ETV Bharat / lifestyle

কেৱল ছবিজগতেই নহয় ৰেষ্টুৰেন্টৰ ব্যৱসায়তো সফল এইসকল তাৰকা

এনে বহু তাৰকা আছে যিয়ে বলীউডৰ সমান্তৰালকৈ ব্যৱসায়তো দখল অব্যাহত ৰাখিছে বহু তাৰকাই, কেৱল চিনেমাৰ ক্ষেত্ৰতেই নহয় নিজৰ ৰেষ্টুৰেণ্ট তথা কেফেৰ দ্বাৰাও উপাৰ্জন কৰি আহিছে-

From Silver Screen to Fine Dining: Bollywood Celebrities Who Own Restaurants and Cafes
কেৱল ছবিজগতেই নহয় ৰেষ্টুৰেন্টৰ ব্যৱসায়তো সফল এইসকল তাৰকা (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : February 14, 2025 at 5:30 PM IST

5 Min Read
Choose ETV Bharat

মানালী ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি আপোনাৰ বাবে আছে এটা ভাল খবৰ ৷ মানালীলৈ গ’লে এতিয়াৰে পৰা আপুনি খাদ্যৰ সোৱাদ ল’ব পাৰিব বলীউডৰ অন্যতম চৰ্চিত অভিনেত্ৰী, পৰিচালক তথা প্ৰযোজক কংগনা ৰাণাৱটৰ ৰেষ্টুৰেণ্টত ৷ হয়, অভিনেত্ৰীগৰাকীয়ে মানালীত মুকলি কৰিছে এখন অত্যাধুনিক ৰেষ্টুৰেণ্ট ৷ এই ৰেষ্টুৰেণ্টখনৰ নাম ‘দ্য মাউনটেইন ষ্ট’ৰী’ ৷ ছ’চিয়েল মেডিয়াযোগে অভিনেত্ৰীগৰাকীয়ে এই খবৰ ৰাজহুৱা কৰিছে ৷ ভেলেণ্টাইন ডে'ত ৰেষ্টুৰেণ্টখন আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব ৷ 'দ্য মাউণ্টেইন ষ্ট'ৰী'ত অতিথিসকলে বিশ্বৰ বিভিন্ন ঠাইৰ বিখ্যাত খাদ্যৰ জুতি লোৱাৰ লগতে পৰ্বত আৰু উপত্যকাৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব ৷

কেৱল কংগনাই নহয়, বলীউডৰ বহুকেইজন তাৰকাই ৰেষ্টুৰেণ্টৰ জৰিয়তে ব্যৱসায় কৰি ইতিমধ্যে সফল হৈছে ৷ তেওঁলোক কোন আৰু সেই বিখ্যাত ৰেষ্টুৰেণ্টকেইখনৰ নাম কি জানেনে ? বলীউডৰ সমান্তৰালকৈ ব্যৱসায়তো দখল অব্যাহত ৰখা এই তাৰকাকেইজন হৈছে-

  • মালাইকা অৰোৰা

৫০ বছৰতো বয়সৰ চাপ নপৰা মালাইকা অৰোৰাই কেইমাহমান পূৰ্বে তেওঁ নতুন ৰেষ্টুৰেণ্টখন মুকলি কৰে ৷ খুব কম দিনতে জনপ্ৰিয় হৈ পৰা এই ৰেষ্টুৰেণ্টখন বান্দ্ৰাৰ এটা ৯০ বছৰ পুৰণি বাংলোত অৱস্থিত ৷ মলাইকাৰ এই ৰেষ্টুৰেণ্টখনৰ নাম 'স্কাৰ্টলেট হাউছ' ৷

  • ধৰ্মেন্দ্ৰ

চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰৰো আছে এখন খুব ধুনীয়া ধাবা ৷ ধাবাখনৰ লগতে ইয়াৰ নামটোও খুব আকৰ্ষণীয় ৷ হয়, ধৰ্মেন্দ্ৰৰ ধাবাখনৰ নাম 'গৰম-ধৰম ধাবা' ৷ ধাবাখনত কেৱল থলুৱা খাদ্যসম্ভাৰহে উপলব্ধ ৷ ২০১৫ চনত মুকলি কৰা ধাবাখনত তেওঁ ছবিসমূহৰ প’ষ্টাৰ আৰু বিখ্যাত সংলাপেৰে সজোৱা হৈছে ৷

  • সুনীল ছেট্টী

বলীউডত সুনাম অৰ্জন কৰাৰ পিছত সুনীল ছেট্টীয়ে খাদ্য ব্যৱসায় আৰম্ভ কৰে ৷ অভিনেতাজনৰ ক্লাবটোৰ নাম 'এইছটুঅ- দ্য লিকুইড লাউঞ্জ' ৷ ২০০০ চনত মুকলি কৰা এই বিলাসী ক্লাবটো ইয়াৰ 'ভাইব' আৰু 'এম্বিয়েঞ্চ'ৰ বাবে সকলোৰে পছন্দ ৷

  • অৰ্জুন ৰামপাল

ব্যতিক্ৰমী ব্যক্তিত্ব তথা সুদৰ্শন চেহেৰাৰ বাবে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰা অভিনেতা অৰ্জুন ৰামপালে ২০০৯ চনত খাদ্য তথা আতিথ্য ব্যৱসায়ত প্ৰৱেশ কৰি 'এলএপি' নামৰ এখন বিলাসী নাইটক্লাব মুকলি কৰিছিল ৷ এই লাউঞ্জৰ ভিতৰভাগ আৰু আচবাব অতি বিশেষ আৰু আকৰ্ষণীয়, যি ডিজাইন কৰিছে বলীউডৰ 'কিং’ শ্বাহৰুখ খানৰ পত্নী তথা আগশাৰীৰ ইণ্টেৰিয়'ৰ ডিজাইনাৰ গৌৰী খানে ৷

  • আশা ভোঁচলে

এক অনন্য যাদুকৰী কণ্ঠৰ অধিকাৰী আশা ভোছলেও এখন বিলাসী ৰেষ্টুৰেণ্টৰ গৰাকী ৷ চিৰসেউজ গায়িকাগৰাকীয়ে ২০০২ চনত ডুবাইত 'আশা' নামৰ এখন ৰেষ্টুৰেণ্ট মুকলি কৰিছিল ৷এই ৰেষ্টুৰেণ্টখনে বিদেশত বাস কৰা লোকসকলক ভাৰতীয় মচলা আৰু ৰন্ধন প্ৰণালীৰ জুতি দিয়ে ৷ ডুবাইৰ উপৰিও এই ৰেষ্টুৰেণ্টখনৰ শাখা কুৱেইট আৰু বাৰ্মিংহামতো খোলা হৈছে ৷ ডুবাইত থকা আশা ভোছলেৰ ৰেষ্টুৰেণ্টখনে ২০১৬ চনত ৰেষ্টুৰেণ্ট অফ দা ইয়েৰ (ভাৰত) মধ্য প্ৰাচ্য হস্পিটালিটি এক্সেলেন্স বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷

  • শিল্পা ছেট্টী

শিল্পা ছেট্টী হৈছে মুম্বাইৰ 'বাস্তিয়ান' চেইন ৰেষ্টুৰেণ্টৰ সহ-গৰাকী ৷ ২০১৯ চনত শিল্পাই এই ৰেষ্টুৰেণ্টখনৰ ৫০ শতাংশ অংশীদাৰিত্ব লৈছিল ৷ এই ৰেষ্টুৰেণ্টখন কেৱল সাধাৰণ ৰাইজৰ বাবেই নহয় বলীউডৰ তাৰকাসকলৰো অন্যতম পছন্দ ৷ সম্পূৰ্ণ ৰাজকীয় ৰূপ দি ৮000 বৰ্গফুটতকৈও অধিক ঠাইত এই ৰেষ্টুৰেণ্টখন নিৰ্মাণ কৰা হৈছে ৷

  • জুহি চাওলা

প্ৰায় প্ৰতিগৰাকী দৰ্শকৰে প্ৰিয় অভিনেত্ৰী জুহি চাওলাও ৰেষ্টুৰেণ্টৰ গৰাকী ৷ স্বামী জয় মেহতাৰ সৈতে লগ লাগি তেওঁ সকলোৰে বাবে মুকলি কৰা ৰেষ্টুৰেণ্টখনৰ নাম হৈছে 'ৰু ডু লিবান', যি যথেষ্ট বিলাসী ৷ ৩২০০ বৰ্গফুটত নিৰ্মিত এই ৰেষ্টুৰেণ্টখন বহুতো সৃষ্টিশীল বস্তুৰে সজোৱা হৈছে ৷

  • চাংকী পাণ্ডে

চাংকী পাণ্ডেৰ 'দ্য এলব' ৰুম' নামৰ ইটালিয়ান খাদ্যৰ ৰেষ্টুৰেণ্টখন বলীউডৰ তাৰকাসকলৰ বাবে সময় কটোৱাৰ এক অন্যতম প্ৰিয় স্থান ৷ এই ৰেষ্টুৰেণ্টখনৰ 'লাইভ' সংগীত আৰু 'বাৰবিকিউ' সকলোৰে পছন্দ ৷

  • জেকলিন ফাৰ্নাণ্ডেজ

সুন্দৰী অভিনেত্ৰী জেক্যুলিন ফাৰ্ণাণ্ডেজ দুখন ৰেষ্টুৰেণ্টৰ গৰাকী ৷ ইয়াৰে এখন শ্ৰীলংকাৰ ৰাজধানী কলম্বো আৰু আনখন মুম্বাইত অৱস্থিত ৷ কলম্বোৰ ৰেষ্টুৰেণ্টখনৰ নাম 'কামা সূত্ৰ', যি হৈছে পঞ্চতাৰকা হোটেল ৷ এই ৰেষ্টুৰেণ্টখন তেওঁ ২০১৭চনত আৰু ২০১৮ চনত মুম্বাইত 'পালি থালি' নামৰ এখন থাই ৰেষ্টুৰেণ্ট খুলিছিল ৷ সম্প্ৰতি জেক্যুলিনৰ মুম্বাইৰ ৰেষ্টুৰেণ্টখন বন্ধ হৈ আছে ৷

  • কৰণ জোহৰ

জনপ্ৰিয় ছবি নিৰ্মাতা কৰণ জোহৰৰ ৰেষ্টুৰেণ্টখনৰ নাম 'ন্যুমা' ৷ মুম্বাইস্থিত এই ৰেষ্টুৰেণ্টখনৰ আভ্যন্তৰীণ ডিজাইনা কৰিছে আশীষ শ্বাহে ৷ খুব ব্যতিক্ৰমীভাৱে নিৰ্মাণ কৰা এই ৰেষ্টুৰেণ্টখনে সকলোকে বিশেষভাৱে আকৰ্ষণ কৰে ৷

  • ববি দেওল

পিতৃৰ দৰেই ববি দেওলো এখন ৰেষ্টুৰেণ্টৰ মালিক আৰু তেওঁৰ ৰেষ্টুৰেণ্টৰ নাম হৈছে ‘চমপ্লেচ এলছ’, যি মুম্বাইৰ আন্ধেৰীত অৱস্থিত আৰু জনাই দিও যে এই ৰেষ্টুৰেণ্টত ভাৰতীয়ৰ লগতে চীনা খাদ্যও পৰিবেশন কৰা হয় ।

লগতে পঢ়ক

  1. এই বৰ্ষৰ আটাইতকৈ চৰ্চিত নামসমূহ...ক্ৰিকেটাৰৰ পৰা চেলিব্ৰিটিলৈকে নিজৰ সন্তানক দিছিল এই নাম
  2. ছবিজগতৰ দম্পতীৰ মাত্ৰাধিক বিবাহ বিচ্ছেদ কিয় হয় ?
  3. আয়ুষ্মান খুৰানাৰ পত্নী তাহিৰা কাশ্যপে দৈনিক গ্ৰহণ কৰা এইবিধ চাহৰ আছে অনেক উপকাৰিতা