ETV Bharat / lifestyle

নৱৰাত্ৰি উপলক্ষে সকলোকে এনেদৰে জনাওক শুভকামনা

২২ ছেপ্টেম্বৰ সোমবাৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰি ২০২৫ৰ শুভ উৎসৱ, এই নৱৰাত্ৰিত ৯ দিনে দেৱীৰ ৯ টা বিভিন্ন ৰূপৰ পূজা কৰা হয় ৷

Happy Shardiya Navratri 2025
নৱৰাত্ৰি উপলক্ষে সকলোকে এনেদৰে জনাওক শুভকামনা (GETTY IMAGES)
author img

By ETV Bharat Lifestyle Team

Published : September 22, 2025 at 5:05 PM IST

4 Min Read
Choose ETV Bharat

নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ, প্ৰধানতঃ শক্তি উপাসনাৰ লগত জড়িত ৷ নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰে জনা যায় ৷ বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা নামেৰে জনা যায় ৷ নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিৰ্সজন হয়, ৯ দিনত ভগৱতী দুৰ্গা দেৱীৰ ৯টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয় ৷ নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিভিন্ন পূজা বিধি মাৰ্কণ্ডেয় পূৰাণ, ব্ৰহ্মবৈৱৰ্ত পূৰাণ, দেৱী ভাগৱত, কালিকা পুৰাণ আদি প্ৰাচীন পুথিত পোৱা যায় ৷

২২ ছেপ্টেম্বৰ সোমবাৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰি ২০২৫ৰ শুভ উৎসৱ । নৱৰাত্ৰিৰ ন দিনত দেৱী দুৰ্গাৰ নটা ৰূপক পূজা কৰা হয়। এইবাৰ অত্যন্ত শুভ কাৰণ হাতীত উঠি আহিব দেৱী আদিশক্তি । বিশ্বাস কৰা হয় যে এই বছৰে সুখ, সমৃদ্ধি, শান্তি কঢ়িয়াই আনিব ৷

পঞ্চাংগৰ তথ্য অনুসৰি শাৰদীয় নৱৰাত্ৰি এই বছৰৰ ২২ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু দশেৰা ২ অক্টোবৰত উদযাপন কৰা হ’ব । শাৰদীয় নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যিটো দেৱী দুৰ্গাক উৎসৰ্গিত কৰা হয় । এই নৱৰাত্ৰিত ৯ দিনে দেৱীৰ ৯ টা বিভিন্ন ৰূপৰ পূজা কৰা হয় ৷

Happy Shardiya Navratri 2025
নৱৰাত্ৰি ২০২৫ (GETTY IMAGES)

এইবছৰ ২২ ছেপ্তেম্বৰৰ পৰা নৱৰাত্ৰি আৰম্ভ হ’ব । পঞ্চমী – ২৭ ছেপ্টেম্বৰ ২০২৫ শনিবাৰ ( সময় ০৩:৪৮ বজাৰ পৰা ০৬:১২ বজালৈ), ষষ্ঠি – দেওবাৰ, ২৮ ছেপ্টেম্বৰ, ২০২৫, সপ্তমী ২৯ ছেপ্টেম্বৰ ২০২৫ সোমবাৰ, অষ্টমী ৩০ ছেপ্টেম্বৰ ২০২৫ মঙলবাৰ ( পূজাৰ সময় ২৯ ছেপ্টেম্বৰৰ বিয়লি ৪:৩১ বজাত আৰু ৩০ ছেপ্টেম্বৰত সন্ধিয়া ৬:০৬ বজাত শেষ হ’ব)। নৱমী ১ অক্টোবৰ ২০২৫ বুধবাৰ (মহানৱমী পূজাৰ সময় ৩০ ছেপ্টেম্বৰৰ সন্ধিয়া ৬:০৬ বজাত আৰু ১ অক্টোবৰৰ সন্ধিয়া ৭:০১ বজাত শেষ হ’ব)। দশমী ২ অক্টোবৰ ২০২৫ বৃহস্পতিবাৰ (দুৰ্গা বিসৰ্জন মুহুৰ্তা – পুৱা ৬:১৫ বজাৰ পৰা ৮:৩৭ বজালৈ)। এই বিশেষ দিনটোৰ পূৰ্বে আপোনজনক দিয়ক শুভেচ্ছা ৷

Happy Shardiya Navratri 2025
নৱৰাত্ৰি ২০২৫ (GETTY IMAGES)

নৱৰাত্ৰিৰ আৰম্ভণি হয় ঘট স্থাপনৰ পৰা । এই অনুষ্ঠানত দেৱী দুৰ্গাক আমন্ত্ৰণ আৰু আদৰণি জনোৱা বুলি ধৰা হয় । শাস্ত্ৰত কোৱা হৈছে যে শুভ সময়ত ঘট স্থাপন কৰিলে ঘৰখনলৈ সুখ আৰু সমৃদ্ধি লাভ কৰে আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদ প্ৰদান কৰে ।

Happy Shardiya Navratri 2025
নৱৰাত্ৰি ২০২৫ (GETTY IMAGES)

২০২৫ চনত শাৰদীয় নৱৰাত্ৰিৰ সময়ত ঘট স্থাপনৰ বাবে দুটা শুভ সময় থাকে । ২২ ছেপ্টেম্বৰত ঘট স্থাপনৰ দ্বিতীয় শুভ সময় হৈছে অভিজিৎ মুহূৰ্ত, যিটো পুৱা ১১:৪৯ বজাৰ পৰা নিশা ১২:৩৮ বজালৈ চলিব। ইয়াৰ মুঠ সময়সীমা হ’ব ৪৯ মিনিট । এই সময়ত মা দুৰ্গাক আমন্ত্ৰণ কৰাটো শুভ বুলি গণ্য কৰা হয় । সঠিক সময়ত আৰু পদ্ধতিত ঘট স্থাপন সম্পন্ন কৰিলে দেৱী দুৰ্গাৰ পৰা বিশেষ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস কৰা হয়। এই নৱৰাত্ৰি উৎসৱে পৰিয়াললৈ সুখ, শান্তি, সমৃদ্ধি কঢ়িয়াই আনিব।

Happy Shardiya Navratri 2025
নৱৰাত্ৰি ২০২৫ (GETTY IMAGES)

নৱৰাত্ৰিৰ শুভেচ্ছাবাণী( Navaratri wishes)

মা দুৰ্গাৰ চৰণত সেৱা জনাইছোঁ, আশাৰে ভৰা হওক। নৱৰাত্ৰিৰ শুভেচ্ছা

Happy Shardiya Navratri 2025
নৱৰাত্ৰি ২০২৫ (GETTY IMAGES)

নৱৰাত্ৰি হৈছে সুখৰ দিন, আপোনাৰ জীৱন সুখেৰে ভৰি থাকক আৰু প্ৰতিটো ইচ্ছা পূৰণ হওঁক ৷

আপোনাৰ পৰিয়ালৰ সুস্বাস্থ্য, সুখ-সম্পদ কামনা কৰি মা নৱৰাত্ৰিৰ এই পৱিত্ৰ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷দেৱীৰ কৃপাত জীৱন আলোকিত হওক, নৱৰাত্ৰিৰ উৎসৱে সকলোৰে জীৱনত সুখ কঢ়িয়াই আনক, শাৰদীয় নৱৰাত্ৰিৰ শুভেচ্ছা ৷নৱৰাত্ৰিত মাৰ আশীৰ্বাদে আপোনাৰ প্ৰতিটো খোজ সফল কৰক, মাৰ আশীৰ্বাদ সদায় আপোনাৰ জীৱনত ৰৈ যাওক, নৱৰাত্ৰীৰ শুভেচ্ছা থাকিল

Happy Shardiya Navratri 2025
নৱৰাত্ৰি ২০২৫ (GETTY IMAGES)

জগতৰ ৰক্ষক মাৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থাকক, আপোনাৰ সকলো কাম সম্পূৰ্ণ হওক। নৱৰাত্ৰিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷

লগতে পঢ়ক

  1. দুৰ্গা পূজাত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব আপুনি! যেতিয়া অনুসৰণ কৰিব অভিনেত্ৰীসকলৰ এই শাৰীৰ লুক
  2. এইবাৰ বিশ্বকৰ্মা পূজাত বিৰল সংযোগ! পূজাৰ সময়ত এইসমূহ নিয়ম মানি সন্তুষ্ট কৰক বাবা বিশ্বকৰ্মাক
  3. এইবাৰ মা দুৰ্গা ধৰালৈ কিহত আহিব তথা ইয়াৰ তাৎপৰ্য কি জানেনে ?