বৰ্তমান কিহক লৈ ব্যস্ত জয় বৰুৱা, তেওঁৰ আগন্তুক প্ৰজেক্ট কি ! বিশেষ সাক্ষাৎকাৰত জনালে সংগীত শিল্পীগৰাকীয়ে
ইটিভি ভাৰতৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত জনপ্ৰিয় সংগীত শিল্পী জয় বৰুৱাই নিজৰ সংগীত যাত্ৰা তথা তেওঁৰ দৈনন্দিন জীৱন সন্দৰ্ভত কি ক’লে জানো আহক-

Published : March 23, 2025 at 7:23 AM IST
- লেখিকা: দীপশিখা তালুকদাৰ
নিজস্ব স্বকীয়তাৰে অসমৰ লগতে মুম্বাইতো জনপ্ৰিয়তা অৰ্জন কৰা এজন শিল্পী হ’ল জয় বৰুৱা (Joi Barua)। সস্তীয়া জনপ্ৰিয়তাৰ বিপৰীতে প্ৰকৃত শিল্পী সুলভ মনোবৃত্তিৰে সংগীতৰ সাধনা কৰা জয় বৰুৱাক এতিয়া কোনেনো চিনি নাপায় ৷ বৰ্তমান তেওঁ এগৰাকী প্ৰতিষ্ঠিত সংগীত শিল্পী ৷ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো নিজৰ সংগীতৰ যাত্ৰা অব্যাহত ৰাখিছে শিল্পীগৰাকীয়ে ৷ অসমীয়া ভাষাৰ সমান্তৰালকৈ হিন্দী আৰু তেলুগু ভাষাতো গীত পৰিৱেশন কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ তেওঁ সক্ষম হৈছে ৷
ইটিভি ভাৰতৰ সৈতে হোৱা এটি সাক্ষাৎকাৰত জনপ্ৰিয় সংগীত শিল্পী জয় বৰুৱাই নিজৰ সংগীত যাত্ৰা তথা তেওঁৰ দৈনন্দিন জীৱন সন্দৰ্ভত কি ক’লে জানো আহক-
- Global top 50 আপোনাৰ গীত অ’ মেৰী লেলাই স্থান লাভ কৰিবলৈ সক্ষম হৈছে তাৰ বাবে অভিনন্দন ৷ কেনেকুৱা আছিল এই যাত্ৰা ?
তেওঁ কয় যে তেওঁ সংগীত ভাল পায় আৰু সংগীতৰ সৈতে যি সম্পৰ্ক সেয়া বহু পুৰণি ৷ সৰুৰে পৰা জয়ন্ত হাজৰিকা ভূপেন হাজৰিকা, ইন্টাৰনেশ্যনেল গীত দ্য বিটলছৰ জন লেনন, পল মেককাৰ্থনীৰ গীত শুনি তেওঁলোকৰ গীতক আয়ত্ত কৰাৰ তেওঁ চেষ্টা কৰিছিল ৷ ইয়াৰ পৰাই অভিজ্ঞতা লৈ কিদৰে সংগীত ৰচনা কৰিব লাগে তেওঁ শিকিবলৈ চেষ্টা কৰিছিল আৰু ইয়াৰ পৰাই তেওঁ অভিজ্ঞতা লৈ অনেক গীত ৰচনা কৰিবলৈ সক্ষম হৈছিল বুলি জানিবলৈ দিয়ে ৷
- যোৰহাটৰ পৰা মুম্বাই আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আপুনি এতিয়া সংগীত চৰ্চা অব্যাহত ৰাখিছে এই সন্দৰ্ভত আপোনাৰ অভিজ্ঞতা কেনেকুৱা আছিল ?
“কেতিয়াও ভবা নাছিলো এনেকুৱা হ’ব বুলি ৷ সংগীত ভাল লাগিছিল আৰু মই কৰি গৈছিলো আৰু লাহে লাহে বিভিন্ন সুযোগ লাভ কৰিলো কোনো উচ্চাকাংক্ষা নাছিল ৷" তেওঁ লগতে কয়, “অসমৰ পৰা মুম্বাইলৈ গ’লো নিজৰ কাম কৰিবলৈ মন গ’ল নিজৰ গান সৃষ্টি কৰিলো অসমৰ পৰা মুম্বাইলৈ জুবিন গাৰ্গে লৈ আহিলে ৷ কেতিয়াবা ভাবিলে আচৰিত অনুভৱ হয় সংগীত ভাল পাইছিলো আৰু যিটো কৰিব লাগে সেইটো কৰিব লাগে বুলি মনত এটি দৃঢ় ভাব আছিল ৷” এনেদৰে নিজৰ সংগীত যাত্ৰা অব্যাহত ৰখাৰ কথা তেওঁ জানিবলৈ দিয়ে ৷ "অসমৰ বিপ্লৱী নেতা গজিৰাম ৰাভাৰ ওপৰত “ৰাভা” বুলি এটি গীত সৃষ্টি কৰিলো যিটো খুবেই বিশেষ আছিল ৷" তেওঁ কয় ৷
- 2021 আপুনি এখন এনিমেচন ছবিত ''New World Order''ৰ বাবে Best Soundtrackৰ খিতাপ লাভ কৰিছিল ৷ এই গীত পৰিচালনা কৰা তথা ডাঃ চুজান লিমৰ সৈতে collaborationৰ এই অভিজ্ঞতা আপোনাৰ বাবে কেনেকুৱা আছিল ?
অসমৰ বিপ্লৱী নেতা গজিৰাম ৰাভাৰ ওপৰত “ৰাভা” বুলি এটি গীতটো যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিচতে বিশ্ব বিখ্যাত বিজ্ঞানী তথা চাৰ্জন চুজান লিমৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিলো ৷
- সংগীতৰ সৈতে আপুনি কেনেকৈ জড়িত হৈ পৰিছিল ? সংগীত চৰ্চা কৰাৰ কথা প্ৰথমে কেতিয়া আপোনাৰ মনলৈ আহিছিল ?
“ঘৰত সংগীতৰ এটি পৰিবেশ আছিল, কিন্তু সংগীত চৰ্চা কৰাৰ তেনে বিশেষ সুবিধা লাভ কৰা নাছিলো ৷ লুকাই চুৰ কৰি সংগীত সাধনা কৰিছিলো ৷ সম্বন্ধীয় ভাতৃ পিকুৰ সৈতে গীত গাইছিলো কিন্তু কোনেও গ্ৰহণ কৰা নাছিল ৷ সংগীত ভাল পাইছিলো সংগীতৰ সৈতে জড়িত হৈ থকাৰ চেষ্টা কৰিছিলো কিন্তু সেইবোৰ তেতিয়া বাস্তবায়িত হৈ উঠা নাছিল ৷ তথাপিও সংগীতৰ প্ৰতি থকা প্ৰেমৰ বাবে বৰ্তমান এই যাত্ৰা অব্যাহত ৰাখিছো ৷”
- বৰ্তমান সময়ত যিসকল সংগীত শিল্পী আছে যেনে শংকুৰাজ বা অনুৰাগ শইকীয়া হওক আপুনি কি ভাৱে যে ড৹ ভূপেন হাজৰিকা বা জয়ন্ত হাজৰিকাৰ সময়ৰ পৰা বৰ্তমান সংগীতত যি পৰিৱৰ্তন হৈছে এই পৰিবৰ্তন কেনেকুৱা ?
“পৰিৱৰ্তন থাকিবই আৰু আমি যদি 20 বছৰ আগলৈ ঘূৰি যাওঁ তেতিয়া গীতবোৰ বেলেগ আছিল আৰু অসমত নিজৰ চিন্তাধাৰাক লৈ কবিতা বুৰঞ্জী আদিক লৈ লিখা এনে বহু উদাহৰণ সেয়ে আমি অসমীয়াসকল খুবেই সৌভাগ্যৱান যে আমি বলীউডৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱা নাই ৷ আমি অসমীয়াই নিজৰ চিন্তাধাৰাক লৈ আগবাঢ়ি যাব পাৰো আৰু জয়ন্ত হাজৰিকা আৰু ড৹ ভূপেন হাজৰিকাই সেই উদাহৰণ আমাক দি থৈ গৈছে ইয়াৰ পৰা শিক্ষা লৈ আমি আগবাঢ়িব লাগে ৷” তেওঁ লগতে কয়- নিজৰ সুৰ, কথা আৰু আমাৰ চিন্তাধাৰা কি ইয়াক লৈ আমি চৰ্চা কৰাটো বা দায়িত্ববোধ হোৱাটো দৰকাৰ ৷”
- ভৱিষ্যতে আপুনি সংগীত জগতত কেনেকুৱা পৰিৱৰ্তন বিচাৰে ? আপুনি ভৱিষ্যতে সংগীত জগতখনৰ বাবে আৰু কি কি কাম কৰিব বিচাৰে ?
“মোৰ কোনো বিশেষ পৰিকল্পনা নাই ৷ এতিয়ালৈকে বহু বেলেগ বা পৃথক কৰিলো ৷ মই নিজৰ জন্মভূমি, মোৰ পিতৃ-মাতৃৰ বাবে যদি কিবা এটা কৰি থৈ যাব পাৰো সেই বিষয়ে ভাবো ৷ ড৹ ভূপেন হাজৰিকাৰ যি সৃষ্টি উদাহৰণস্বৰূপে- মানুহে মানুহৰ বাবে, আমি অসমীয়া নহও দুখীয়া সেই গীতসমূহৰ পৰা অনুপ্ৰেৰণা লৈ মই কেনেকৈ আগবাঢ়ি যাম আৰু অসমৰ বাবে ভবিষ্যতে আৰু মই কি কৰিব পাৰো ৷ আনৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ মই নিজাববীয়াকৈ কিদৰে নিজৰ চিন্তাধাৰাসমূহ আগুৱাই লৈ যাব পাৰো সেই বিষয়ে চিন্তা কৰো ৷”
- অসমীয়া আৰু ৰচনা কৰিম বুলি ভাবিছেনে নে ৰাষ্ট্ৰীয় ক্ষেত্ৰখনতে আপুনি সংগীত চৰ্চা কৰাৰ কথা ভাবিছে ?
তেওঁ কয় যে, নতুনকৈ তেওঁ অসমীয়া গীতৰ ফিউজনকলৈ ব্যস্ত “আই অ’ আই” বুলি এটি গীতৰ ওপৰত কাম অব্যাহত ৰাখিছে ৷ মাজতে বহু সময় বিৰতি লৈছিলো যদিও অসমীয়া গীতৰ ওপৰত চৰ্চা অব্যাহত ৰাখিছো ৷ তেওঁ কয়, অসমীয়া গীত মোৰ প্ৰথম প্ৰেম গতিকে এই ক্ষেত্ৰত কাম কৰিব বিচাৰো ৷”
- এগৰাকী সংগীত শিল্পী হিচাপে আপোনাৰ দৈনন্দিন জীৱন খুবেই ব্যস্ততাৰে ভৰা হয় ৷ কেতিয়াবা ভাগৰিও পৰে, এনে ক্ষেত্ৰত সেই এনাৰ্জী আপুনি কিহৰ পৰা লাভ কৰে ?
“মানুহৰ জীৱন এটাই ৷ কষ্ট কৰিব লাগিব, জিৰণি ল’বলৈ বহু সময় আছে ৷ মই ভাবো যে মোৰ হাতত এদিনেই আছে আৰু এইটো কথা ভাবিয়েই সকলো কাম কৰো ৷”
- আপোনাৰ অভিজ্ঞতা অনুসৰি, নতুন প্ৰজন্মৰ যিসকল উঠি অহা কণ্ঠশিল্পী বা সংগীতশিল্পী আছে বহুতে মহানগৰী মুম্বাইত গৈ নিজৰ সংগীত যাত্ৰা আগবঢ়াই লৈ যোৱাৰ সপোন দেখে ৷ এনে ক্ষেত্ৰত এই যাত্ৰা কিমান কষ্টকৰ হয় বা কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় ?
“মোৰ বাবে প্ৰত্যাহ্বান এটাই আছিল, মই কেতিয়াও বলীউডৰ গীত শুনা নাছিলো ৷ অসমীয়া গীত, ৰ’ক গীত শুনিছিলো, ভাষাৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো ৷” তেওঁ লগতে কয়, মই ভাবো মুম্বাইয়ে সদায় নতুন লোকক আদৰি লয় ৷ মুম্বাইৰ ব্যস্ততাপূৰ্ণ জীৱনৰ কথা যদি কোনোৱে বুজি পায় বা সেই পৰিবেশৰ সৈতে খাপ খাবলৈ এবাৰ যদি কোনোবাই শিকি যায় তেওঁৰ বাবে কোনো প্ৰত্যাহ্বান নাথাকে ৷ কিছু সময় লাগিব যদিও আপুনি সুযোগ লাভ কৰিব আৰু নিজৰ ওপৰত যদি বিশ্বাস থাকে বা দৃঢ় হৈ থাকে তেন্তে সেয়া তেওঁৰ বাবে কঠিন নহয় ৷”
- জয়: লুকিং আউট দা উইণ্ডোৰ গীতবোৰৰ পিচত ভৱিষ্যতে আৰু তেনেকুৱা গীত দৰ্শকে শুনিবলৈ পাবনে ?
“হয় নিশ্চয়…মই ইয়াৰ দ্বিতীয় এলবামৰ কথা ভাবিছো ৷ সকলোকে জনাবলৈ পাই মই সুখী যে ইয়াৰ দ্বিতীয় সংস্কৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ৷
- দৈনন্দিন জীৱনত আপুনি কেনেদৰে নিজকে চলাই লৈ যায় ? আপুনি কেনেধৰণৰ খাদ্য খাই ভাল পায় ?
“মই খুব সাধাৰণ খাদ্য খাই ভাল পাও..৷ কিন্তু বিভিন্ন ঠাইত গ’লে সেই ঠাইৰ খাদ্যও খাও ৷ কিন্তু অসমীয়া খাদ্য উত্তৰ-পূবৰ খাই ভাল পাও, মই খুব বেছি ভজা-পোৰা খাদ্য খাই ভাল নাপাও ৷”
উপসংহাৰ
জনাই দিও যে, অমিত ত্ৰিবেদী, প্ৰিতম, অনু মালিক, আশিতোশ পাঠক, ৰাম সম্পত, শংকৰ-এহচান-লয়, চেলিম-চুলেমান, বিশাল-শেখৰ, ললিত পণ্ডিত আদি জনপ্ৰিয় সংগীত পৰিচালকৰ লগত কাম কৰা জয় বৰুৱাই ‘কালভাৰ কিং’ নামৰ তেলুগু ভাষাৰ ছবিত নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰিছে ।
বৰ্তমান মুম্বাই নিবাসী জয় বৰুৱা অসমীয়া সংগীতজগতৰ এজন প্ৰতিভাৱান শিল্পী। সস্তীয়া জনপ্ৰিয়তাৰ বিপৰীতে প্ৰকৃত শিল্পী সত্ত্বাৰে সংগীত চৰ্চাত মনোনিবেশ কৰা জয় বৰুৱা (Joi Barua)ৰ ব্যক্তিত্ব আদৰণীয় তথা অনুকৰণীয় ।
লগতে পঢ়ক

