শালমনৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱাভাৱে কৰক এই উপায়
ফাগুনৰ এই সময়ছোৱাত কেনেদৰে লব আপোনাৰ ছালৰ যতন, এই সময়ছোৱাত শালমনৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব ? এই সন্দৰ্ভত জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই-

Published : March 5, 2025 at 4:39 PM IST
মাৰ্চ মাহটো এনেকুৱা যেতিয়া ক্ৰমান্বয়ে ঠাণ্ডা কমিবলৈ আৰম্ভ কৰে আৰু বতৰ শুকান হ’বলৈ আৰম্ভ কৰে । ফাগুনৰ এই সময়ছোৱাত বতৰ খুব ধূলিয়ৰী হয় ৷ লগতে পছোৱা বতাহ বলা দেখা যায় ৷ যাৰ ফলত আমাৰ ছালখন ৰুক্ষ বা শুকান হোৱা দেখা যায় ৷
বিশেষকৈ যিসকল মহিলা কামৰ সূত্ৰে হওক বাবে অন্যান্য কাৰণতে হওক এই সময়ছোৱাত বাহিৰলৈ যাবলগীয়া হয় তেওঁলোকৰ ছালৰ বিভিন্ন সমস্যা হোৱা দেখা যায় ৷ বিশেষকৈ যি সকলৰ শালমনৰ সমস্যা আছে সেয়া বাঢ়ি যোৱা দেখা যায় ৷ সেয়ে এই সময়ছোৱাত ঘৰতে থাকি এটা সৰু উপায়েৰে এই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে ৷
মুখমণ্ডলত শালমন বা পিম্পল হোৱাটো তেনেই স্বাভাৱিক কথা ৷ সাধাৰণতে শালমনৰ সমস্যাই দেখা দিলেও কেইদিনমানৰ ভিতৰতে সেই সমস্যা নিজে নিজে আঁতৰ হয় ৷ কিন্তু কিছু কিছু লোকৰ ক্ষেত্ৰত মুখত প্ৰায়ে শালমন বা ছালৰ আন আন সমস্যা দেখিবলৈ পোৱা যায় ৷ ছালৰ লগত জড়িত সমস্যাৰ পৰা মুক্তি পাবলৈ মানুহে ঘৰুৱা ঔষধৰ পৰা আৰম্ভ কৰি বহুতো দামী সৌন্দৰ্যবৰ্দ্ধক সামগ্ৰী ব্যৱহাৰ কৰে ৷ ইয়াৰ পিচতো বহু সময়ত এই সমস্যা শেষ নহয় ৷
শালমনৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱাভাৱে আমি কেনেধৰণ উপায় অনুসৰণ কৰিব পাৰো এই বিষয়ে জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই-
এই উপায়টোৰ বাবে আপোনাক লাগিব সতেজ নিমপাত, কেঁচা হলাধী আৰু পদিনা শাক ৷ এই আটাইকেইটা সামগ্রী ভালদৰে পৰিষ্কাৰ পানীৰে ধুই ল'ব ৷ তাৰ পাছত এগিলাচ মান পৰিষ্কাৰ পানীত ভালদৰে উতলাই সিজাই ল'ব ৷ ভালদৰে সিজাই সামগ্ৰীখিনি ঠাণ্ডা হোৱাৰ পাছত এটা স্প্ৰে বটলত ভৰাই ল'ব ৷ এসপ্তাহমান ফ্ৰীজিং কৰিও ৰাখিব পাৰে ৷ তাৰ পাছত দিনটোত যিমানবাৰ সময় পায় ফেচৱাছৰ পাছত এই মিশ্ৰণটো স্প্ৰে কৰি মুখত লগাব পাৰে তেন্তে এই সময়ছোৱাত যিবোৰ সমস্যা হয় শালমনৰ পৰা আৰম্ভ কৰি কলা মুখৰ গুটিলৈ সেই সমূহৰ পৰা পৰিত্ৰাণ পোৱাত হয় হয় ৷ লগতে ছালখন ধুনীয়া হৈ থকাটো সহায় হ'ব ৷
- যদিহে আপোনাৰ মুখত শালমন আছে তেন্তে কৰিব পাৰে এই উপায়
এই উপায়টোৰ বাবে আপোনালোক লাগিব পদিনা শাক আৰু চন্দন ৷ পদিনা শাকখিনি ভালদৰে ধুই পিছি লব লগতে অকনমান চন্দনো পিহি লব ৷ তাৰ পাছত এই দুয়োখিনি সামগ্ৰী ভালদৰে মিহলি কৰি যত যত গুটি ওলাইছে তাত লগাব ৷ এনেদৰে যদি দৈনিক ১০ মিনিট সময় লগাব পাৰে তেন্তে দেখিব লাহে লাহে আপোনাৰ শালমনৰ সমস্যা কৰি গৈছে ৷
- এইসময়ছোৱাত কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে ?
এই সময়ছোৱাত যিমান পাৰে সিমান কমকৈ মছলাযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে ৷ এই সময়ছোৱাত তিতা শাক, তিতা ফুল আদি খাব লাগে ৷ ঔ টেঙাও যথেষ্ট পৰিমাণে উপকাৰী ৷ লগতে সতেজ শাক-পাচলি, ফল- মূল খাব লাগে ৷ লগতে যথেষ্ট পৰিমানে পানী খাব লাগে ৷ ব্যয়াম কৰিব লাগে ৷
ইয়াৰ উপৰিও শালমন দূৰ কৰিবলৈ বিশেষজ্ঞৰ মতে কিছুমান খাদ্য়াভ্যাস সলনি কৰাটোও খুবেই জৰুৰী যেনে-
- অত্যধিক তেলত ভজা খাদ্য খোৱা
সাধাৰণতে বাহিৰত পোৱা স্বাদযুক্ত যিকোনো খাদ্যৰ প্ৰতি আমাৰ প্ৰায় সকলোৰে লোভ থাকে ৷ কিন্তু এনেধৰণৰ খাদ্যৰ ফলত আপোনাৰ শৰীৰত অস্বাস্থ্যকৰ চৰ্বি বৃদ্ধি হোৱাই নহয়, আপুনি ছালৰ গুৰুতৰ সমস্যাৰো বলি হ’ব পাৰে ৷ অধিক ভজা বা তেলীয়া খাদ্য নিয়মিত খালে ছাল অধিক তেলিয়া হৈ পৰে ৷ ইয়াৰ ফলত শালমনকে ধৰি অন্যান্য ছালৰ সমস্যাৰ সৃষ্টি হয় ৷
- অতিমাত্ৰা মিঠা খাদ্য খোৱা
যদি আপুনিও মিঠা খাদ্য খোৱাৰ প্ৰতি অতি আসক্ত বা বহুত মিঠা খাদ্য খায় তেন্তে আপুনি সাৱধান হোৱাটো প্ৰয়োজন ৷ কেক, কুকিজ, মিঠা পানীয়, মিঠাই আদি সেৱন কৰিলে শালমনৰ সমস্যা অধিক হ’ব পাৰে ৷ ইয়াৰ উপৰিও দাঁতৰ সমস্যাৰ লগতে আন স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনাও বৃদ্ধি পায় ৷
- অতি প্ৰচেছড খাদ্য পৰিহাৰ কৰক
আধুনিক জীৱনশৈলীত জাংক ফুডৰ বাহিৰেও চিপচ, ফ্ৰ’জেন ফুড ইত্যাদি অতি প্ৰচেছড খাদ্যৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতা যথেষ্ট বৃদ্ধি পাইছে ৷ ছালৰ সমস্যাকে ধৰি আন স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিবলৈ এই সকলোবোৰ বস্তুৰ ব্যৱহাৰ কম কৰা উচিত ৷
- অত্যধিক দুগ্ধজাত সামগ্ৰী
গাখীৰ আৰু পনিৰৰ দৰে দুগ্ধজাত সামগ্ৰী অতি স্বাস্থ্যকৰ ৷ শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৰে স্বাস্থ্যৰ বাবে এইসমূহ খাদ্য অতি প্ৰয়োজনীয় যদিও ইয়াৰ অত্যধিক ভোজনে ছালত তেল বৃদ্ধি কৰিব পাৰে, যাৰ ফলত শালমন হ’ব পাৰে ৷ সেয়ে পৰাপক্ষত কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰীহে খাব লাগে ৷
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক

