ভুলতেও ভাতৃৰ হাতত নাবান্ধিব এই ৰাখী, কঢ়িয়াই আনিব শুভৰ ঠাইত অশুভ ফল
ৰাখী হৈছে পবিত্ৰ এনাজৰী, যিটো সূতাৰে তৈয়াৰ কৰাটো উচিত, ভাল হ’লে প্লাষ্টিক বা ধাতুৰে তৈয়াৰ কৰা ৰাখীয়ে নিজৰ আধ্যাত্মিক তাৎপৰ্য্য হেৰুৱাই পেলায়, পঢ়ক সবিশেষ-

Published : August 8, 2025 at 4:46 PM IST
সমাগত পবিত্ৰ ৰাখীবন্ধন । ভাতৃ-ভগ্নীসকলৰ বাবে ৰাখীবন্ধন এক গুৰুত্বপূৰ্ণ উৎসৱ । সেয়ে ৰাখী পিন্ধোৱা আৰু পিন্ধোতা দুয়োজনে ইয়াৰ অৰ্থ অনুভৱ কৰিব পাৰিলেহে ৰাখী বন্ধনৰ সাৰ্থকতা হয় । ৰাখী বন্ধন শব্দটো সংস্কৃত শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে সুৰক্ষা আৰু বন্ধন । এই উৎসৱে ভাতৃ -ভগ্নীৰ ইজনে সিজনৰ প্রতি থকা মৰম, সুৰক্ষা, আনুগত্য, যত্ন আৰু দায়বদ্ধতাক সূচায় ।
কোৱা হয় যে, যেতিয়া শ্ৰীকৃষ্ণই শিশুপালক সুদৰ্শন চক্ৰৰে হত্যা কৰিছিল তেতিয়া তেওঁৰ আঙুলিত আঘাত পাইছিল ৷ তেতিয়া দ্ৰৌপদীয়ে নিজৰ শাড়ীৰ আচল ফালি শ্ৰীকৃষ্ণৰ আঙুলিত বান্ধি দিয়ে ৷ এই সৰল প্ৰেমভাৱৰ বিনিময়ত শ্ৰীকৃষ্ণই গোটেই জীৱন দ্ৰৌপদীক ৰক্ষা কৰাৰ লগতে তেওঁৰ সুখ-দুখত তেওঁৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ বিশ্বাস কৰা হয় যে, তেতিয়াৰ পৰাই ইয়াক ৰাখীবন্ধন উৎসৱ হিচাপে পালন কৰিবলৈ আৰম্ভ কৰা হয় আৰু ই ভাৰতীয় পৰম্পৰাৰ অংগ হৈ পৰে ৷

ৰাখী ফেশ্বন নহয়
আজিকালি বজাৰত বিভিন্ন ধৰণৰ ব্ৰেচলেট, প্লাষ্টিক আৰু কাৰ্টুন ৰাখী পোৱা যায় ৷ এইবোৰ দেখাত ধুনীয়া হ’ব পাৰে, কিন্তু ইয়াক কেৱল ফেশ্বন কৰাৰ হিচাপেহে ব্যৱহাৰ কৰা হয় ৷ হিন্দু ধৰ্মত ৰাখীক সুৰক্ষাসূত্ৰ বুলি গণ্য কৰা হয়, যিটো সাধাৰণতে সূতাৰে তৈয়াৰ কৰা হয় ৷ গতিকে এই ৰাখীবোৰ পৰিহাৰ কৰিব লাগে ৷

ঈশ্বৰৰ নাম বা ছবিৰ থকা ৰাখী পিন্ধিব নালাগে
বহুতে ভগৱানৰ নাম বা ছবি থকা ৰাখী পবিত্ৰ বুলি ভাবে ৷ কিন্তু পিছলৈ যেতিয়া সেই ৰাখী আঁতৰাই দিয়া হয় বা খেলাৰ বাবে ব্যৱহাৰ কৰা হয়, তেতিয়া দেৱতাৰ প্ৰতি অসন্মান বুলি গণ্য কৰা হয় ৷ ইয়াৰ ফলত অশুভ ফল পোৱা যায় ৷
ক’লা ৰাখী বান্ধিব নালাগে
হিন্দু সংস্কৃতিত ক’লা ৰংক ঋণাত্মক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয় ৷ সেয়ে ক’লা সূতাৰে তৈয়াৰী ৰাখী পিন্ধি নাথাকিলে ভাল ৷ ইয়াৰ দ্বাৰা ৰাখীৰ সম্পূৰ্ণ প্ৰভাৱ নপৰে, বৰঞ্চ ভাইৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে ৷

কেঁচা সূতাৰ সলনি প্লাষ্টিক বা ধাতুৰ ৰাখী ব্যৱহাৰ নকৰিব
- ৰাখী এবিধ পবিত্ৰ সূতা, যিটো সাধাৰণতে সূতাৰে তৈয়াৰ কৰিব লাগে ৷ প্লাষ্টিক, ধাতু বা মণিৰে সজোৱা ৰাখীৰ আধ্যাত্মিক তাৎপৰ্য হেৰুৱাই পেলায় ৷
- পুৰণি বা ফটা ৰাখী ব্যৱহাৰ নকৰিব
- পুৰণি বা ফটা ৰাখী পুনৰ ব্যৱহাৰ কৰিব নালাগে ৷ ইয়াক অশুভ বুলি গণ্য কৰা হয় ৷
- বাওঁহাতেৰে ভাইৰ লগত ৰাখী বান্ধিব নালাগে
- সোঁহাতত ৰাখী বান্ধি দিয়াটো শুভ বুলি গণ্য হোৱাৰ দৰে ৰাক্ষী বন্ধনৰ দিনা ভগ্নীসকলে ভাতৃৰ সোঁহাতত ৰাখী বান্ধিব লাগে ৷ ইয়াৰ লগতে ৰাখী বান্ধি দিয়াৰ আগতে ভাইৰ কপালত তিলক লগাই মিঠাই আগবঢ়াব লাগে ৷
ৰাখী কেতিয়া বান্ধিব লাগে, দুপৰীয়া বা সন্ধিয়া ?

- শাস্ত্ৰ অনুযায়ী ৰাখীবন্ধন পূৰ্ণিমাৰ দিনা ভদ্ৰ কাল পৰিহাৰ কৰি ৰাখী বান্ধিব লাগে ৷ সন্ধিয়াৰ পিছত ৰাখী বান্ধিব নালাগে ৷
- ৰাখী বান্ধি থকাৰ সময়ত একাগ্ৰতাৰ অভাৱ
- ৰাখী বান্ধি থাকোঁতে একাগ্ৰতা আৰু ভক্তি থকাটো গুৰুত্বপূৰ্ণ ৷ এয়া কোনো ফেশ্বন শ্ব' নহয়, ধৰ্মীয় অনুষ্ঠান ৷
- লগতে ৰাখী বান্ধি, হৃদয়ৰ পৰা ভাইৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰা
- কেৱল ৰাখী বান্ধি লোৱাই নহয়, ভাইটিৰ সুস্বাস্থ্য, সফলতা আৰু সুৰক্ষাৰ বাবে হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰাটোও গুৰুত্বপূৰ্ণ ৷
লগতে পঢ়ক

