ETV Bharat / lifestyle

অভিনেত্ৰী বৈভৱী গোস্বামীয়ে কেনেদৰে ৰাখে নিজে শৰীৰৰ যতন ? - ASSAMESE ACTRESS BOIBHABI GOSWAMI

অভিনেত্ৰী বৈভৱী গোস্বামীয়ে কেনেদৰে ৰাখে নিজে শৰীৰৰ যতন ? অভিনেত্ৰী গৰাকীৰ দৈনিক ৰুটিন কি ? অভিনেত্ৰী গৰাকীৰ প্রিয় খাদ্য কি ? জানো আহক-

Boibhabi goswami
অভিনেত্ৰী বৈভৱী গোস্বামীয়ে কেনেদৰে ৰাখে নিজে শৰীৰৰ যতন ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : April 5, 2025 at 4:34 PM IST

3 Min Read

অসমীয়া ছবি তথা টেলিভিছন জগতত এক নতুন মুখৰূপে উদয় হৈছে বৈভৱী গোস্বামী । বৈভৱী গোস্বামী এগৰাকী সুদক্ষ মডেল, আৰু টেলিভিছন উপস্থাপক হোৱাৰ লগতে এগৰাকী সফল অভিনেত্ৰীও যিয়ে অসমীয়া চলচ্চিত্ৰ আৰু ৱেব ছিৰিজত নিজৰ অভিনয়েৰে সকলোৰে মন জয় কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে ।

তেওঁৰ অভিনয়, গ্লেমাৰ আৰু আত্মবিশ্বাসে ইতিমধ্যে বহু দৰ্শকৰ মন জয় কৰিছে । ২০২৩ চনৰ ইউটিউবত মুক্তিলাভ কৰা “১৩ থাৰ্টিন” চিনেমাৰ জৰিয়তে ৰূপালী পৰ্দাত খোজ পেলোৱা বৈভৱী গোস্বামীয়ে ইতিমধ্যে কেইবাখনো ধাৰাবাহিক, ৱেব চিৰিজত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে । অভিনয়ৰ উপৰি তেওঁ মডেলিং জগততো সক্ৰিয় বৈভৱী গোস্বামী ৷ বিগত বর্ষত বিশেষ ভাৱে চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰণৱ ভৰালীৰ পৰিচালিত অসমীয়া ৱেব চিৰিজ “চুপা চুপী” ত “সংগীতা” নামৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকক বিমোহিত কৰিবলৈ সক্ষম হৈছে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত অভিনেত্ৰী গৰাকীয়ে জনাই তেওঁৰ দৈনিক ৰুটিন পৰা আৰম্ভ কৰি শৰীৰ চৰ্চালৈ বহু কথা ৷ তেন্তে পলম নকৰি আজি জানো আহক অভিনেত্ৰী বৈভৱী গোস্বামীয়ে কেনেদৰে ৰাখে নিজে শৰীৰৰ যতন ? অভিনেত্ৰী গৰাকীৰ দৈনিক ৰুটিন কি ? অভিনেত্ৰী গৰাকীৰ প্রিয় খাদ্য কি ?

অভিনেত্ৰী বৈভৱী গোস্বামীৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat)

অভিনেত্ৰী গৰাকীৰ দৈনিক ৰুটিন কি ?

এই সন্দৰ্ভত বৈভৱীয়ে কয় মোৰ দৈনিক ৰুটিন বুলি তেনেকুৱা বিশেষ একো নাই ৷ সাধাৰণ ভাবেই থকা হয় ৷ শুই উঠি দৈনিক কাম কৰি কলেজ থাকিলে কলেজলৈ যোৱা হয় ৷ ৰাতিপুৱা 'অটছ' আদি খোৱা হয় ৷ আনহাতে দুপৰীয়া ভাত খাওঁ ৷ তাৰ মাজতে চাহ খোৱা হয় ৷ শ্বুটিং থাকিলে অৱশ্যে, শ্বুটিংৰ খাদ্য খোৱা হয় ৷ তেনেদৰেই এটা সাধাৰণ ভাবে থকা হয় ৷'

শৰীৰ চৰ্চাৰ কেনেদৰে কৰে ?

'শৰীৰ চৰ্চা আচলতে সকলোয়ে কৰিব লাগে, শৰীৰচৰ্চা সকলোৰে বাবে প্ৰয়োজনীয় ৷ কিন্তু আমাৰ বাবে এইটো সদায়ৰ বাবে সম্ভৱ নহয় ৷ কাৰণ কেতিয়াবা ৰাতিপুৱাৰ পৰা গোটেই দিনটো শ্বুটিং থাকে ৷ কেতিয়াবা গোটেই ৰাতিও কাম কৰিবলগীয়া হয় ৷ কিন্তু তাৰ মাজতে যেতিয়া সময় পাওঁ , অকমান যোগ বা আসন কৰা হয় ৷ সেইখিনিয়ে আচলতে প্ৰয়োজনীয় বুলি ভাবোঁ ৷ খোৱাটোও তাৰ মাজত গুৰুত্বপূৰ্ণ ৷'

অভিনেত্ৰী গৰাকীৰ প্রিয় খাদ্য কি ?

অভিনেত্ৰীগৰাকীয়ে কয়,"পিজ্জা খাইয়ো ভাল পাওঁ ৷ যদিও জানো এয়া স্বাস্থ্যৰ পক্ষে উপকাৰী নহয় কিন্তু 'সকলোৰে দৰে মইয়ো ভাত খায়েই ভাল পাওঁ ৷

ছালৰ যতন কেনেদৰে লয় অভিনেত্ৰী গৰাকীয়ে ?

'ছালৰ মই বৰ বিশেষ তেনেকৈ যতন নলও ৷ মোৰ ছালখন যিহেতু শুকান সেইবাবে শালমইনাৰ সমস্যা ইমান নাই ৷ কেতিয়াবা এলোভেৰা জেল লগাওঁ ৷ আৰু নৰ্মেল ক্ৰীম, ছানস্ক্ৰীণ সেয়াই লগোৱা হয় ৷' উল্লেখযোগ্য যে, আহিবলগীয়া নতুন অসমীয়া ছবি "ভাইমন দা" টো দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক ৷

লগতে পঢ়ক

  1. নিজকে সু-স্বাস্থ্যৱান কৰি ৰাখিবলৈ কি কৰে অভিনেতা কপিল বৰাই ?
  2. কেনেদৰে নিজৰ কণ্ঠৰ যত্ন লয় কণ্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাই ?
  3. বৰ্তমান কিহক লৈ ব্যস্ত জয় বৰুৱা, তেওঁৰ আগন্তুক প্ৰজেক্ট কি ! বিশেষ সাক্ষাৎকাৰত জনালে সংগীত শিল্পীগৰাকীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.