নিজকে সু-স্বাস্থ্যৱান কৰি ৰাখিবলৈ কি কৰে অভিনেতা কপিল বৰাই ?
কেনেদৰে নিজৰ স্বাস্থ্যৰ যতন লয় অভিনেতা কপিল বৰাই, অভিনেতাগৰাকীৰ প্রিয় খাদ্য কি ? বিশেষ আছুতীয়া বাৰ্তালাপাত দৈনিক ৰুটিন তথা প্ৰিয় খাদ্য সন্দৰ্ভত কি ক’লে অভিনেতাগৰাকীয়ে-

Published : March 24, 2025 at 4:32 PM IST
অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা, মঞ্চ শিল্পী আৰু আকাশবাণীৰ ভাষ্য শিল্পী হৈছে কপিল বৰা ৷ কপিল বৰা সকলোৰে বাবে এখনি চিনাকী মুখ ৷ নিজৰ অভিনয় তথা সুমধুৰ কণ্ঠৰ দ্বাৰা ইতিমধ্যে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে শিল্পীগৰাকীয়ে ৷ অসমীয়া চলচ্চিত্ৰ জগতত কেইবাখনো ছুপাৰহিট ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ অভিনেতাগৰাকীয়ে সক্ষম হৈছে ৷
২০০২ চনত বিদ্যুৎ চক্ৰৱৰ্তীৰ 'গুণ গুণ গানে গানে' ছবিখনৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰা অভিনেতা গৰাকীৰ কেইখনমান উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত হৈছে 'মন','অহিৰ ভৈৰৱ', 'জেতুকা পাতৰ দৰে', 'দুৱাৰ' আদি ৷ কেৱল অসমীয়া ছবিয়ে নহয় ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে অভিনেতা গৰাকীয়ে ৷ অসমৰ এইগৰাকী জনপ্ৰিয় অভিনেতাই কেনেদৰে ৰাখে নিজৰ স্বাস্থ্যৰ যতন ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপাত তেওঁৰ দৈনিক ৰুটিনৰ সন্দৰ্ভত কি ক’লে জানো আহক-
কেনেদৰে নিজৰ স্বাস্থ্যৰ যতন লয় অভিনেতা গৰাকীয়ে ?
এই সন্দৰ্ভত অভিনেতা গৰাকীয়ে কয়,' মোৰ বিশেষ তেনেকুৱা একো নাই ৷ কেৱল মোৰ ফিটনেচটো নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ জগিং কৰো ৷ সাধাৰণতে মই পুৱা খুব সোনকালে উঠিব নোৱাৰো অৱশ্যে বিশেষ কোনো কাম থাকিলে পুৱা ৩-৪ টা বজাটো উঠা হয় ৷ কিন্তু কাম নাথাকিলে ইমান সোনকালে সাধাৰণতে উঠা নহয় ৷ সেয়ে জগিং মই সন্ধিয়া কৰো ৷ সন্ধিয়া কামৰ পৰা ঘৰ অহাৰ পাছত ৭-৮ বজাত মই জগিং কৰো ৷ দৈনিক এক -ডেৰ ঘন্টাৰ বাবে দৈনিক জগিং কৰো ৷ ফিটনেচৰ বাবে এইটোৱে কৰা হয় ৷ কেৱল মই খোৱাটোত অকমান গুৰুত্ব দিও ৷ খুৱ বেছি নাখাও, আমাৰ যিটো অসমীয়া ঘৰুৱা খাদ্য সেয়া খাওঁ ৷ মই ভাবো যে অকমান খোজ কঢ়া বা দৌৰাটোয়ে একেবাৰে উত্তম ব্যায়াম ৷ এইটোৱে আমাৰ শৰীৰৰ একেবাৰে মূৰৰ পৰা ভৰিলৈ, চুলি-নখ সকলোতে এইটোৱে কামত দিয়ে ৷'
অভিনেতাগৰাকীৰ প্রিয় খাদ্য কি ?
'মই আচলতে খুৱ 'ফুডি' ৷ সকলো ধৰণৰ খাদ্য খাই মই ভাল পাওঁ ৷ মিঠা খাইয়ো ভাল পাওঁ ৷ কিন্তু সদায় একে খাই ভাল নাপাওঁ, অকমান সলনি কৰি কৰি খাই ভাল পাওঁ ৷ কিন্তু যেতিয়া বাহিৰলৈ যোৱা হয়, তেতিয়া ঘৰলৈ আহি কেতিয়া ভাত-দাইল খাওঁ মনটো তেনেকুৱা লাগি থাকে ৷ কিন্তু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খাদ্য খাই ভাল পাওঁ ৷ মই খুৱ ৰেষ্টুৰেণ্টলৈ বা বাহিৰত খাবলৈ নাযাওঁ ৷ ক’ৰবাত নিমন্ত্ৰণ কৰিলে তালৈ গ’লে তেনেকুৱা ধৰণৰ খাদ্যসমূহো খাই মই ভাল পাওঁ ৷
কপিল বৰাৰ অভিনয় জীৱন
বিদ্যুৎ চক্ৰৱৰ্তীৰ অসমীয়া চলচ্চিত্ৰ 'গুণ গুণ গানে গানে'ৰ (২০০২) জৰিয়তে তেওঁ নিজৰ অভিনয় জীৱন আৰম্ভ কৰে । সেই বছৰেই তেওঁৰ অন্য এখন চলচ্চিত্ৰ বাণী দাস পৰিচালিত মন মুক্তি লাভ কৰে । ইয়াৰোপৰি তেওঁৰ উল্লেখযোগ্য অন্যান্য চলচ্চিত্ৰ সমূহ হৈছে বিধাতা (২০০৩), অস্তৰাগ (২০০৫), অহিৰ ভৈৰৱ (২০০৭), কাদম্বৰী (২০০৮), জীৱন বাটৰ লগৰী (২০০৯), জেতুকা পাতৰ দৰে (২০১১), দুৱাৰ (২০১৩), ৰাগ - দ্য ৰিদম অৱ লাভ (২০১৪), অজেয় (২০১৪) ইত্যাদি। আনকি দুৱাৰত কৰা সুন্দৰ অভিনয়ৰ বাবে তেওঁ সমালোচকৰ প্ৰশংসা বুটলিবলৈও সক্ষম হৈছিল ।
লগতে পঢ়ক

