১২ এপ্ৰিল শনিবাৰে হনুমান জয়ন্তী ৷ কলিৰ যুগত জাগ্ৰত দেৱতাৰ ভিতৰত হনুমান হৈছে অন্যতম, আনহাতে ৭ জন চিৰণঞ্জীবিৰ ভিতৰতো হনুমান এজন ৷ লগতে ২০২৫ বৰ্ষটো যিহেতু মংগলৰ বৰ্ষৰ বুলি কোৱা হৈছে সেয়ে এই বৰ্ষটোত যদি হনুমানক পূজা কৰে তেন্তে বহু ভালফল লাভ কৰিব বুলি কোৱা হয় ৷ হনুমানক যিহেতু প্ৰায় ভাগ লোকে পূজা কৰে আনহাতে হনুমানক পূজা কৰিলে খুব সোনকালে ভালফল লাভ কৰিব পাৰে বুলি প্ৰবাদ আছে সেয়ে হনুমান জয়ন্তীৰ দিনা যদি কিছুমান কাম কৰিব পাৰে তেন্তে বহুত লাভ ফল লাভ কৰিব পাৰিব ৷
হনুমান জয়ন্তীৰ দিনা কি পাঠ কৰিলে ভাল ফল লাভ কৰিব ?
- হনুমান জয়ন্তী দিনা যদি হনুমান চলিশাখন ৭ বাৰ যদি সংকল্প লৈ পাঠ কৰিব পাৰে তেন্তে মনৰ কামনা পূৰ্ণ হ'ব ৷
- নিগেটিভিটি, ব্লেক মেজিক আদিৰে যদি ভাৰাক্ৰান্ত কৈ পৰিছে তেন্তে বজ্ৰৰং বান খন যদি ১ বাৰ, ৩ বাৰ বা ৭ বাৰ পাঠ কৰিব পাৰে তেন্তে খুব ভাল ফল লাভ কৰিব ৷
- যদি কোনো মহিলাৰ সম্পৰ্কত কিবা সমস্যা চলি আছে তেন্তে তেওঁলোকে হনুমান জয়ন্তীৰ দিনাখন ৯ বাৰ যদি 'সুন্দৰ কাণ্ড' খন পাঠ কৰিব পাৰে তেন্তে খুব ভাল ফল লাভ কৰিব পাৰিব ৷
- যিসকল বেমাৰ-আজাৰ হৈ আছে তেওঁলোকে হনুমান জয়ন্তীৰ দিনাখন ' হনুমান বাহুক' গ্ৰন্থখন পাঠ কৰিব পাৰে ৷
হনুমান জয়ন্তীৰ দিনা কি কাম কৰিলে ভাল ফল লাভ কৰিব ?
- হনুমান জয়ন্তীৰ দিনা ২১ টা আঁহত পাত বা পান পাত লৈ তাত ৰঙা ৰচীৰে বান্ধি বাজালী সেন্দুৰৰ লগত চমেলি তেল মিহলি কৰি তাত জয় শ্ৰী ৰাম লিখি হনুমানক অৰ্পণ কৰিব পাৰিলে হনুমান প্ৰসন্ন হয় ৷
- হনুমান জয়ন্তীৰ দিনা হনুমান মন্দিৰ গৈ ৫ খন, ৭ খন বা ৯ খন হনুমান চালিশা যদি অৰ্পণ কৰিব পাৰে বা কোনোবা প্ৰয়োজনীয় মানুহক উপহাৰ হিচাপে প্ৰদান কৰিব পাৰে ৷
- হনুমানৰ প্রিয় বস্তুৰ ভিতৰত চামেলি তেল, বুন্দিয়াৰ লাড়ু, সেন্দুৰ আদি ৷ সেয়ে হনুমান জয়ন্তীৰ দিনা এই সমূহ বস্তু অৰ্পণ কৰিব পাৰিলে খুব বেছি ভাল ফল লাভ কৰিব পাৰিব ৷
- হনুমান জয়ন্তীৰ দিনা বান্দৰক যদি কল খুৱাব পাৰে তেন্তে মংগল আৰু ৰবিৰ দোষ নাইকিয়া হ'ব ৷
- হনুমান জয়ন্তীৰ দিনা উপায় হিচাপে দুখন মিঠা পান অৰ্পণ কৰিলে হনুমানৰ পৰা আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব ৷
হনুমানক কি কি অৰ্পণ কৰিব পাৰে ?
হনুমানৰ চৰণত এনে কিছুমান সামগ্রী আছে যিবোৰে অৰ্পণ কৰি আপুনি ঘৰলৈ লৈ আনিব পাৰে ৷ সেই সমুহ ভিতৰত হ'ল দুখন পান, দুটা বা দুআসি কল, দুটা বুন্দিয়া লাড়ুৰ পেকেট, ৰঙা বুট, ৰঙা কাপোৰ এই সমূহ বস্তু যদি হনুমানৰ চৰণত অৰ্পণ কৰি তাৰ পৰা যদি আধা সামগ্রী ঘৰলৈ আনি পূজাস্থলত যদি পূজা কৰিব পাৰে তেতিয়াও বহু ভাল ফল লাভ কৰিব পাৰিব ৷
হনুমান জয়ন্তীৰ দিনা হনুমান জীৰ গাৰ পৰা অকনমান যদি সেন্দুৰ আনিব পাৰে আৰু সেই সেন্দুৰেৰে অনাগত দিনত যদি কৰবালৈ গ'লে এটা এটা ফোট লৈ যায় তেতিয়াও বহু ভালফল লাভ কৰিব পাৰিব ৷ হনুমান জয়ন্তীৰ দিনা যদি ৰাম নাম লোৱা হয় তেতিয়াও বহুত বেছি ভাল ৷ ৰাম গুণানু কীৰ্তন কৰিব পাৰে সিমানেই ভাল ৷
(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)
লগতে পঢ়ক