বয়স জনিত যিবোৰ সমস্যা আছে তাৰ ভিতৰত এটা হৈছে মুখৰ ফ্ৰেকলচ বা কলা দাগৰ সমস্যা ৷ মহিলাসকলৰ ছালৰ বিভিন্ন সমস্যাৰ ভিতৰত এটা সমস্যা হৈছে ক’লা দাগৰ সমস্যা ৷ বৰ্তমান সময় প্ৰতিগৰাকী লোকৰে কম বেছি পৰিমাণে হোৱা এটা সমস্যা হৈছে ফ্ৰেকলচ বা মুখৰ ক’লা দাগৰ সমস্যা ৷ বয়সজনিত যিবোৰ সমস্যা আছে তাৰ ভিতৰত এটা হৈছে মুখৰ ক’লা দাগৰ সমস্যা ৷ ২৫ বছৰৰ উৰ্দ্ধৰ যিসকল মহিলা আছে তেওঁলোকৰ সাধাৰণতে মুখত সৰু সৰু ক’লা দাগ পৰা পৰিলক্ষিত হয় যাক ফ্ৰেকলচ বুলি কোৱা হয় ৷ প্ৰতি দহগৰাকী মহিলাৰ ভিতৰত পাঁচগৰাকীৰে ক’লা দাগৰ সমস্যা হোৱা দেখা যায় ৷
সাধাৰণতে বহু সময়ত মহিলা সকলে বেছি সময় ৰদত ওলোৱাৰ বাবে , বেছি সময় পাকঘৰত কাম-কাজ কৰাৰ বাবে বা সঠিক পৰিপুষ্টিৰ অভাৱত মুখত কিছুমান বাদমী ধৰণৰ তিলৰ দৰে দাগ পৰা দেখা যায় যিবোৰক ফ্ৰেকলচ বুলি কোৱা হয় ৷ যদি ইয়াৰ সঠিক ভাৱে যত্নলোৱা নহয় তেতিয়া সেইবোৰ বাঢ়ি গৈ pigmentation ৰ সমস্যা হয় ৷ প্ৰতি দহগৰাকী মহিলাৰ ভিতৰত দুগৰাকী মহিলাৰ সাধাৰণতে pigmentationৰ সমস্যা থাকেই ৷ অতি সাধাৰণ ভাৱে ঘৰতে আপুনি এক উপায় অৱলম্বন কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷
কিদৰে মুখৰ পৰা দূৰ কৰিব ক’লা দাগৰ সমস্যা ?
ইয়াৰ বাবে আপোনাক লাগিব বগা সৰিয়হ দুচামুছৰ লগতে মছুৰ ডাইল দুচামুছৰ ৷ এই দুয়োটা সামগ্রী আপুনি গাখীৰত তিয়াই ৰাখিব ৷ অকমান কুমলী যোৱাৰ পাছত ভালদৰে এটা পেষ্ট তৈয়াৰ কৰি লব ৷ তাৰ লগত অকমান কেঁচাহালধীৰ ৰস মিহল কৰিব, লগতে ভিটামিন E ৰ কেপচুল এটাৰ ভিতৰত অংশ দিব ৷ আটাইখিনি সামগ্ৰী ভালদৰে মিহলাই লৈ ১০ মিনিটৰ বাবে মুখত লগাব ৷ তাৰ পাছত কেঁচা গাখীৰৰে তিয়াই লৈ আঙুলিৰে ভালদৰে লাহে লাহে ঘঁহি ঘঁহি চালখন পৰিষ্কাৰ কৰি পেলাব ৷ তাৰ পাছত বেছি পানীৰে মুখখন ধুই মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিব ৷
প্ৰতি সপ্তাহত তিনিদিনকৈ যদি আপোনালোকে এই মিশ্ৰণটো লগাব পাৰে তেনেহলে ফ্ৰেকলচ সমস্যা কমি আহিব লগতে pigmentationৰ সমস্যা একেবাৰে নহয় ৷ লগতে খোৱা-বোৱাৰ ওপৰতো যতন ল'ব লাগে ৷ দৈনিক সুষম আহাৰ গ্ৰহণ কৰিব, তেলত ভজা বেছি খাদ্য নাখাব ৷ কাৰণ এটা বয়সৰ পাছত আমাক কাৰ্ব'হাইড্ৰেট নালাগে ভিটামিন আৰু প্ৰটিনহে প্ৰয়োজন ৷ সেয়ে কাৰ্ব'হাইড্ৰেটৰ মাত্ৰ থকা যিবোৰ সামগ্ৰী ভাত-ৰুটি আদি কমাই খাব ৷ ইয়াৰ সলনি সেউজীয়া শাক-পাচলি, সতেজ ফল-মূল, প্ৰটিনৰ মাত্ৰ বেছি থকা সামগ্রী যেনে- মাছ-মাংস, কণী, পানীৰ, টফু আদি খাব ৷ লগতে গাখীৰ দৈ নিয়মিত ভাৱে গ্ৰহণ কৰিব ৷ লগতে নিয়মিত ভাৱে ব্যয়াম কৰিব ৷ এনেদৰে যদি সদায় আপোনাৰ ছালখনৰ যতন লৈ থাকিব পাৰে তেন্তে আপোনাৰ ছালত কোনো ধৰণৰ সমস্যাই দেখা নিদিব ৷
যিমান পাৰোঁ সিমান আমাৰ ছালখন ৰ'দৰ পৰা বচাই ৰাখিব লাগে ৷অবশ্য ৰাতিপুৱা ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত ৰদটো ছালত লগাব লাগে ৷ কিন্তু পুৱা ৯ বজাৰ পৰা ৩ বজাৰ ভিতৰৰ ৰ'দ খুব বেছি কাঢ়া হয় আৰু কাঢ়া ৰশ্মিৰ যিটো ক্ষতিকৰ প্ৰভাৱ সেইটো যদি ছালত পৰে তেতিয়া এই সমস্যা বাঢ়ি যায় ৷ ৰ'দলৈ ওলোৱাৰ আধা ঘণ্টা আগত ছানস্ক্ৰীণ লগাইহে বাহিৰলে ওলাব লাগে ৷
লগতে পঢ়ক