ETV Bharat / lifestyle

ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষক দিৱসৰ ভাষণ তথা মহান বাণী, সকলোৱে কৰিব প্ৰশংসা…

শিক্ষক দিৱসত ভাষণ কেনেকৈ আৰম্ভ কৰিব ? এই প্ৰতিবেদনৰ জৰিয়তে আমি কিছুমান সহজ ভাষণ তথা মহান বাণীৰ উল্লেখ কৰিছো যি আপোনাৰ কামত আহিব পাৰে-

TEACHER’S DAY 2025
ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষক দিৱসৰ ভাষণ তথা মহান বাণী, সকলোৱে কৰিব প্ৰশংসা… (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : September 4, 2025 at 12:02 PM IST

4 Min Read
Choose ETV Bharat

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সমগ্ৰ জীৱনৰ কাহিনী যথেষ্ঠ অনুপ্ৰেৰণাদায়ক ৷ এই মহান ব্যক্তিজনৰ জন্মদিন উপলক্ষে দেশৰ সকলো শিক্ষানুষ্ঠানতে শিক্ষক দিৱস উদযাপন কৰা হয় ৷ প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ দিনটো দেশত শিক্ষক দিৱস হিচাপে পালন কৰা হয় ৷ এই দিনটোতে স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হয় ৷

শিক্ষক দিৱসৰ বাবে শ্ৰেষ্ঠ ভাষণ কি ? শিক্ষক দিৱসত কেনেধৰণৰ ভাষণ দিলে শিক্ষাগুৰুৰ ভাল লাগিব সেয়া বুজি পোৱাটো কঠিন ৷ এই দিনটোত ভাষণ দিব লগা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এয়া বিশেষভাৱে প্ৰস্তুত কৰা হৈছে ৷

শিক্ষক দিৱসত ভাষণ কেনেকৈ আৰম্ভ কৰিব ?

গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ ৷

গুৰু সাক্ষাৎ পৰমব্ৰহ্ম তস্মৈশ্ৰীগুৰুৱে নমঃ ৷ ৷

ইয়াৰ অৰ্থ হৈছে গুৰু বিনে জ্ঞান নাই, জ্ঞান বিনে আত্মা নাই ৷ ধ্যান, জ্ঞান, আত্মা আৰু কৰ্ম এই সকলো গুৰুৰ পৰাই সম্ভৱ ৷

সন্মানীয় অধ্যক্ষ, সন্মানীয় শিক্ষক আৰু মোৰ মৰমৰ বন্ধুসকল…মই এইমাত্ৰ পঢ়া শাৰীবোৰ কেৱল ক’বলগীয়া কথা নহয়, জীৱনত কাৰ্যকৰী কৰিবলগীয়া কথা ৷ এই দিনটোত ভাষণ আৰম্ভ কৰিবলৈ ইয়াতকৈ ভাল শাৰী এটাও ভাবিব পৰা নাছিলোঁ ৷ আমি সকলোৱে জানো যে আজি ২০২৪ চনৰ ৫ ছেপ্টেম্বৰ, এই তাৰিখটো ভাৰতত শিক্ষক দিৱস পালন কৰা হয় ৷ এই দিৱসটো দেশৰ মহান শিক্ষক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে পালন কৰা হয় ৷

ড° ৰাধাকৃষ্ণণ কেৱল এজন উৎকৃষ্ট শিক্ষকেই নহয়, ভাৰতৰ এগৰাকী মহান পণ্ডিত, দাৰ্শনিক আৰু ৰাষ্ট্ৰপতিও আছিল ৷ তেওঁ সদায় শিক্ষাৰ গুৰুত্ব বুজি পাইছিল আৰু সমাজত শিক্ষকৰ ভূমিকাক সৰ্বোচ্চ বুলি গণ্য কৰিছিল ৷

শিক্ষক দিৱসে আমাক সোঁৱৰাই দিয়ে যে আমাৰ জীৱনত শিক্ষকৰ কি গুৰুত্ব আছে ৷ শিক্ষকসকলে কেৱল আমাক শিকাই নহয় জীৱনৰ সঠিক পথ অনুসৰণ কৰিবলৈও শিকাই ৷ ভুল আৰু শুদ্ধৰ পাৰ্থক্য শিকায় ৷ এজন দায়িত্বশীল নাগৰিক হোৱাৰ দিশত আমাক পথ প্ৰদৰ্শন কৰে ৷ এজন ভাল শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞানৰ বীজ সিঁচাই নহয় জীৱনৰ প্ৰতিটো দিশতে সফল হ’বলৈও প্ৰস্তুত কৰে ৷

শিক্ষকসকলে কেৱল কিতাপত লিখা শব্দবোৰ শিকোৱা নাই ৷ জীৱনৰ গুৰুত্বপূৰ্ণ শিক্ষাও আমাক শিকাই ৷ আমাৰ ভৱিষ্যত গঢ় দিব ৷ আমাৰ সপোন দিঠক কৰাত সহায় কৰে ৷ আমাৰ শিক্ষকসকলে আমাৰ সৰু সৰু কৃতিত্বক লৈ গৌৰৱ অনুভৱ কৰে ৷ আমি কৰা ভুলবোৰ শুধৰাবলৈয়ো সহায় কৰে ৷

শিক্ষক দিৱসত শিক্ষক সকলক ধন্যবাদ, আজি আমি যেতিয়া শিক্ষক দিৱস উদযাপন কৰি আছোঁ তেতিয়া আমাৰ শিক্ষকসকলৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰাটো আমাৰ দায়িত্ব ৷ এই দিনটোৱে আমাৰ শিক্ষকসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ লগতে তেওঁলোকৰ অৱদানক শলাগ লোৱাৰ সুযোগ প্ৰদান কৰে ৷

মোৰ জীৱনত জ্ঞানৰ পোহৰ বিয়পাই দিয়া সকলো শিক্ষককে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷ যিয়ে মোক এজন ভাল মানুহ হোৱাত সহায় কৰিছে ৷ তেওঁলোকৰ অবিহনে মই আজি য’ত আছো তাত নাথাকিলোহেঁতেন ৷

এজন ছাত্ৰৰ জীৱনত শিক্ষকসকলে যি অৱদান তাৰ বাবে শিক্ষকসকলক দিয়া ধন্যবাদেই যথেষ্ট নহয় ৷ বৰ্তমান সময়ত এজন শিষ্যই গুৰুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা অতি কম দেখা যায় ৷ শিক্ষক দিৱস উপলক্ষে এই উক্তিৰে আপোনাৰ শিক্ষকক শুভেচ্ছা জ্ঞাপন কৰিব পাৰে ৷ এই বিশেষ দিনটো ইজনে আনজনক শ্বেয়াৰ কৰিব পৰা শিক্ষক দিৱসৰ ৫টা মহান বাণী জানো আহক, যিবোৰ মহান মহান ব্যক্তিসকলে কৈ গৈছে…

  • শিক্ষক এডাল মমবাতিৰ দৰে,যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে- চক্ৰেটিছ সৃষ্টিশীল
  • অভিব্যক্তি আৰু জ্ঞানৰ মাজত আনন্দ জগাই তুলিব পৰাটোৱেই শিক্ষকৰ সৰ্বোত্তম কলা- এলবাৰ্ট আইনষ্টাইন
  • সাধাৰণ মানুহৰ হৃদয়তকৈ আপোনাৰ হৃদয়খন কিছু ডাঙৰ, কাৰণ আপুনি এজন শিক্ষক- আৰন বাকল
  • শিক্ষকসকলে চক পেঞ্চিল আৰু প্ৰত্যাহ্বানেৰ সঠিক সংমিশ্ৰণেৰে জীৱন সলনি কৰিব পাৰে- জয়ছ মেয়াৰ
  • এটি শিশু, এজন শিক্ষক, এখন কিতাপ আৰু এটা কলমে পৃথিৱীখন সলনি কৰিব পাৰে- মালালা ইউছাফজাই

লগতে পঢ়ক

  1. এইবাৰ শিক্ষক দিৱসত প্ৰিয় শিক্ষকক কি উপহাৰ দিম বুলি ভাবিছে ? এয়া চাওক কিছু বিকল্প
  2. শৈলীৰ লগতে পৰিৱেশৰ বাবেও উত্তম এই বেগ, জানক যুৱ প্ৰজন্মৰ মাজত ই কিয় অতিকৈ জনপ্ৰিয় ?
  3. কাৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্চ ইণ্ডিয়াৰ খিতাপ ? পঢ়ক সবিশেষ