ETV Bharat / lifestyle

চুলিৰ উফিৰ সমস্যা-অকালপক্কতা ৰোধৰ বাবে কৰক এই উপায়

চুলি সৰা সমস্যা, উফিৰ সমস্যা, অকালপক্কতা ৰোধৰ বাবে ঘৰুৱাভাৱে কি কৰিব পৰা যায় ? এই সন্দৰ্ভত জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই-

Mala mahanta
চুলিৰ উফিৰ সমস্যা-অকালপক্কতা ৰোধৰ বাবে কৰক এই উপায় (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : January 24, 2025 at 12:55 PM IST

3 Min Read
Choose ETV Bharat

Hair care for women: বৰ্তমান সময়ছোৱাত চুলি পকা বা অকালপক্কতা অন্যতম এটা গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰিছে ৷ বহু কম বয়সৰ ল’ৰা-ছোৱালীয়ে এই সমস্যাত ভোগা দেখা যায় ৷ কম বয়সতে চুলি পকাটো জেন-জি আৰু মিলেনিয়ামৰ বাবে তেনেই এক সাধাৰণ সমস্যা হৈ পৰিছে । বয়স বৃদ্ধিৰ লক্ষণ বুলি গণ্য কৰা Premature Greying আজিকালি এটা সাধাৰণ সমস্যাত পৰিণত হৈছে ৷

সমান্তৰালভাৱে বহুলোক চুলি সৰা সমস্যা, চুলিৰ উফিৰ আদিৰ সমস্যাটো ভোগা দেখা যায় ৷ আজিকালি প্ৰদূষণ বা সময়ৰ অভাৱত, চুলিৰ সঠিক যত্ন ল’বলৈ সময় নোপোৱাৰ বাবে বা বিভিন্ন নতুন চুলিৰ ষ্টাইল আৰু চুলিৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে মানুহে উফিৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় সাধাৰণতে মানুহে সকাহ পাবলৈ উফিৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সঠিক তথ্য নোহোৱাকৈ মানুহে বিজ্ঞাপন চাই যিকোনো সামগ্ৰী নিজৰ চুলিত প্ৰয়োগ কৰে যাৰ ফলত উফিৰ সমস্যা বৃদ্ধি হোৱাই নহয় চুলিও সৰিবলৈ আৰম্ভ কৰে । যদিহে আপুনিও এই সমস্যাত ভুগি আছে তেন্তে ঘৰুৱাভাৱে এটা সৰু উপায়ৰে আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ তাৰ বাবে আপোনাক প্ৰয়োজন হ’ব-

সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্ত (ETV Bharat)
  • ১০ টা মান আমলখি (আমলখি কেইটাৰ বীজটো ভালদৰে আঁতৰাই ল'ব)
  • এমুঠি জেতুকা পাতৰ পেষ্ট
  • এমুঠি ব্ৰাহ্মী শাকৰ পেষ্ট
  • এমুঠি নৰসিংহৰ পেষ্ট

এই গোটেই কেইবিধ সামগ্ৰী ভালদৰে মিহলাই এটা পেষ্ট তৈয়াৰ কৰি ল'ব ৷ তাৰ পাছত সেই পেষ্টটো আপোনাৰ চুলিকোছাৰ গুৰিৰ পৰা আগলৈ ভালদৰে লগাব ৷ পেষ্টটো লগোৱা হোৱাৰ পাছত তেনেদৰে ৩০ মিনিট সময় ৰাখিব, অৱশ্যে ৰঙটো যদি বেছি গাঢ় হোৱাটো বিচাৰে তেন্তে ৪৫ মিনিট মান সময় ৰাখিব ৷ তাৰ পাছত অকমান বেছি পানীৰে ভালদৰে চুলিকোচা ধুই পেলাব ৷ এনেদৰে যদি সপ্তাহত এদিনকৈ লগায় তেন্তে আপোনাৰ চুলি সৰা সমস্যা, উফিৰ সমস্যা কমিব লগতে অকালপক্কতা ৰোধ হ'ব ৷

উল্লেখযোগ্য যে, আমলখিত যথেষ্ট পৰিমাণে ভিটামিন "C" থাকে ৷ যিয়ে আমাৰ চুলি কোচাৰ উফিৰ সমস্যা নাইকিয়া কৰাৰ লগতে চুলি গজাঁত সহায় কৰে ৷ আনহাতে ব্ৰাহ্মী শাকে চুলি সৰা বন্ধ কৰাৰ এটা নিজস্ব গুণ আছে, লগতে নৰসিংহৰ পাতে চুলিৰ অকালপক্কতা ৰোধ কৰাৰ গুণ থাকে আৰু জেতুকা পাতত থকা ৰঙে চুলিকোচা ৰঙচুৱা কৰাত সহায় কৰে ৷

এই গোটেইকেইটা সামগ্ৰী একেলগে লগোৱাৰ ফলত আপোনাৰ চুলিকোচাই এটি নতুন জীৱন লাভ কৰাই নহয় আপোনাৰ চুলিৰ সৈতে জড়িত এইসমূহ সমস্যা ৰোধ হোৱাতো লাভদায়ক হ'ব ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. শীতকালত ছালৰ ৰুক্ষ ভাৱ দূৰ কৰিবলৈ অনুসৰণ কৰিব পাৰে মালা মহন্তই দিয়া এই উপায়
  2. বয়সৰ চাপ কমাবলৈ বন্ধাকবিৰে এনেদৰে লওক ছালৰ যতন
  3. মেক আপ কৰাৰ পূৰ্বে তেলেতীয়া ছালৰ লোকসকলে কৰক এই কাম