ব’হাগ বিহুটি অসমীয়া মান ৷ তিনিটা বিহুৰ ভিতৰত প্ৰধান ৰঙালী বিহু ৷ চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয় ব’হাগ বিহু বা ৰঙালী বিহু সাত বিহু বুলিও জনা যায় ৷ এই সাত বিহুৰ প্ৰথম দিনাই হ’ল গৰু বিহু ৷ ৰঙালী বিহু উপলক্ষে উজনিৰ পৰা নামনিলৈ সকলোতে দেখা যায় উখল-মাখল পৰিৱেশ ৷ চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু ৷ এই দিনটোত অসমীয়া ৰাইজে ঘৰৰ গোহালিৰ গৰুকেইটাৰ মংগল তথা সু-স্বাস্থ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷
১৪ এপ্ৰিল, সোমবাৰে অসমীয়াই পালন কৰিব হেঁপাহৰ গৰু বিহু ৷ সেইদিনাৰ পৰা আৰম্ভ হ’ব সাত বিহুৰ পৰম্পৰা ৷ গৰু বিহুৰ দিনা গাঁৱৰ কৃষকসকলে তেওঁলোকৰ গোহালিৰ পৰা গৰু, ম’হ উলিয়াই নৈ বা জান-জুৰিৰ ঘাটলৈ নি নোৱাই ধুৱাই এই বিহু উদযাপন কৰে ৷ সেইদিনাই গৰুৰ শিঙত তেল আৰু গাত মাহ-হালধি লগোৱা হয় ৷ তাৰ পাছত দীঘলতি পাত, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খোৱাই ঘৰৰ গৰু কেইটাৰ দীৰ্ঘায়ু আৰু ন শক্তি কামনা কৰে ৷ তাৰ পিছতে গা ধুওৱাৰ পৰ্ব আৰম্ভ হয় ৷ গৰুৰ স্নান পৰ্ব শেষ হোৱাৰ পিছতে মংগল কামনাৰে লাউ, বেঙেনা, হালধি আদি গালৈ ছটিওৱা হয় ৷ অসমীয়াই এনেদৰে গায়-
লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ৷
মাৰ সৰু বাপেৰ সৰু, তই হ’বি বৰ বৰ গৰু ৷ ৷
দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত ৷
মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত ৷ ৷
এই সকলো নিয়মৰ পৰা আজৰি হৈ গৃহস্থই ঘৰলৈ আহি স্নান কৰে ৷ জনপ্ৰবাদ অনুসৰি সেইদিনা গৰুৰ গাত ঘঁহা মাহ -হালধিৰে গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি ৷ গৰুৰ শিঙত ঘঁহা তেলো মানুহে গাত ঘঁহে ৷ সেইদিনা বহু অসমীয়াই ঘৰৰ গৰুকেইটাৰ মংগলৰ অৰ্থে ভগবানৰ ওচৰত মিনতি নিবেদি গোসাঁইঘৰত প্ৰাৰ্থনা জনায় ৷ গাঁৱৰ বুঢ়ামেথাই সেইদিনা নামঘৰত সমবেত হৈ সমজুৱাকৈ শৰাই আগবঢ়ায় ৷ ঘৰৰ সকলো সদস্যই একেলগে বহি চিৰা–দৈৰে এসাজ জলপান খোৱাটো অসমীয়া সমাজৰ এক চিৰাচৰিত নিয়ম ৷
গধূলি গৰু-ম’হবোৰক দীঘলতী, মাখিয়তি, তৰাপাতেৰে কোৱাই ঘৰলৈ খেদি আনে আৰু নতুন পঘাৰে বন্ধা হয় ৷ নতুন পঘাৰে গৰুবোৰ বন্ধাৰ আগতে চোতাল বিশেষ ঠাইডোখৰ পানীৰে মচি-কাচি এখিলা আগলি কলপাত মাটিত পাৰি তাৰ ওচৰত এজোৰ তামোল-পাণ, মাটিৰ চাকি জ্বলাই পাতৰ ওপৰত পঘাবোৰ ৰাখি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়, যাতে গৰু-ম’হবোৰক মাৰি মৰকে লম্ভিৱ নোৱাৰে ৷ তাৰ পাছত খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হয় ৷ অসমবাসীৰ মাজত ইয়াক ‘জাগ দিয়া’ বুলি কোৱা হয় ৷ বিশ্বাস অনুসৰি অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাগ দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে ৷
অসমীয়া সমাজৰ বহুলোকে গৰু বিহুৰ দিনাই এশ এবিধ শাক একেলগে ৰান্ধি খোৱাৰ পৰম্পৰা বহুদিনধৰি চলি আহিছে ৷ অৱশ্যে অসমৰ বহু ঠাইত সাতবিহুৰ দিনাহে এই প্ৰথা প্ৰচলিত হোৱা দেখা যায় ৷ ইয়াকে ‘সাতশাকী’ বোলে ৷ অৱশ্যে অঞ্চলভেদে এশ এবিধৰ সলনি এশ আঠবিধ শাক খোৱাৰো পৰম্পৰা আছে ৷
লগতে পঢ়ক