ETV Bharat / lifestyle

মঙলবাৰে এনেদৰে পাঠ কৰক হনুমান চালিছা আৰু লাভ কৰক বজৰংবলীৰ আশীৰ্বাদ

যদিও হনুমান চালিছা যিকোনো সময়তে পাঠ কৰিব পাৰি কিন্তু বজৰংবলীক সন্তুষ্ট কৰিবলৈ মঙলবাৰ আৰু শনিবাৰে এনেদৰে পাঠ কৰক হনুমান চালিছা-

Hanuman Chalisa
মঙলবাৰে এনেদৰে পাঠ কৰক হনুমান চালিছা আৰু লাভ কৰক বজৰংবলীৰ আশীৰ্বাদ (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : February 24, 2025 at 5:16 PM IST

5 Min Read
Choose ETV Bharat

হিন্দু ধৰ্মত ভগৱান হনুমানক কলিযুগৰ আটাইতকৈ শক্তিশালী দেৱতা হিচাপে পূজা কৰা হয় ৷ হনুমান চলিছা হৈছে হনুমান ভগৱানৰ পূজাৰ বাবে ভক্তিমূলক প্ৰাৰ্থনা ৷ হনুমান চালিছা পাঠ কৰা মানুহৰ সকলো বিপদ নাশ হয় ৷ লগতে পৰিয়াললৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে ৷ হনুমান চালিছা অতি সহজ ভাষাত ৪০টা পদত লিখা হৈছে ৷

মুঠ ৪০টা শ্লোক থকা হনুমান চালিছা ৰচনা কৰিছিল গোস্বামী তুলসীদাসে ৷ হনুমান চালিছা ষোড়শ শতিকাত আৱাধি ভাষাত লিখা হৈছিল ৷ যদিও হনুমান চালিছা যিকোনো সময়তে পাঠ কৰিব পাৰি, কিন্তু মঙলবাৰ আৰু শনিবাৰক শ্ৰেষ্ঠ দিন বুলি গণ্য কৰা হয়, কাৰণ এই দিনকেইটা বজৰংগবলীৰ বাবে উৎসৰ্গিত ৷ ব্ৰহ্ম মুহূৰ্তৰ সময়ত ৰাতিপুৱা ৪ বজাৰ পৰা ৬ বজালৈ হনুমান চালিছা পাঠ কৰিব পাৰে ৷

হনুমান চালিছা

শ্ৰীগুৰু চৰণ পদ্ম স্মৰি মনে মনে ৷

কোটি বাৰ প্ৰণামোহো গুৰুৰ চৰণে॥

শ্ৰীৰাম চৰণপদ্ম কৰিয়া স্মৰণ ৷

চতুবৰ্গ ফল যেন লভো অনুক্ষন॥

বুদ্ধিহীন মই অতি পবন কুমাৰ ৷

গুচোৱা মনৰ ক্লেশ মনৰ বিকাৰ॥

জয় জয় হনুমান গুণৰ সাগৰ ৷ ১

জয়হে কপীশ-প্ৰভু দয়াৰ আধাৰ॥

শ্ৰীৰামৰ দূত তুমি অতি বলবান ৷

অঞ্জনাৰ পুত্ৰ তুমি পবনসুত নাম॥ ২

মহাবীৰ ব্ৰজৰঙ্গী তুমি হনুমান ৷

কুমতি নাশিয়া কৰা সুমতি প্ৰদান॥ ৩

কাঞ্চন বৰণ তযু তুমি হে সুবেশ ৷

কৰ্ণত কুণ্ডল শোভে কুঁচি কুঁচি বেশ॥ ৪

ধ্বজা বজ্ৰ শোভা কৰে হস্তত তোমাৰ ৷

কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ॥ ৫

অপৰূপ বাহু তৱ পবন নন্দন ৷

মহাতেজ জ্যোতিৰূপ জগত বন্দন॥ ৬

বিদ্যাৱান গুণৱান তুমি হে চতুৰ ৷

শ্ৰীৰামচন্দ্ৰৰ কাৰ্যে তুমি হে আঁতুৰ॥ ৭

সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন ৷

হৃদয়ত লৈ ৰাম সীতা ও লক্ষ্মণ॥ ৮

সূক্ষ্মৰূপ ধৰি তুমি লংকা প্ৰবেশিলা ৷

বিকট ৰূপৰে লংকা ধ্বংস কৰিলা॥ ৯

ভীমৰূপে কৰা তুমি অসুৰ সংহাৰ ৷

সৰ্বকাৰ্য্য সিদ্ধি দাতা শ্ৰীৰামচন্দ্ৰৰ॥ ১০

সঞ্জীবন আনি তুমি জীয়ালা লক্ষ্মণ ৷

ৰঘুবীৰ তাৰ বাবে আনন্দিত মন॥ ১১

ৰঘুনাথে দিলে তোমাক আলিঙ্গন দান ৷

দান কৰে ভাতৃ স্থান ভৰত সমান॥ ১২

ত্ৰিভুৱনে বিয়পিয় তযু যশ খ্যাতি ৷

এই বুলি আলিঙ্গন কৰে ৰঘুপতি॥ ১২

সনক ব্ৰহ্মাদি যত দেৱ-মুনিগণ ৷

নাৰদ সাৰদ আদি দেৱ ঋষিগণ॥ ১৪

যমৰাজ কুবেৰ আৰু দিকপালগণ ৷

কবি কবিৰে যত ভৰা ত্ৰিভুৱন॥ ১৫

সুগ্ৰীৱৰ উপকাৰ তুমিয়ে কৰিলা ৷

ৰামৰ লগত মিলাই ৰাজপদ দিলা॥ ১৬

তোমাৰ মন্ত্ৰণা মানে বিভীষণ গণ ৷

হৈছিল ৰাৱণৰ ভয়ে কম্পমান॥ ১৭

সহস্ৰ যোজন ঊৰ্ধ্বে সূৰ্য্যদেৱে দেখে ৷

সুমধুৰ ফল বুলি ভাবে একে গ্ৰাসে॥ ১৮

জয় ৰাম বুলি তুমি অসীম সাগৰ ৷

পাৰ হৈ প্ৰবেশিলা লংকাৰ ভিতৰ ৷ ১৯

দুৰ্গম যতেক কৰ্ম আছে ত্ৰিভুবনে ৷

সুগম কৰিলা তুমি ’ৰাম-ৰাম’ গানে॥ ২০

শ্ৰীৰামৰ দ্বাৰৰক্ষী ৰামচন্দ্ৰৰ দ্বাৰে ৷

তযু অনুমতি বিনা সোমাব নোৱাৰে॥ ২১

শৰণ লইনু প্ৰভু আজি যে তোমাৰ ৷

ভৱ ভয়ে ৰক্ষা কৰা বিপদে আমাৰ॥ ২২

নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ ৷

তোমাৰ হুংকাৰতে কম্পে ত্ৰিভূৱন॥ ২৩

ভূত প্ৰেত পিশাচাদি আহিব নোৱাৰে ৷

মহাবীৰ তযু নাম সেই সদা ত্মৰে॥ ২৪

ৰোগ নাশ কৰা তুমি সৰ্বপীড়া হৰ ৷

মহাবীৰ তযু নাম স্মৰে নিৰন্তৰ॥ ২৫

সংকটত হনুমানে ৰক্ষা কৰি যায় ৷

হনুৰ চৰণে ভক্তি ৰাখিব সদায়॥ ২৬

সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বী ও ৰজা ৷

শ্ৰীৰামৰ শত্ৰুগণক তুমি দিলা মজা॥ ২৭

তোমাৰ চৰণে যেয়ে মন প্ৰাণ দিব ৷

জীৱনত সেইজনে সদা সুখ পাব॥ ২৮

প্ৰৱল প্ৰতাপ তযু হে বায়ু নন্দন ৷

তযু নামে উজ্জ্বলিব এই ত্ৰিভূবন॥

সাধু-সন্যাসীকো ৰক্ষা কৰা মতিমান ৷

শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণবান॥ ৩০

অষ্টসিদ্ধি নবসিদ্ধি কিবা যদি আছে ৷

সকলোই সিদ্ধি হয় তোমাৰে কৃপাতে॥ ৩১

তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ ৷

ৰামৰ তুমিয়ে দাস জানে সৰ্বজন॥ ৩২ ৷

তোমাৰ ভজন কৰি লভিব ৰামক ৷

জনমে জনমে সেয়ে দুখ বিমোচক॥ ৩৩

অন্তকালে পাব তেওঁ ৰামৰ চৰণ ৷

এই সাৰ কথা শুনা সব ভক্তগণ॥ ৩৪

সকলো বিষয় ত্যাগি বোলা হনুমান ৷

হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান॥ ৩৫

সৰ্বদুখ আঁতৰিব সংকটো কাটিব ৷

সেইজনে হনুমন্তক স্মৰণ কৰিব॥ ৩৬

জয় জয় জয় প্ৰভু জয় হনুমান ৷

তযু কৃপা বিনে মোৰ গতি নাই আন॥ ৩৭

যেইজনে শতবাৰ এই পাঠ কৰে ৷

সকলো অশান্তি তাৰ নাশ হৈ পৰে॥ ৩৮

হনুমান চালিশা যেয়ে সদা পাঠ কৰে ৷

সিদ্ধি লাভ কৰে আৰু বিপদত তৰে॥ ৩৯

তুলসীদাস সৰ্বদাই শ্ৰীহৰিৰ দাস ৷

মনৰ মন্দিৰত প্ৰভু সদা কৰা বাস॥ ৪০

ত্ৰিপদী

পবন নন্দন সংকট হৰণ

মংগল মুৰুটি ৰূপ ৷

শ্ৰীৰাম লক্ষ্মণ জানকী ৰঞ্জন

তুমি হৃদয়ৰে ভূপ॥

পৱন নন্দন প্ৰৱল বিক্ৰম

ৰাম অনুগত অতি ৷

চালিশা ইয়াতে সমাপ্ত কৰিছো

পদে থাকে যেন মতি॥

লগতে পঢ়ক

  1. এই দিনটোত শনিৰ কৃপা লাভ কৰিব এই ৰাশিৰ জাতক-জাতিকাই
  2. মহাশিৱৰাত্ৰিৰ সৈতে ঐতিহাসিক মহাভৈৰৱ মন্দিৰৰ সম্পৰ্ক কি ? জানক ইয়াৰ ইতিহাসৰ বিষয়ে
  3. প্ৰেমৰ সম্পর্কত কিবা সমস্যা হৈ আছে নেকি তেন্তে শিৱ পূজাৰ দিনা কৰক এই কাম