বিবাহত আহিছে নেকি কোনো বাধা ? তেন্তে কৰক এই উপায়
বিবাহৰ সৈতে জড়িত বিভিন্ন বাধা দূৰ কৰিবলৈ আমি কি কৰা উচিত এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই-

Published : June 18, 2025 at 1:51 PM IST
আজিকালি পলমকৈ বিয়া হোৱাৰ ট্ৰেণ্ড খুবেই জনপ্ৰিয় হোৱা দেখা গৈছে কিন্তু যদি কোনো পৰিকল্পনা নাথাকে তেন্তে বিয়া হোৱাত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত জ্যোতিষশাস্ত্ৰত সোনকালে বিবাহ হোৱাৰ বাবে কিছু প্ৰতিকাৰৰ কথা উল্লেখ কৰা হৈছে, এই প্ৰতিকাৰবোৰ অনুসৰণ কৰি বিবাহৰ বাবে শুভ যোগ সৃষ্টি হয় আৰু অতি সোনকালে ঘৰত বিবাহৰ সংগীত বাজিবলৈ আৰম্ভ কৰিব । বহু সময়ত এনেকুৱা হয় যে সম্পৰ্ক আহি আছে কিন্তু কামবোৰ ঠিক হৈ থকা নাই, এনে পৰিস্থিতিত এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ জ্যোতিষশাস্ত্ৰত কিছুমান বিশেষ ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে ৷
যদি আপোনাৰ বা আপোনাৰ পৰিয়াল কোনো সদস্যৰ বিয়াৰ ক্ষেত্ৰত কিবা বাধাৰ সন্মুখীন হৈ আছে বা বিয়াৰ বাবে পাত্ৰ/ পাত্ৰী বিচাৰি পোৱা নাই তেন্তে কেইটামান ঘৰুৱা প্ৰতিকাৰ অনুসৰণ কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ যদি বিবাহৰ বাবে উপযুক্ত বয়স হৈছে যদিও পাত্ৰ/ পাত্ৰী বিচাৰি পোৱা নাই তেন্তে এই সমস্যা কেনেদৰে কৰিব পাৰি এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই আজি এই সন্দৰ্ভত তেওঁৰ পৰাই ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক-
বিবাহৰ বাধা দূৰ কৰিবলৈ কৰিব পাৰে এই প্ৰতিকাৰ
১) যিসকলৰ বিবাহৰ ক্ষেত্ৰত কিবা বাধা পাই আছে বা কুণ্ডলীত বিবাহৰ ক্ষেত্ৰত কিবা বাধা আছে তেওঁলোকে গা ধোৱা পানীত এফুট হালধি বা কেঁচা হালধিৰ ৰস ব্যৱহাৰ কৰিব পাৰে ৷ এনেদৰে দৈনিক গা ধোৱা পানীত ব্যৱহাৰ কৰিব পাৰিলে খুব বেছি ভালফল লাভ কৰিব ৷ যিকোনো এটা বৃহস্পতিবাৰৰ পৰা এই কাম আৰম্ভ কৰিব ৷
২) পুৰুষৰ ক্ষেত্ৰত যদি পাত্ৰী বিচাৰি থকাৰ পাছত নাই পোৱা তেওঁলোকে গণেশ দেৱতাক পূজা কৰিব পাৰে ৷ আনহাতে ছোৱালীসকলে সোমবাৰে শিৱৰ ব্ৰত কৰিব পাৰে ৷ ১৬ টা শিৱৰ ব্ৰত সংকল্প লৈ কৰিব পাৰে ৷
৩) বৃহস্পতিবাৰে ৫ টা বুন্দিয়াৰ লাড়ু বিষ্ণু আৰু লক্ষ্মী একেলগে থকা মন্দিৰত অৰ্পণ কৰিব ৷ একেৰাহে যদি ১৬ টা বৃহস্পতিবাৰে অপৰ্ণ কৰিব পাৰে বিবাহৰ বাধা দূৰ হ’ব ৷
৪) কুমাৰী কন্যাক মিঠাই আৰু প্ৰসাধনৰ সামগ্রী দান কৰিব পাৰে ৷ বিশেষকৈ নৱৰাত্রী পূজাৰ সময়ত কৰিব পাৰিলে আৰু বেছি লাভকাৰী বুলি কোৱা হয় ৷
৫) বৃহস্পতিবাৰে নিমখ নিদিয়া খাদ্য গ্ৰহণ কৰিব পাৰিলেও বিবাহৰ বাধা দূৰ হব ৷ ১৬ টা বৃহস্পতিবাৰে নিমখ নিদিয়া খাদ্য গ্ৰহণ কৰাৰ লগতে "ঔমঃ ব্ৰাম বৃহস্পতায় নমঃ" এই মন্ত্ৰফাঁকি বিষ্ণুৰ মূৰ্তিৰ সন্মুখত উচ্চাৰণ কৰিলেও বিবাহৰ বাধা বহুক্ষেত্ৰত দূৰ হয় ৷
৬) বৃহস্পতিবাৰে হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিও আমি বহুক্ষেত্ৰত বিবাহৰ বাধা দূৰ কৰিব পাৰো ৷
৭) শিৱলিংগত ৯ টা বৃহস্পতিবাৰে গাখীৰ ঢালিব আৰু গাখীৰ ঢলাৰ পাছত শিৱলিংগৰ কাষত বহি ১০৮ বাৰ ঔমঃ প্ৰজাপতেই নমঃ মন্ত্ৰ জপ কৰিব ৷ এয়া কৰিলেও
বিবাহৰ বাধা বহুক্ষেত্ৰত দূৰ হয় ৷
৮) যিসকল বিবাহৰ উপযুক্ত পাত্ৰ বা পাত্ৰী আছে তেওঁলোকে তাত ব্যৱহাৰ হোৱা মেহেন্দি অকনমান আনি ব্যৱহাৰ কৰিব লাগে ৷
লগতে পঢ়ক

