ETV Bharat / lifestyle

চিকিৎসা বিজ্ঞানৰ চমৎকাৰ! এতিয়া পিতৃ-মাতৃয়ে নিজে ডিজাইন কৰিব পাৰিব সন্তানৰ চকু-চুলি-ছালৰ ৰং

এতিয়া সেই দিন দূৰ নহয় যেতিয়া পিতৃ-মাতৃয়ে কেৱল সন্তানৰ জন্মৰ সিদ্ধান্ত লোৱাই নহয়, নিজৰ ইচ্ছামতে শিশুটিৰ চকুৰ ৰং, চুলিৰ ধৰণ, ছালৰ ৰং নিৰ্ণয় কৰিব পাৰিব-

New IVF Technology
চিকিৎসা বিজ্ঞানৰ চমৎকাৰ! এতিয়া পিতৃ-মাতৃয়ে নিজে ডিজাইন কৰিব পাৰিব সন্তানৰ চকু-চুলি-ছালৰ ৰং (AI Image)
author img

By ETV Bharat Lifestyle Team

Published : June 7, 2025 at 12:22 PM IST

4 Min Read
Choose ETV Bharat

বৰ্তমান যুগত বিজ্ঞানে মানুহৰ জীৱনক যিমান সহজ কৰি তুলিছে, সিমানেই আচৰিত কৰি তুলিছে ৷ এতিয়া সেই দিন দূৰ নহয় যেতিয়া পিতৃ-মাতৃয়ে কেৱল সন্তানৰ জন্মৰ সিদ্ধান্ত লোৱাই নহয়, সন্তানৰ চকুৰ ৰং, চুলিৰ টেক্সচাৰ আৰু ছালৰ ৰং নিজৰ ইচ্ছামতে নিৰ্ণয় কৰিব পাৰিব ৷ আমেৰিকাৰ জিনমিক্স কোম্পানী নিউক্লিয়াছ জিনমিক্সে (Nucleus Genomics) আইভিএফ প্ৰযুক্তিৰ জৰিয়তে এটা চফট্ ৱেৰ প্ৰস্তুত কৰিছে, যিয়ে শিশুৰ জিনক উন্নত কৰিব পাৰে ৷

আইভিএফ (ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন) প্ৰযুক্তিৰ জৰিয়তে বিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এক নতুন বিপ্লৱ দেখা গৈছে ৷ এতিয়া এনে উন্নত কৌশল উদ্ভাৱন কৰা হৈছে যিয়ে পিতৃ-মাতৃক সন্তান জন্ম দিয়াৰ সুযোগ দিয়াই নহয়, তেওঁলোকৰ ভৱিষ্যত সন্তানৰ শাৰীৰিক বৈশিষ্ট্য যেনে চকুৰ ৰং, চুলিৰ টেক্সচাৰ, ছালৰ ৰং, আনকি বৌদ্ধিক ক্ষমতাও বাছি লোৱাৰ বিকল্পও দিয়ে ৷

এই প্ৰযুক্তি "জিন সম্পাদনা" আৰু "প্ৰিইমপ্লাণ্টেচন জেনেটিক পৰীক্ষা"ৰ দৰে পদ্ধতিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে ৷ ভ্ৰূণ গঠন হোৱাৰ আগতেই বিজ্ঞানীসকলে ইয়াত কোনবোৰ জিন উপস্থিত আছে পৰীক্ষা কৰিব পাৰে আৰু তাৰ পিছত সেই ভ্ৰূণবোৰ বাছি লোৱা হয়, যিবোৰত আকাংক্ষিত গুণ পোৱা যায় ৷ কিছুমান ক্ষেত্ৰত CRISPRৰ দৰে জিন সম্পাদনা কৌশলও ব্যৱহাৰ কৰা হৈছে, যিয়ে ডি এন এৰ মাত্ৰা সলনি কৰি গুণ নিৰ্ণয় কৰিব পাৰে ৷

যদিও এই প্ৰযুক্তি চিকিৎসাৰ ক্ষেত্ৰত এক অলৌকিকতা বুলি গণ্য কৰা হৈছে, তথাপিও ইয়াৰ নৈতিক আৰু সামাজিক দিশক লৈও এক গুৰুতৰ বিতৰ্ক চলি আছে ৷ বহু বিশেষজ্ঞৰ মতে ইয়াৰ ফলত সমাজত বৈষম্য বৃদ্ধি পাব পাৰে আৰু ‘ডিজাইনাৰ কেঁচুৱা’ৰ ধাৰণাটোৱে ভৱিষ্যত প্ৰজন্মৰ প্ৰাকৃতিক বৈচিত্ৰ্যত প্ৰভাৱ পেলাব পাৰে ৷

এতিয়ালৈকে আইভিএফত (IVF) লেবত ডিম্ব আৰু শুক্ৰাণু নিষিক্ত কৰি মহিলাগৰাকীৰ গৰ্ভত ভ্ৰূণটো স্থাপন কৰা হৈছিল ৷ কিন্তু নিউক্লিয়াছ জিনমিক্সে এখোজ আগুৱাই গৈ ‘নিউক্লিয়াছ এম্ব্ৰয়’ নামৰ জেনেটিক অপ্টিমাইজেচন চফটৱেৰ এটা প্ৰস্তুত কৰিছে, যিয়ে ভ্ৰূণৰ ডি এন এ বিশ্লেষণ কৰি ৯০০ৰো অধিক ৰোগৰ সম্ভাৱনা পৰীক্ষা কৰিব পাৰে ৷ ইয়াৰ ভিতৰত ডায়েবেটিছ, হৃদৰোগ, কেন্সাৰ আদি গুৰুতৰ ৰোগ ৷

এতিয়া আপুনি সম্ভাৱ্য আইকিউ আৰু মানসিক স্বাস্থ্যৰ বিষয়েও জানিব পাৰিব

কেৱল ৰোগেই নহয়, এই প্ৰযুক্তিয়ে ভ্ৰূণৰ আইকিউৰ সৈতে জড়িত মাৰ্কাৰ, হতাশা, উদ্বেগ, বিএমআই আৰু উচ্চতাৰ দৰে মানসিক অৱস্থাৰ বিষয়েও তথ্য প্ৰদান কৰে ৷ কেৱল এয়াই নহয়, অভিভাৱকসকলে এতিয়া চুলিৰ ৰং, চকুৰ ৰং আৰু ছালৰ ৰং আদি বৈশিষ্ট্যৰ ভিত্তিত ভ্ৰূণ নিৰ্বাচন কৰিবলৈ সক্ষম হ’ব ৷

কেনেদৰে কাম কৰিব এই চফট্ ৱেৰে ?

যদি আপুনি আইভিএফৰ জৰিয়তে শিশুৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি আপোনাৰ ক্লিনিকৰ পৰা ২০টা ভ্ৰূণৰ ডিএনএ ডাটা আপলোড কৰিব পাৰে ৷ চফট্ ৱেৰটোৱে সেইবোৰ বিশ্লেষণ কৰি তাৰ পিছত বিশদ প্ৰতিবেদন দিব, যাতে পিতৃ-মাতৃয়ে সিদ্ধান্ত ল’ব পাৰে যে তেওঁলোকৰ বাবে কোনটো ভ্ৰূণ ‘শ্ৰেষ্ঠ’ ৷

নৈতিক দিশটো কি ?

যদিও এই প্ৰযুক্তি চিকিৎসা বিজ্ঞানৰ এক বৃহৎ জাঁপ বুলি গণ্য কৰা হয়, তথাপিও ইয়াৰ সৈতে জড়িত নৈতিক প্ৰশ্নও উত্থাপন হৈছে ৷ মানুহে এতিয়া শিশুক ডিজাইন কৰিবনে ? কোম্পানীটোৰ ২৫ বছৰীয়া প্ৰতিষ্ঠাপক কিয়ান সাদেঘীয়ে কয় যে, যেনেকৈ মানুহে নিজৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ ডি এন এ পৰীক্ষা কৰে, ঠিক তেনেদৰে দীৰ্ঘ আৰু সুস্থ জীৱনৰ বাবে ভ্ৰূণৰ নিৰ্বাচনো কৰিব পাৰে ৷

জনাই দিও যে, গৰ্ভধাৰণৰ বাবে সংগ্ৰাম কৰা মহিলাসকলক সহায় কৰিবলৈ ১৯৭০ আৰু ১৯৭০ চনৰ শেষৰ ফালে "টেষ্ট-টিউব বেবী" বুলিও জনাজাত ইন-ভিট্ৰ' ফাৰ্টিলাইজেচন প্ৰযুক্তি উদ্ভাৱন কৰা হৈছিল । যি প্ৰযুক্তিৰ সহায়ত ১৯৭৮ চনত জন্মগ্ৰহণ কৰা প্ৰথমটো আইভিএফ শিশুটিৰ নাম আছিল লুইজ ব্ৰাউন ।

লগতে পঢ়ক

  1. সন্তানহীনতাৰ আঁৰৰ প্ৰকৃত কাৰণ কি ? IVFএ এনেক্ষেত্ৰত আপোনাক কেনেদৰে সহায় কৰিব পাৰে - IVF
  2. কম খৰচতে এতিয়াৰে পৰা কৰাব পৰিব IVF চিকিৎসা - IVF Treatment in GMCH
  3. IVF: সন্তানহীনতাৰ কাৰণ তথা ইয়াৰ চিকিৎসা সম্পৰ্কে জানো আহক ?