ETV Bharat / lifestyle

চেলিব্ৰিটিসকলৰ এই লুকে আকৰ্ষিত কৰিব আপোনাক, গণেশ চতুৰ্থী উপলক্ষে কোনে কেনেধৰণৰ পোচাক পৰিধান কৰিলে চাওক

ইতিমধ্যে আৰম্ভ হৈছে গণেশ চতুৰ্থী উৎসৱ ৷ সেয়ে এই উৎসৱ উপলক্ষে চেলিব্ৰিটিসকলেও পৰম্পৰাৰ সৈতে আধুনিকতাৰ সংমিশ্ৰণ ঘটাই কিছুমান গোৰ্জিয়াছ লুক ক্ৰিয়েট কৰিছে, চাওক এই লুকসমূহ-

Ganesh Chaturthi 2025: Bollywood Celebrities Set Major Festive Fashion Goals
চেলিব্ৰিটিসকলৰ এই লুকে আকৰ্ষিত কৰিব আপোনাক, গণেশ চতুৰ্থী উপলক্ষে চেলিব্ৰিটিসকলে কেনেধৰণৰ পোচাক পৰিধান কৰি চাওক (Instagram)
author img

By ETV Bharat Lifestyle Team

Published : August 29, 2025 at 1:27 PM IST

4 Min Read
Choose ETV Bharat

বৰ্তমান গণেশ চতুৰ্থীৰ আনন্দত মতলীয়া হৈ পৰিছে দেশবাসী গণেশ চতুৰ্থীৰ পৰাই অন্যান্য উৎসৰ আৰম্ভণিও হয় ৷ যেনে- দুৰ্গা পূজা বা নৱৰাত্ৰি, লক্ষ্মী পূজা, কালী পূজা ইত্যাদি ৷ এইবাৰ ২০২৫ চনৰ ২৭ আগষ্টৰ পৰা ৬ ছেপ্টেম্বৰলৈকে গণেশ চতুৰ্থী উৎসৱ পালন কৰা হ’ব ৷

এইবাৰৰ গণেশ চতুৰ্থী, বলীউড তাৰকাসকলে ফেশ্বনৰ ক্ষেত্ৰত নতুন খোৰাক প্ৰদান কৰিছে । 27 আগষ্টৰ পৰা আৰম্ভ হৈছে গণেশ চতুৰ্থী আৰু এই উপলক্ষে বলীউড চেলিব্ৰিটিসকলেও এই উৎসৱক অতি ধুমধামেৰে উদযাপন কৰিছে ৷ এই উৎসৱত চেলিব্ৰিটিসকলেও পৰম্পৰাৰ সৈতে আধুনিকতাৰ সংমিশ্ৰণ ঘটাই কিছুমান গোৰ্জিয়াছ লুক ক্ৰিয়েট কৰিছে । তেন্তে চাওক চেলিব্ৰিটিসকলৰ এই লুকসমূহ-

জেনেলিয়া দেশমুখ

Ganesh Chaturthi 2025: Bollywood Celebrities Set Major Festive Fashion Goals
জেনেলিয়া দেশমুখ (Instagram)

মাৰাঠী মুলগী সাজ-পোছাক পৰিধান কৰি গণেশ চতুৰ্থীৰ বাবে জেনেলিয়াই এটি সুন্দৰ লুক ক্ৰিয়েট কৰে । তেওঁ গভীৰ আৰু ডাঠ সেউজীয়া আৰু ৰঙা ৰঙৰ বৰ্ডাৰৰ শাৰী পৰিধান কৰে আৰু য’ত জটিল জৰিৰ কাম কৰা হৈছে । পৰম্পৰাগত নাকৰ নাকফুলিটোৱে তেওঁৰ এই পাৰম্পৰিক লুকটিক এটি নতুন মাত্ৰা প্ৰদান পৰে । সোণৰ গহনা আৰু গজৰাৰে সজ্জিত বানৰ সৈতে তেওঁৰ লুকে মাৰাঠী পৰম্পৰাক খুব সুন্দৰভাৱে উপস্থাপন কৰিছে ৷

সোণালী বেন্দ্ৰে

Ganesh Chaturthi 2025: Bollywood Celebrities Set Major Festive Fashion Goals
সোণালী বেন্দ্ৰে (Instagram)

সোণালী বেন্দ্ৰেই গণেশ চতুৰ্থীৰ বাবে বাছি লৈছে এখন ধুনীয়া পেষ্টেল ৰঙৰ শাৰী । ক্ৰীম আৰু হালধীয়া ৰঙৰ আভাস থকা তেওঁৰ গোলাপী ৰঙৰ শাৰীখনে প্ৰমাণ কৰে যে সূক্ষ্ম শ্বেডবোৰেও উৎসৱৰ আভাস প্ৰদান কৰিছে । নূন্যতম মেকআপ আৰু মাৰ্জিত পান্না আৰু মুকুতাৰ গহনাৰে তেওঁ নিখুঁতভাৱে দেখুৱাই দিলে যে সৰল সাজ-সজ্জাইও যে যিকোনো অনুষ্ঠানতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব পাৰে ৷

টুইংকল খান্না

Ganesh Chaturthi 2025: Bollywood Celebrities Set Major Festive Fashion Goals
টুইংকল খান্না (Instagram)

টুইংকল খান্নাই গণেশ চতুৰ্থী উৎসৱৰ বাবে এক সজীৱ ৰূপক আকোৱালি লয় । জটিল সোণৰ ডিজাইনৰ ধুনীয়া গোলাপী ৰঙৰ শাৰী আৰু আকৰ্ষণীয় সোণালী ব্লাউজ তেওঁক পৰিধান কৰা দেখা গৈছে । তেওঁৰ ষ্টাইলিছ সোণৰ কাণফুলি আৰু বানে পোছাকযোৰক সম্পূৰ্ণ কৰিছিল, পৰম্পৰা আৰু আধুনিক শৈলীৰ এক নিখুঁত মিশ্ৰণ সৃষ্টি কৰিছে তেওঁৰ এই লুকে ।

শাৰৱৰী

Ganesh Chaturthi 2025: Bollywood Celebrities Set Major Festive Fashion Goals
শাৰৱৰী (Instagram)

অভিনেত্ৰী শাৰৱৰীয়েও এটি সুন্দৰ লুকৰ সৈতে সকলোকে গণেশ চতুৰ্থীৰ শুভকামনা জ্ঞাপন কৰে ৷ সোণালী বৰ্ডাৰ আৰু জৰীৰ কাম কৰা এখন সেউজীয়া ৰঙৰ শাৰী তেওঁ পৰিধান কৰে ৷ কাণত ষ্টেটমেন্ট কাণফুলি হাতত এজোৰ সুন্দৰ সোণালী ৰঙৰ খাৰুৰে তেওঁ নিজৰ লুকটি সম্পূৰ্ণ কৰিছে ৷

জেকলিন ফাৰ্নাণ্ডেজ

Ganesh Chaturthi 2025: Bollywood Celebrities Set Major Festive Fashion Goals
জেকলিন ফাৰ্নাণ্ডেজ (Instagram)

জেকলিন ফাৰ্নাণ্ডেজে এই বছৰ গণেশ চতুৰ্থী উৎসৱক সম্পূৰ্ণৰূপে উদযাপন কৰিছে । অভিনেত্ৰীগৰাকীয়ে গণেশ চতুৰ্থী উপলক্ষে পৰিধান কৰে এখন জিলিকি থকা গোলাপী-বেঙুনীয়া ৰঙৰ ৰেচমৰ শাৰী যিয়ে তেওঁক এক ক্লাছি লুক প্ৰদান কৰিছে । তেওঁৰ হাতৰ মণিবন্ধত কোনো বেংগল পৰিধান কৰা নাছিল, চুলিখিনি পিছফালে হেয়াৰ বানত বান্ধিছে ।

মৃণাল ঠাকুৰ

Ganesh Chaturthi 2025: Bollywood Celebrities Set Major Festive Fashion Goals
মৃণাল ঠাকুৰ (Instagram)

এটা ধুনীয়া পেষ্টেল ৰঙৰ চুট পিন্ধি বাপ্পাক আদৰি লোৱাৰ সময়ত মৃণাল ঠাকুৰক(Mrunal Thakur) খুবেই সুন্দৰ দেখা গৈছিল । পেষ্টেল ৰঙৰ চুৰিদাৰ, লাইট মেকআপ, এযোৰ সোণালী ঝুমকা আৰু খোলা চুলিৰ সৈতে তেওঁ নিজৰ লুকটি সম্পূৰ্ণ কৰে ৷ তেওঁৰ এই লুক টিয়ে উৎসৱৰ ভাইব প্ৰদান কৰিছে ৷

অনন্য পাণ্ডে

Ganesh Chaturthi 2025: Bollywood Celebrities Set Major Festive Fashion Goals
অনন্য পাণ্ডে (Instagram)

গণেশ চতুৰ্থী উপলক্ষে অনন্যা পাণ্ডেক সাধাৰণ বগা কুৰ্তাৰ সৈতে অত্যন্ত ষ্টাইলিছ আৰু উৎসৱ উদযাপন কৰা দেখা গৈছে । কুৰ্তাৰ সোণালী ডাঠ ডিজাইন আৰু বহল চালৱাৰে তেওঁক এটি সতেজ আৰু মাৰ্জিত লুক দিছে । আনুষংগিক বস্তুৰ পৰা বিৰত থাকি তেওঁ প্ৰমাণ কৰিলে যে এটি সুন্দৰ লুকৰ উপস্থাপন কৰিবৰ বাবে গধুৰ গহনাৰ প্ৰয়োজন নহয় বৰঞ্চ এটি সাধাৰণ আৰু চেটেল লুকৰ দ্বাৰাও আপোনাক সুন্দৰ দেখাবৰ বাবে যথেষ্ট ৷

লগতে পঢ়ক

  1. গণেশ চতুৰ্থী উপলক্ষে আপোনজনলৈ প্ৰেৰণ কৰক এই শুভেচ্ছাবাৰ্তা তথা শ্লোক
  2. সোঁফালে নে বাওঁফালে শুৰ থকা, থিয় নে বহি থকা ? গণেশৰ মূৰ্তি ক্ৰয় কৰাৰ পূৰ্বে জানি লওক এইসমূহ নিয়ম
  3. এই বৰ্ষৰ দেশৰ ৫খন শ্ৰেষ্ঠ গণপতি পূজাস্থলী, য'ত গৈ এবাৰ হ’লেও আপুনি গণপতিৰ দৰ্শন কৰা উচিত