৰ সম্পৰ্কত সোমাই পৰাৰ পিচত গৰিমাই বহুবাৰ জুবিনৰ ধৈৰ্য নোহোৱা আৰু শিশুসুলভ স্বভাৱৰ বাবে সম্পৰ্কটো চলাই নিয়াটো তেওঁৰ বাবে বহু কঠিন হৈ পৰিছিল ৷ সেয়ে বহুবাৰ তেওঁ সম্পৰ্ক শেষ কৰাৰ কথাও ভাবিছিলে আৰু দুয়োৰে মাজত খুব কাজিয়াও হৈছিলে আৰু যি সময়ত জুবিনে গৰিমা তেওঁৰ জীৱন পৰা আঁতৰি যোৱাৰ কথা ভাবিছিলে তেতিয়া জুবিন মানসিকভাৱে ভাগি পৰিছিলে আৰু এই সময়ছোৱাতে জুবিনৰ গীতৰ সৃষ্টিৰাজিয়ে এটি নতুন ৰূপ পাবলৈ সক্ষম হৈছিলে ৷ ডিপ্ৰেচনৰ এই সময়ছোৱাত বহুতো সুন্দৰ গীত জুবিনে অসমবাসীলৈ উপহাৰ দি থৈছে ৷

ইফালে, সময়ৰ গতিত ক্ৰমান্বয়ে গৰিমাৰ পৰিয়ালে দীঘলীয়া তৰ্কা-তৰ্কীৰ অন্তত তেওঁলোকৰ এই সম্পৰ্কৰ প্ৰতি সন্মতি জনায় আৰু 2002 চনৰ 4 ফেব্ৰুৱাৰীত তেওঁলোকে বিবাহপাশত আৱদ্ধ হয় ৷ জনাই দিও যে, গৰিমা শইকীয়া বৰ্তমান এগৰাকী সফল ফেশ্বন ডিজাইনাৰ ৷

লগতে পঢ়ক: জীৱন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গলৈ...52 বছৰীয়া এক সুৰীয়া পৰিক্ৰমা
Last Updated : September 24, 2025 at 12:57 PM IST