গণেশ চতুৰ্থী উপলক্ষে আপোনজনলৈ প্ৰেৰণ কৰক এই শুভেচ্ছাবাৰ্তা তথা শ্লোক
আজি সমগ্ৰ দেশে উদযাপন কৰিছে গণেশ চতুৰ্থী ৷ গণেশ চতুৰ্থী উপলক্ষে আপোনজনলৈ এনেদৰে পঠিয়াওক শুভেচ্ছাবাৰ্তা তথা শ্লোক-

Published : August 27, 2025 at 5:31 AM IST
আজি সমগ্ৰ দেশে উদযাপন কৰিছে গণেশ চতুৰ্থী ৷ এই উৎসৱ প্ৰতি বছৰে ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখে পালন কৰা হয় ৷ এইবাৰ ২০২৫ চনৰ ২৭ আগষ্টৰ পৰা ৬ ছেপ্টেম্বৰলৈকে গণেশ চতুৰ্থী উৎসৱ পালন কৰা হ’ব ৷ সেয়ে এই বিশেষ অনুষ্ঠানত আপোনাৰ আত্মীয়, বন্ধু-বান্ধৱী আৰু আপোনজনক এই গণেশ চতুৰ্থী শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে ৷ এই পবিত্ৰ ক্ষণত আপোনজনক দিয়ক শুভকামনা…
- গণেশ চতুৰ্থীয়ে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি-সমৃদ্ধি ৷ গণেশ চতুৰ্থী উপলক্ষে সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৷
- গণেশ চতুৰ্থীৰ শুভেচ্ছা জনালো! বাপ্পাই আপোনাক শক্তি আৰু সাহস প্ৰদান কৰক ৷ গণেশ চতুৰ্থীৰ শুভকামনা!
- গণপতি বাপ্পাৰ আগমন শুভ হওক, আপোনাৰ সকলো সপোন বাস্তৱায়িত হওক, সকলো বাধা আঁতৰি যাওক ৷ বাপ্পাৰ আগমনৰ বাবে আপোনাক শুভেচ্ছা ৷
- গণেশে আপোনাৰ ঘৰলৈ কঢ়িয়াই আনক অপৰিসীম সুখ আৰু সমৃদ্ধি ৷ গণেশ চতুৰ্থীৰ বাবে শুভেচ্ছা!
- গণেশ চতুৰ্থীৰ শুভ ক্ষণতসিদ্ধিদাতাৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা আগবঢ়াই ভক্তপ্ৰাণ ৰাইজলৈ আন্তৰিক শুভকামনা যাচিছোঁ ৷
- ওম গং গণপতিয়ে নমঃ- গণপতি বাপ্পাই আপোনাৰ সকলো কৰ্ম সিদ্ধি কৰক ৷
- আপোনাৰ দিনবোৰ মোডকৰ দৰে মধুৰতাৰে ভৰা হওক, প্ৰভূই আপোনাৰ জীৱনত সুখৰ ছাঁ সদায় পেলাওক ৷
- সিদ্ধিবিনায়ক বাবা গণেশৰ কৃপাত সকলোৰে জীৱনৰ পৰা অপায়-অমঙ্গল সমূহ নাশ হওক ৷ সুখ, শান্তি, সমৃদ্ধি তথা সফলতা বাস কৰক ৷ গণেশ চতুৰ্থীৰ পৱিত্ৰ ক্ষণত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷
- ওম গ্লৌম গৌৰী পুত্র, বক্রতুণ্ড, গণপতি গুৰু গণেশ ৷ ৷ গ্লৌম গণপতি ঋদ্ধি পতি, সিদ্ধি পতি দূৰ কৰ ক্লেশ ৷ ৷ – গণেশ চতুৰ্থীৰ পৱিত্ৰ ক্ষণত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷
- গণেশ চতুৰ্থীত প্ৰথম পূজ্য বিঘ্নহৰ্তা ভগৱান শ্ৰীগণেশৰ চৰণত ভক্তিভৰা সেৱা নিবেদিছোঁ আৰু সকলোকে আধ্যাত্মিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷
- গণেশ চতুৰ্থীয়ে আপোনালোকৰ জীৱনলৈ লৈ আহক সুখ, শান্তি-সম্প্ৰীতি আৰু সমৃদ্ধি ৷ গণেশ চতুৰ্থী উপলক্ষে সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷
- সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ আগন্তুক দিনবোৰ যেন আটাইৰে অনাবিল সুখ, শান্তি আৰু সমৃদ্ধিৰে উপচি পৰে তাৰে কামনাৰে সিদ্ধিদাতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৷
- ওমঃ শ্ৰী গণেশায় নমঃ ৷ সকলোকে পবিত্ৰ গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা জনালো ৷
- পবিত্ৰ গণেশ চতুৰ্থী উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জনালো ৷ সিদ্ধিদাতা প্ৰভু শ্ৰী গণেশে সকলোকে আশীৰ্বাদ কৰক আৰু সমস্ত বাধা- বিধিনি দূৰ কৰি আটাইৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি কঢ়িয়াই আনক ৷
- গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ ৷ আশা কৰো ভগৱান গণেশৰ আশীৰ্বাদত সকলোৰে জীৱন সুখ- সমৃদ্ধি, পৰম শান্তিৰে উপচি পৰক ৷ সকলো সু-স্বাস্থ্যৰ অধিকাৰী হওক ৷
- আজিৰ এই পবিত্ৰ দিনটোত সকলোকে গণেশ চতুৰ্থীৰ শুভেচ্ছা ৷ প্ৰভু গণেশৰ ওচৰত প্ৰাৰ্থনা, আহিবলগীয়া দিন কেইটা সুখ, শান্তিৰে সমৃদ্ধ হওক ৷ প্ৰভু গণেশে সকলো বাধা দূৰ কৰি সুস্বাস্থ্যৰ অধিকাৰী কৰক ৷
- ওম গন গণপতায় নমঃ! শ্ৰী সিদ্ধিবিনায়ক নমো নম! অষ্ট বিনায়ক নমো নম! গণপতি বাপ্পা মোৰেয়া!
- গণেশ চতুৰ্থীৰ বহুত বহুত শুভেচ্ছা ৷ আশা কৰো বিঘ্নহৰ্তা শ্ৰী গণেশে আপোনাৰ জীৱনৰ সকলো দুখ, কষ্ট, বাঘা আঁতৰাই সুখ- শান্তিৰে জীৱন উপচাই তোলক ৷
- ভগৱান গণেশ প্ৰজ্ঞা, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক ৷ তেওঁৰ আশীৰ্বাদে আপোনাৰ জীৱন সুখময় কৰি তোলক ৷
- আশা কৰো ভগৱান শ্ৰী গণেশৰ আশীৰ্বাদে আপোনাৰ জীৱনত পথ প্ৰদৰ্শন কৰক ৷ আপোনাৰ জীৱনত সুখ, শান্তি উন্নতি হওক ৷ গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা ৷
- ভগৱান গণেশে আপোনাক সুখ, সফলতা আৰু সমৃদ্ধিৰ আশীৰ্বাদ কৰক ৷ আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ গণেশ চতুৰ্থীৰ শুভেচ্ছা থাকিল!
- এই গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশে আপোনাক প্ৰজ্ঞা, ধৈৰ্য্য আৰু শক্তিৰে আশীৰ্বাদ কৰক ৷ গণেশ চতুৰ্থীৰ শুভেচ্ছা ৷
হোৱাটছ এপ, ফেচবুক ষ্টেটাচ
- গণপতি বাপ্পা মৌৰেয়া! ভগৱান গণেশৰ আশীৰ্বাদত সকলোৰে জীৱন সুখময় হওক ৷
- গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা জনালো ৷
- গণেশ চতুৰ্থীৰ এই শুভ ক্ষণত আপোনাৰ জীৱন শান্তি, সমৃদ্ধি আৰু সুখেৰে পৰিপূৰ্ণ হওক ৷
- ভগৱান গণেশৰ ঐশ্বৰিক সান্নিধ্যই আপোনাক সৎ পথত লৈ যাওক ৷ গণেশ চতুৰ্থীৰ শুভেচ্ছা থাকিল!
- প্ৰভু গণেশলৈ প্ৰাৰ্থনা, আপোনাৰ জীৱন সুখময় হওক ৷ গণপতি বাপ্পা মৌৰেয়া ৷
শ্লোক
- শ্ৰী বক্ৰতুণ্ড মহাকায় সূৰ্য্যকোটি সমপ্ৰভা ৷ নিৰ্বিঘ্নম কুৰু মে দেৱ সৰ্ব-কাৰ্যেশু সৰ্বদা ৷
- মায়াতীতায় ভক্তনা কামপুৰায়া তে নমঃ ৷ সোমসূৰ্যাগ্নিনেত্ৰায় নমো বিশ্বম্ভৰায় তে ৷ ৷
- একদন্তয়া বিম্মাহা বক্ৰতুণ্ডায় বিম্মাহা তন্নো দন্তি প্ৰচোদয় ৷
- অমেয়ায় ছ হেৰম্ব পৰশুধাৰকায়তে ৷ মুষক বাহনায়েব বিশ্বেশায় নমো নমঃ ৷ ৷
- ৰক্ষ ৰক্ষ গণধক্ষ্য ৰক্ষ ত্ৰৈলোক্যৰক্ষক ৷ ভক্তানাময়ভয় কৰ্তা ত্ৰাতা ভৱ ভৱাণবাত ৷ ৷
লগতে পঢ়ক

