ETV Bharat / lifestyle

সপোনৰো আছে বহু অৰ্থ...কোনবোৰ সপোনে দিয়ে ধনী হোৱাৰ ইংগিত ? - DREAMS OF BECOMING RICH

শাস্ত্ৰ অনুসৰি, যদি পুৱা আপুনি এই সপোন দেখে, তেন্তে আপোনাৰ জীৱনলৈ সুখ, সম্পদ, প্ৰগতিৰ আগমণ হয় ৷ পিছে এই সপোনবোৰ কি কি জানো আহক-

Dreaming of Being Rich? Here's What Your Subconscious Might Be Telling You
সপোনৰো আছে বহু অৰ্থ...কোনবোৰ সপোনে দিয়ে ধনী হোৱাৰ ইংগিত ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Feb 18, 2025, 5:22 PM IST

আপুনি দেখা প্ৰতিটো সপোনৰ নিজস্ব অৰ্থ থাকে । এই সপোনবোৰে আপোনাক ভৱিষ্যতে ঘটা ঘটনাবোৰৰ দিশলৈ আঙুলিয়াই দিয়ে । কিছুমান সপোন বেয়া আৰু কিছুমান সপোন ভাল । একে সময়তে স্বপ্ন বিজ্ঞানৰ মতে, কিছুমান সপোন আছে যিবোৰ দেখিলে ধনী হোৱাৰ ইংগিত পোৱা যায়। আমি ধনী হ’ম বুলি কেনেধৰণৰ সপোনৰ ইংগিত পোৱা যায়, জানো আহক-

পুৱা ৩.৩০বজাৰ পৰা ৫.৩০ বজাৰ সময়খিনিক ব্ৰহ্ম পুৱা বুলি কোৱা হয় ৷ আমি আচলতে এই সময়খিনিক পুৱতি নিশা বুলিয়েই কওঁ ৷ এই সময়ছোৱাত বায়ুমণ্ডলত বিশুদ্ধতা আৰু ইতিবাচক শক্তি থাকে ৷ সেয়েহে এই সময়ত দেখা সপোনবোৰক বিশেষভাৱে শুভ বুলি গণ্য কৰা হয় ৷ শাস্ত্ৰ অনুসৰি, যদি ব্ৰহ্ম পুৱা আপুনি তলত উল্লেখিত এইসমূহ বিশেষ সপোন দেখে, তেন্তে আপোনাৰ জীৱনলৈ সুখ, সম্পদ আৰু প্ৰগতিৰ আগমণ হয় ৷ পিছে কি এই ৪টা সপোন আৰু ইয়াৰ অৰ্থ কি, জানো আহক-

পানীৰে ভৰ্তি পাত্ৰ

পানীৰে ভৰ্তি হৈ থকা পাত্ৰ সপোনত দেখাটো অতি শুভ আৰু ইতিবাচক সপোন বুলি গণ্য কৰা হয় ৷ এনে সপোনে এক গভীৰ আৰু অৰ্থপূৰ্ণ বাৰ্তা বহন কৰে ৷ পানীৰে ভৰ্তি পাত্ৰ সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ প্ৰতীক ৷ পাত্ৰটোৱে সঞ্চয়ক প্ৰতিনিধিত্ব কৰে ৷ যেতিয়া সপোনত পানীৰে ভৰ্তি পাত্ৰ এটা দেখা যায়, ই সূচায় যে আপোনাৰ বিত্তীয় পৰিস্থিতি অভাৱনীয়ভাৱে উন্নত হ'ব ৷

নদী

ৰাতিপুৱা নদী দেখাটোও অতি শুভ বুলি গণ্য কৰা হয় ৷ নদীক জীৱনৰ সুখ আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয় ৷ যদি আপুনি ব্ৰহ্ম পুৱা নদীৰ সপোন দেখে, ই আপোনাৰ জীৱনত এক নতুন আৰম্ভণি হোৱাৰ লক্ষণ ৷ এই সপোনে বিত্তীয় দিশত সফলতা, নতুন সুযোগ আৰু সম্পৰ্কৰ সম্প্ৰীতিও সূচিত কৰিব পাৰে ৷ যদি নদীৰ পানী পৰিস্কাৰ আৰু প্ৰবাহিত হোৱা দেখা যায়, ইয়াক আৰু অধিক শুভ বুলি গণ্য কৰা হয় ৷ কিয়নো ইয়াৰ অৰ্থ হৈছে যে জীৱনৰ পৰা সকলো ধৰণৰ বাধা আঁতৰ হৈ আৰু সুখৰ আগমণ হ’ব ৷

শস্য

পুৱতি নিশা সপোনত শস্য দেখাও শুভ ৷ শস্যক সমৃদ্ধি, সম্পদ আৰু সুখৰ প্ৰতীক হিচাপে গণ্য কৰা হয় ৷ এই সপোনে ইংগিত দিয়ে যে আপোনাৰ জীৱনত সম্পদ আৰু সমৃদ্ধিৰ নতুন আৰম্ভণি হ'ব ৷ এই সপোনটো বিশেষকৈ ব্যৱসায়ী, কৃষক আৰু আৰ্থিকভাৱে সংগ্ৰাম কৰি থকা সকলৰ বাবে এক অতি ভাল লক্ষণ ৷

চাকি

পুৱতি নিশা সপোনত চাকি দেখাটোও শুভ আৰু ইতিবাচক শক্তিৰ লক্ষণ ৷ চাকিয়ে জীৱনলৈ পোহৰ আনে আৰু ই পৰিৱৰ্তনৰ প্ৰতীক ৷ ব্ৰহ্ম পুৱাৰ যদি আপুনি সপোনত চাকি দেখে, ই সূচায় যে আপোনাৰ জীৱনৰ সমস্যাবোৰৰ অতি সোনকালেই সমাধান লাভ কৰিব ৷

সপোনত যদি নিগনি দেখা পায়

সপোনত নিগনি দেখাটো শুভ বুলি গণ্য কৰা হয় । যদি আপুনি সপোনত নিগনি দেখা পায় তেন্তে বুজি লওক যে অনাগত দিনত আপোনাৰ ওচৰলৈ টকা আহিব । দৰিদ্ৰতা আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব । অৱশ্যে যদি আপুনি এই সপোনটো দেখে তেন্তে নিশ্চিতভাৱে এই সপোনটো আপোনাৰ ঘৰৰ সৰু ল’ৰাটোক কওক ।

খালী পাত্ৰ এটা ভৰোৱা দেখা

স্বপ্ন বিজ্ঞানৰ মতে, যদি আপুনি সপোনত খালী বাচন দেখা পায় তেন্তে ই এক অতি শুভ লক্ষণ । এই সপোনে ইংগিত দিয়ে যে আগন্তুক দিনত আপুনি আৰ্থিক সুবিধা লাভ কৰিব । এই সপোনে ইংগিত দিয়ে যে আপুনি ধনী হ’ব ।

সপোনত ঝাড়ু দেখা

সপোনত ঝাড়ু দেখাটো অতি শুভ বুলি গণ্য কৰা হয় । কোৱা হয় যে ঝাড়ু হৈছে সমৃদ্ধিৰ প্ৰতীক । বিশ্বাস কৰা হয় যে যদি আপুনি সপোনত ঝাড়ু দেখা পাইছে, তেন্তে ধৰি লওক যে আপোনাৰ ঘৰৰ পৰা দৰিদ্ৰতা আঁতৰি যাব আৰু আপোনাৰ ঘৰত ধন-সম্পত্তিৰ আবিৰ্ভাৱ হ’ব । এই সপোনটো নিশ্চয় আপোনাৰ পত্নী বা মাতৃক কওক ।

ইলেক্ট্ৰনিক বস্তু ভাঙি যোৱা দেখিলে

সপোনত যদি কোনো ইলেক্ট্ৰনিক বস্তু ভাঙি যোৱা দেখা পায়, তেন্তে স্বপ্ন বিজ্ঞান অনুসৰি এই সপোন অতি শুভ । অৱশ্যে এই সপোনৰ কথা কাকো কোৱাটো উচিত নহয় । কিন্তু যদি আপুনি সপোনত ইলেক্ট্ৰনিক সামগ্ৰী দেখে তেন্তে ই জীৱনত দৰিদ্ৰতাৰ ইংগিত দিয়ে ।

(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)

লগতে পঢ়ক

  1. পঢ়াত ভালদৰে মনোযোগ দিব নোৱাৰে নেকি ? তেন্তে অনুসৰণ কৰক এই উপায়
  2. ৰাশি অনুযায়ী প্ৰেয়সী বা পত্নীক উপহাৰ দিয়াটো সঁচাকৈয়ে সৌভাগ্যশালী নেকি ?
  3. পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ কি কৰিব, কি নকৰিব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.