হনুমান জয়ন্তীত এনেদৰে কৰক বজংগবলীৰ আৰাধনা...দূৰ হ’ব সকলো বাধা-বিঘিনি
হনুমান জয়ন্তীত কেনেদৰে হনুমানক আৰাধনা কৰিব, কি কাম কৰিলে ভাল ফলাফল লাভ কৰিব ? এই সন্দৰ্ভত কি ক’লে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই-

Published : April 11, 2025 at 5:28 PM IST
|Updated : April 12, 2025 at 9:09 AM IST
এইবাৰ ২০২৫ চনৰ ১২ এপ্ৰিল অৰ্থাৎ আজিৰ দিনটোতে ঠায়ে পালন কৰা হৈছে হনুমান জয়ন্তী । যদিও হিন্দু ধৰ্মত বহু দেৱ-দেৱী পূজা কৰা হয়, কিন্তু বজৰংগবলীৰ কথা আহিলে কিছুমান বিশেষ নিয়ম মানি চলাটো প্ৰয়োজনীয়। সনাতন ধৰ্মত হনুমান জয়ন্তীক এটা বিশেষ দিন বুলি গণ্য কৰা হয় ।
জ্যোতিষ শাস্ত্ৰ অনুসৰি এই দিনটোৰ বিশেষ মান্যতা আছে ৷ জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাৰ মতে, ২০২৫ বৰ্ষটো যিহেতু মংগলৰ বৰ্ষৰ বুলি কোৱা হৈছে আনহাতে এই বৰ্ষটোত যদি হনুমানক আৰাধনা কৰা হয় তেন্তে জীৱনৰ বহু বাধা আঁতৰিব বুলি কোৱা হয় ৷
হনুমান জয়ন্তীৰ দিনা কেনেদৰে হনুমানক আৰাধনা কৰিব ?
হনুমানৰ ওচৰৰ সাধাৰণতে চামেলি তেলৰ চাকি জ্বলোৱা হয় লগতে নাৰিকল, পকা কল আদি অৰ্পণ কৰা হয় ৷ হনুমান জয়ন্তীৰ দিনা এই খিনি সামগ্রী অৰ্পণ কৰাৰ লগতে সেইদিনা ব্ৰত ৰাখিব পাৰে ৷
কি কাম কৰিলে ভাল ফলাফল লাভ কৰিব ?
জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাৰ মতে, যদিহে আপোনাৰ জীৱনত কিবা সমস্যা চলি আছে, বা স্বাস্থ্যৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈ আছে পঢ়া-শুনা মন বহাব নাই পৰা, কষ্ট অনুসৰি যদি ফল লাভ নাই কৰা এনেধৰণৰ সমস্যাৰ পৰা মুক্ত হ'বলৈ হনুমান জয়ন্তীৰ দিনাখন ব্ৰত বা পূজা কৰাৰ লগতে হনুমান জীৰ বিশেষ বিশেষ কিছুমান ফটো আপোনাৰ ঘৰৰ চাৰিওফালে লগাব পাৰে ৷
- যদিহে ঘৰত কোনোবা ৰুগীয়া ব্যক্তি আছে বা খুব সঘনাই বেমাৰ হৈ থাকে তেন্তে আপোনাৰ ঘৰৰ উত্তৰ বা উত্তৰ-পশ্চিম দিশত হনুমানে লক্ষ্মণক জীয়াই তুলিবলৈ যি সঞ্জীৱনী পাহাৰ দাঙি আনিছিল সেই পাহাৰ দাঙি অনা ফটো লগাব পাৰে ৷
- যদিহে নাম-যশ বিচাৰিছে বা কামত খুৱ বেছি কৃতকাৰ্যতা লাভ কৰাটো বিচাৰিছে তেন্তে আপোনাৰ ঘৰৰ দক্ষিণ দিশত হনুমানে তেওঁৰ নিজৰ কান্ধত ৰাম আৰু লক্ষ্মণক বহুৱাই উৰুয়াই নিয়া এখন ফটো পোৱা যায় ৷ সেই ফটোখন লগাব পাৰে ৷
- কোৰ্ট-কাছাৰীৰ মোকৰ্দমাত যদি জয় লাভ কৰাটো বিচাৰিছে তেন্তে আপোনাৰ ঘৰৰ পশ্চিম দিশত হনুমানে এখন ৰঙা ধ্বজা বা পতাকা লৈ থকা এখন ফটো পোৱা যায় সেইখন ফটো লগাব পাৰে ৷
- মানসিকতা হতাশা, চিন্তা, খং-ৰাগ যদি বেছি হৈছে তেন্তে আপোনাৰ ঘৰৰ উত্তৰ-পূৱ দিশত হনুমানে ধ্যান মগ্ন অৱস্থাত থকা ফটো লগাব পাৰে ৷
- যদি আত্মবিশ্বাসৰ অভাৱ হয় তেন্তে ঘৰৰ দক্ষিণ-পূৱ কোণত হনুমানে গদা লৈ থকা ফটো লগাব পাৰে ৷
পূজনবিধি
শ্ৰীৰামৰ ভক্ত হনুমানৰ জন্ম জয়ন্তীত উপাসনা কেনেকৈ কৰিব লাগে জানো আহক -
প্ৰথমে, উত্তৰ-পূব দিশত কাঠৰ পোষ্ট এটাত ৰঙা কাপোৰ এখন মেলি বহলাই দিয়ক । তাৰ পাচত হনুমানৰ এখন ফটো লগাওক । এই ছবিখন ৰাম পৰিয়ালৰ সৈতে হ'লে বহুত ভাল হ'ব । তাৰ পিচত হনুমানৰ সন্মুখত ঘিউৰ চাকি এটা জ্বলাই দিয়ক আৰু ৰঙা আৰু হালধীয়া ফুল দিয়ক । কোৱা হয় যে হনুমান বিশেষকৈ লাৰু ভাল পায়, সেয়েহে তেওঁক প্ৰসাদত লাৰু আগবঢ়াওক । ইয়াৰ লগতে, তেওঁলোকক তুলসীৰ ডাল আগবঢ়াওক ।
এই মন্ত্ৰ এনেদৰে জপ কৰক
জ্যোতিষী ড৹ উমাশংকৰ মিশ্ৰই কয় যে এই বিশেষ দিনটোত শ্ৰীৰামৰ মন্ত্ৰ উচ্চাৰণ কৰাটো বিশেষভাৱে লাভজনক । "ওম ৰাম ৰামায় নমঃ" বুলি কৈ মন্ত্ৰ জপ কৰক ৷ ইয়াৰ পিচত ঔম হাম হনুমাতে নমঃ মন্ত্ৰ উচ্চাৰণ কৰি এডাল জপমালা জপ কৰক ।
ইয়াৰ উপৰিও হনুমান চালিছা তিনিবাৰ পাঠ কৰিব পাৰে ৷ ভক্তসকলে ইচ্ছা কৰিলে চামেলী ফুলৰ তেলৰ চাকিও জ্বলাব পাৰে । আপুনি হনুমানক পোছাক আগবঢ়াব পাৰে । আজিৰ দিনটোত বজৰংবাষ পাঠ কৰাটোও ভাল ৷ যদি এজন ব্যক্তিৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা আছে, তেন্তে হনুমানৰ সন্মুখত ৰঙা কাপোৰ পিন্ধিব আৰু যিমান সম্ভৱ হনুমান বাহুক আবৃত্তি কৰিব । ই সুস্বাস্থ্যৰ আশীৰ্বাদ প্ৰদান কৰিব ।
(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)
লগতে পঢ়ক

