ETV Bharat / lifestyle

নিৰামিষ খাদ্যৰ বাবে জনপ্ৰিয় ভাৰতৰ এই ৫খন স্থান...আপুনিও কৰিব পাৰে ট্ৰাই

ভাৰতৰ এনে বহু ঠাই আছে যি নিজৰ নিৰামিষ খাদ্যৰ বাবে জনাজাত আজি এনে কেইখন স্থানৰ বিষয়ে জানো আহক য’ত সুস্বাদু নিৰামিষ খাদ্য পোৱা যায়-

Discover the Flavors of India: 5 Cities Famous for Their Vegetarian Cuisine
নিৰামিষ খাদ্যৰ বাবে জনপ্ৰিয় ভাৰতৰ এই ৫খন স্থান...আপুনিও কৰিব পাৰে ট্ৰাই (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : January 17, 2025 at 11:38 AM IST

3 Min Read
Choose ETV Bharat

ভাৰত এখন বিশাল ভূমি, য'ত বৈচিত্ৰময় সংস্কৃতি আৰু বিভিন্ন খাদ্য সম্ভাৰৰ বাবে পৰিচিত । ভাৰতৰ ৰাজনৈতিক মানচিত্ৰত থকা বিভিন্ন ৰাজ্যসমূহ ইয়াৰ নিজস্ব পৰম্পৰা, উৎসৱ আৰু ৰীতি-নীতিয়েই নহয়, ইয়াৰ বৈচিত্ৰময় সুস্বাদু খাদ্যৰ বাবেও জনাজাত ।

আনহাতে, আমিষ অথবা নন-ভেজ খাদ্য বৰ্তমান জনপ্ৰিয় যদিও সকলোৱে এই খাদ্য্যাভাস ভাল নাপায় বা অনুসৰণ নকৰে । আজিৰ পৃথিৱীত নিৰামিষভোজীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । ভাৰতত বিভিন্ন সংস্কৃতি তথা ধৰ্মৰ লোকে বাস কৰে আৰু প্ৰতিটো সংস্কৃতি বা ধৰ্মৰ নিজস্ব বিশেষ ব্যঞ্জন আৰু বেলেগ বেলেগ খাদ্য আছে । যিসকলে কয় যে নিৰামিষ খাদ্যত বৈচিত্ৰ্য নাথাকে, তেওঁলোকে জনা উচিত যে ভাৰতৰ বহু ঠাই আছে যিবোৰ নিৰামিষ খাদ্যৰ বাবে বিখ্যাত ।

Discover the Flavors of India: 5 Cities Famous for Their Vegetarian Cuisine
নিৰামিষ খাদ্যৰ বাবে জনপ্ৰিয় ভাৰতৰ এই ৫খন স্থান...আপুনিও কৰিব পাৰে ট্ৰাই (ETV Bharat)

পৰম্পৰাগত থালিৰ পৰা আৰম্ভ কৰি অনান্য বিকল্পলৈকে এই ঠাইবোৰে নিৰামিষ খাদ্যৰ কলাক উদযাপন কৰে । যদি আপুনিও নিৰামিষ খাদ্যৰ প্ৰতি আকৰ্ষিত, তেন্তে ভাৰতৰ এই ঠাইবোৰত উপলব্ধ সুস্বাদু খাদ্যই আপোনাৰ ভ্ৰমণৰ আনন্দ দুগুণ কৰি তুলিব । গতিকে ভাৰতৰ সেই ৫ খন নিৰামিষ খাদ্যৰ বাবে জনপ্ৰিয় ঠাইৰ বিষয়ে জানক ।

বাৰাণসী, উত্তৰ প্ৰদেশ

বাৰাণসীত নিৰামিষ খাদ্য বিচাৰি পোৱাটো অতি সহজ । ইয়াৰ ঘাট আৰু ৰাজপথত প্ৰতিটো খোজতে সুস্বাদু নিৰামিষ খাদ্য পাব । বেনাৰসৰ বিশেষ খাদ্য হ’ল আলু পুৰি, কচুৰী চবজী, ক্ৰীমী লচ্ছী আৰু বিভিন্ন ধৰণৰ মিঠাই ।

উডুপি, কৰ্ণাটক

Discover the Flavors of India: 5 Cities Famous for Their Vegetarian Cuisine
নিৰামিষ খাদ্যৰ বাবে জনপ্ৰিয় ভাৰতৰ এই ৫খন স্থান...আপুনিও কৰিব পাৰে ট্ৰাই (ETV Bharat)

দক্ষিণ ভাৰতীয় খাদ্যৰ কথা আহিলে প্ৰথমে উডুপিৰ নাম লোৱা হয় । যদি আপুনি দক্ষিণত নিৰামিষ খাদ্য বিচাৰিছে, তেন্তে উডুপি (Udupi) আপোনাৰ বাবে এক নিখুঁত গন্তব্যস্থান । এই ঠাইখন সমগ্ৰ দক্ষিণতে নিৰামিষ খাদ্যৰ বাবে অতি বিখ্যাত । ইয়াত ইদলী, দোছা, চাম্বৰ, বড়া আৰু নাৰিকল চাটনিৰ সোৱাদ এনেকুৱা যে এবাৰ ল’লে পাহৰিব নোৱাৰিব ।

হৰিদ্বাৰ আৰু ঋষিকেশ

Discover the Flavors of India: 5 Cities Famous for Their Vegetarian Cuisine
নিৰামিষ খাদ্যৰ বাবে জনপ্ৰিয় ভাৰতৰ এই ৫খন স্থান...আপুনিও কৰিব পাৰে ট্ৰাই (ETV Bharat)

হৰিদ্বাৰ আৰু ঋষিকেশ ধৰ্মীয় স্থান আৰু ইয়াত কেৱল নিৰামিষ খাদ্যহে পোৱা যায় । ইয়াৰ দোকানত পুৰি-আলু, কচুৰী আৰু গৰম জেলেপী উপভোগ কৰিব পাৰিব । গংগা নদীৰ পাৰত অৱস্থিত এই স্থানৰ খাদ্যৰ অতি গুৰুত্ব আছে ।

আহমেদাবাদ, গুজৰাট

গুজৰাটী খাদ্য মৃদু মছলা আৰু মিঠাৰে ভৰপূৰ । এই ঠাইখন নিৰামিষভোজীৰ বাবে অতি বিশেষ কাৰণ গুজৰাটত জৈন ধৰ্মী লোকৰ সংখ্যা অতি বেছি । গুজৰাটী থালি য’ত খাণ্ডৱী, ফাফড়া, ঢোকলা, থেপলা আৰু দাল-খিচিৰী থাকে সেয়াই গুজৰাটৰ বিশেষ পৰিচয় । আহমেদাবাদৰ প্ৰতিটো গলি আৰু বজাৰত সুস্বাদু নিৰামিষ খাদ্য পাব ।

জয়পুৰ, ৰাজস্থান

Discover the Flavors of India: 5 Cities Famous for Their Vegetarian Cuisine
নিৰামিষ খাদ্যৰ বাবে জনপ্ৰিয় ভাৰতৰ এই ৫খন স্থান...আপুনিও কৰিব পাৰে ট্ৰাই (ETV Bharat)

জয়পুৰৰ ৰাজকীয় নিৰামিষ খাদ্য সমগ্ৰ বিশ্বতে বিখ্যাত । ইয়াত বাজৰাৰ ৰুটি, দাল বাতি চূৰ্মা আৰু গট্টে কি চবজীত ৰাজকীয় সোৱাদ পোৱা যায় । ইয়াৰ বাহিৰেও মিৰ্চি বাড়া, ঘেৱৰ আৰু মালপোৱা জয়পুৰৰ পৰম্পৰাগত খাদ্য । জয়পুৰত উপলব্ধ ৰাজস্থানী থালীৰ সোৱাদ অতি জনপ্ৰিয় ।

লগতে পঢ়ক

  1. শৰীৰত আইৰণৰ অভাৱ দূৰ কৰাত লাভদায়ক এইসমূহ খাদ্য
  2. গ্ৰামাঞ্চলত খাদ্যাভাসৰ উদ্বেগজনক প্ৰৱণতা
  3. শৰীৰৰ প্ৰচুৰ ক্ষতিসাধন কৰে এই খাদ্যই...বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিলে তালিকা