প্ৰতি দুমিনিটৰ মূৰে মূৰে পৃথিৱীত এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যু হয় ৷ এই তথ্য বিশ্ব স্বাস্থ্য সংস্থাই (WHO) এক প্ৰতিবেদনত দিছে, য’ত কোৱা হৈছে যে ২০২৩ চনৰ ভিতৰত প্ৰতি দুমিনিটৰ মূৰে মূৰে এগৰাকী গৰ্ভৱতী মহিলাই প্ৰাণ হেৰুৱাইছিল ৷ এই পৰিসংখ্যা চাঞ্চল্যকৰ, কাৰণ ২০২৩ চনত গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ত বা পিছত বিশ্ব পৰ্যায়ত প্ৰায় ২.৬০ লাখ মহিলাৰ মৃত্যু হৈছিল ৷ কিন্তু ২০০০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত মাতৃৰ মৃত্যুৰ অনুপাত (MMR) ৪০ শতাংশ হ্ৰাস পাইছে ৷ গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ত মহিলাসকলে কিয় প্ৰাণ হেৰুৱায় জানো আহক-
মাতৃৰ মৃত্যুৰ হাৰ কিমান ?
WHOৰ তথ্য অনুসৰি গৰ্ভাৱস্থাৰ সময়ত, প্ৰসৱৰ সময়ত বা প্ৰসৱৰ পিছৰ ৪২ দিনৰ ভিতৰত প্ৰাণ হেৰুওৱা পেলোৱা মহিলাৰ মৃত্যুৱেই হ’ল মাতৃৰ মৃত্যু ৷ এই ক্ষেত্ৰসমূহ গৰ্ভাৱস্থা বা ইয়াৰ ব্যৱস্থাপনাৰ সৈতে জড়িত ৷ একে সময়তে আমেৰিকান কলেজ অৱ অব্ষ্টেট্ৰিচিয়ানছ এণ্ড গাইনেক’লজিষ্টে (ACOG) বহু ক্ষেত্ৰতো গৰ্ভাৱস্থাৰ পিছৰ এবছৰলৈকে হোৱা সময়ছোৱাত হোৱা মৃত্যুৰ সৈতে মাতৃৰ মৃত্যুৰ সম্পৰ্ক ৰাখিছে ৷ মাতৃৰ মৃত্যুৰ হাৰ (MMR) য়ে প্ৰতি ১,০০,০০০ জীৱিত জন্মৰ বিপৰীতে মাতৃৰ মৃত্যুৰ সংখ্যা দেখুৱাইছে ৷ ২০২৩ চনত বিশ্বৰ এমএমআৰ প্ৰতি ১,০০,০০০ জীৱিত জন্মৰ বিপৰীতে ১৯৭, যিটো কম আয়ৰ দেশত ৩৪৬ আৰু উচ্চ আয়ৰ দেশত ১০ ৷
কি কাৰণত গৰ্ভৱতী মহিলাই হেৰুৱাবলগীয়া হৈছে প্ৰাণ ?
ৰক্তক্ষৰণ: প্ৰসৱৰ পিছত অত্যধিক ৰক্তক্ষৰণ (Postpartum Hemorrhage) মাতৃৰ মৃত্যুৰ আটাইতকৈ ডাঙৰ কাৰণ ৷ ভাৰত, পাকিস্তানৰ দৰে উন্নয়নশীল দেশত এনে ঘটনা বেছিকৈ দেখা যায় ৷ WHO ৰ তথ্য অনুসৰি ১৯৯০ চনত ৰক্তক্ষৰণৰ বাবে ১,১৪,০০০ মহিলাৰ মৃত্যু হৈছিল, যিটো ২০২১ চনৰ ভিতৰত ৪৭,০০০ লৈ হ্ৰাস পাইছিল ৷ কিন্তু এতিয়াও ই বিশ্বজুৰি গৰ্ভৱতী মহিলাৰ মৃত্যুৰ প্ৰধান কাৰণেই হৈ আছে ৷
উচ্চ ৰক্তচাপৰ বিকাৰ: উচ্চ ৰক্তচাপৰ বিকাৰ যেনে প্ৰিক্লেম্পচিয়া আৰু এক্লেম্পচিয়া গৰ্ভৱতী মহিলাৰ মৃত্যুৰ প্ৰধান কাৰণ ৷ এই বিকাৰে মগজু, বৃক্ক আৰু অন্যান্য অংগৰ ক্ষতি কৰিব পাৰে ৷
মানসিক স্বাস্থ্যৰ অৱস্থা: মানসিক স্বাস্থ্যৰ অৱস্থা যেনে হতাশা, উদ্বেগ আৰু প্ৰসৱৰ পিছৰ বিষণ্ণতাই মাতৃৰ মৃত্যুৰ প্ৰধান কাৰণ ৷ বিশেষজ্ঞসকলে কয় যে, গৰ্ভাৱস্থাৰ সময়ত আৰু প্ৰসৱৰ পিছত মহিলাৰ মানসিক স্বাস্থ্যৰ পৰীক্ষা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে ৷
সংক্ৰমণ: গৰ্ভাৱস্থাত বা প্ৰসৱৰ পিছত চেপ্চিছৰ দৰে সংক্ৰমণ মাতৃৰ মৃত্যুৰ আন এটা প্ৰধান কাৰণ ৷ অপৰ্যাপ্ত অনাময় ব্যৱস্থা, দক্ষ স্বাস্থ্যকৰ্মীৰ অভাৱ আৰু এন্টিবায়টিকৰ সীমিত সুবিধাই এই বিপদ বৃদ্ধি কৰে ৷
হৃদযন্ত্ৰৰ অৱস্থা: হৃদৰোগ আৰু কাৰ্ডিঅ’মাইঅ’পেথী (হৃদযন্ত্ৰৰ পেশী দুৰ্বল হোৱা) মাতৃৰ মৃত্যুৰ প্ৰধান কাৰণসমূহৰ ভিতৰত অন্যতম ৷ গৰ্ভাৱস্থাত শৰীৰৰ পৰিৱৰ্তনে তেজৰ পৰিমাণ বৃদ্ধিৰ বাবে হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি কৰিব পাৰে ৷
আমি কেনেকৈ মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব পাৰো ?
বিশেষজ্ঞসকলৰ মতে, গৰ্ভাৱস্থাত নিয়মীয়াকৈ পৰীক্ষা কৰিলে বিপদ চিনাক্ত কৰি সমাধান কৰিব পাৰি ৷ একে সময়তে প্ৰসৱৰ সময়ত প্ৰশিক্ষিত চিকিৎসকৰ উপস্থিতিয়ে মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব পাৰে ৷ গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ পৰিয়ালক বিপদৰ বিষয়ে অৱগত কৰি সমস্যা দূৰ কৰিব পাৰি ৷
লগতে পঢ়ক