ETV Bharat / lifestyle

ৰ’দে ছালখনক পুৰিলে নেকি ? কামত আহিব এই ঘৰুৱা পদ্ধতি - SUNBURN REMEDY

ছাল অনুসৰি কেনেধৰণৰ 'ছানস্ক্ৰীণ' ব্যৱহাৰ কৰিব ? এই দিনকেইটা কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত ? এই সন্দৰ্ভত জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই-

HOME REMEDY FOR SUNBURN
ৰ’দে ছালখনক পুৰিলে নেকি ? কামত আহিব এই ঘৰুৱা পদ্ধতি (CANVA)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 5:24 PM IST

3 Min Read

গৰমৰ দিন কেইটাত অত্যাধিক গৰম তথা প্ৰখৰ ৰ'দৰ বাবে প্ৰত্যুকে কম-বেছি পৰিমানে সন্মুখীন হোৱা এটা সমস্যা হৈছে "ছালক ৰ’দে পোৰা" বা ছানবাৰ্ণৰ সমস্যা ৷ সূৰ্যৰ ৰশ্মিৰ প্ৰখৰতাই বিদ্যালয়ৰ অহা যোৱা কৰা শিশুটিৰ পৰা আৰম্ভ কৰি ঘৰত থকা গৃহিনী গৰাকীলৈ সকলোকে আমনি কৰে ৷ এই সমস্যাৰ ফলত ছালত এটা ক’লা দাগ পৰে, কিছুমানৰ ৰঙচুৱা হয় প্ৰথমৱস্থাত ৷ গতিকে ৰ’দলৈ ওলোৱাৰ আধাঘণ্টা পূৰ্বে "ছানস্ক্ৰীণ" ব্যৱহাৰ কৰিব লাগে ৷ 'ছানস্ক্ৰীণ' ব্যৱহাৰ কৰাৰ পাছত কম্পেক্ট পাউদাৰ ব্যৱহাৰ কৰিব পাৰে ৷

তাপমাত্ৰা বৃদ্ধি পোৱাৰ বাবে কেৱল ঘৰৰ বাহিৰত ওলাই গ’লেহে যে ছালখনক ৰ’দে পুৰিব তেনে নহয়, ঘৰৰ ভিতৰত থাকিলেও এই সমস্যা হ'ব পাৰে ৷

সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্ত (ETV Bharat Assam)

ছাল অনুসৰি কেনেধৰণৰ 'ছানস্ক্ৰীণ' ব্যৱহাৰ কৰিব ?

  • গৰমৰ দিনকেইটাত ছালখনক ৰ’দে পোৰাৰ পৰা বচাবলৈ

ছানস্ক্ৰীণ ব্যৱহাৰ কৰাটো অতি প্ৰয়োজন ৷ ছানস্ক্ৰীণ বাচনি কৰাৰ ক্ষেত্ৰত বহুতৰে কেতিয়াবা অসুবিধা হয় ৷ সেয়ে যিসকলৰ ছালখন অকণমান শুকান তেওঁলোকে অলপমান মইশ্ব’ৰাইজাৰ ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব পাৰে আনহাতে যি সকলৰ ছালখন অকণমান তেলেতীয়া হয় তেওঁলোকে ছালত জেল ছানস্ক্ৰীণ প্ৰয়োগ কৰিব পাৰে ৷

  • ঘৰুৱাভাৱে কেনেদৰে যতন ল'ব ?

যি সকল ছালক ৰ’দে পোৰাৰ ফলত ক’লা ক’লা দাগ পৰিছে তেওঁলোকৰ প্ৰথমে ফ্ৰেকলচ আৰু পিছলৈ গৈ পিগমেনটেশ্বনৰ সমস্যাত ভোগে ৷ লগতে ছালখন যথেষ্ট পৰিমাণে শুকান হৈ আহে ৷ এই সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰুৱাভাৱে এটা মিশ্ৰণ তৈয়াৰ কৰি আপুনি আপোনাৰ ছালখনৰ যতন লব পাৰিব ৷

ইয়াৰ বাবে আপোনাক লাগিব এচামুচ মাহ বগা সৰিয়হ, হালধি আৰু গাখীৰ ৷ বগা সৰিয়হখিনি গাখীৰত তিয়াই এটা পেষ্ট তৈয়াৰ কৰি ল'ব, তাৰ পাছত তাত এচামুছ কেঁচা হালধীৰ ৰস মিহলাব আৰু তাৰ লগত অকণমান আলমণ্ড অইল মিহলাব ৷ এই আটাইবিধ সামগ্ৰী ভালদৰে মিহলাই মুখ আৰু ডিঙিৰ ছালত লগাব ৷ ১০-১৫ মিনিট লগোৱাৰ পাছত প্ৰথমে মুখখন গাখীৰেৰে তিয়াই ল'ব ৷ প্ৰতি সপ্তাহত যদি এনেদৰে অন্তত দুবাৰকৈ লগাই তেন্তে ছালক ৰ’দে পোৰাৰ ফলত হব পৰা যিকোনো সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব ৷

  • এই দিনকেইটা কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত ?

গৰমৰ দিনকেইটাত খোৱা বোৱাৰ ওপৰতো গুৰুত্ব দিয়া উচিত ৷ লগতে এই দিনকেইটাত আমি যথেষ্ট পৰিমাণে পানী খাব লাগে লগতে যিবোৰ শাক-পাচলিত বেছিকৈ পানী থাকে যেনে ভেন্দি, জিকা, পানীলাও আদি খাব লাগে ৷ খুব বেছি তেলত ভজা খাদ্য নোখোৱাকৈ থাকিব পাৰিলে ভাল ৷ লগতে এই সময়ছোৱাত ফলৰ ৰস খাব লাগে ৷ তৰমুজ ৰস খাব পাৰে ৷ ই আমাৰ ছালৰ বাবে যথেষ্ট উপকাৰী প্ৰমাণিত হ’ব পাৰে ৷

  • ছালক ৰ’দে পোৰাৰ ফলত হোৱা ক’লা দাগ নাইকিয়া কৰিবলৈ তৰমুজ ব্যৱহাৰ কৰিব পাৰে

তৰমুজৰ ৰস খোৱাৰ লগতে ছালত লগাবও পাৰে ৷ যিসকলৰ ছাল ৰদত পৰি ক’লা পৰিছে তেওঁলোকেও সেই ঠাইত তৰমুজৰ ৰস লগাব পাৰে ৷ তৰমুজৰ ৰসৰ লগত হাত ভৰি ছালত লগাব পাৰে ৷

লগতে পঢ়ক

  1. টকা খৰচ নকৰাকৈয়ে ঘৰতে এইদৰে বনাওক প্ৰাকৃতিক ছানস্ক্ৰীণ
  2. Sunscreen for Skin: সঁচাকৈ ছানস্ক্ৰীনে প্ৰখৰ ৰ’দৰ পৰা ছালক ৰক্ষা কৰেনে ? জানি লওক সত্যতা
  3. Sunscreen Mistakes: ছানস্ক্ৰীণ লগোৱাৰ সময়ত আপুনিও এই ভুলবোৰ কৰি আছে নেকি ? তেন্তে এই গুৰুত্বপূৰ্ণ কথাবোৰ জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.