ETV Bharat / lifestyle

ঘিউ নে সৰিয়হৰ তেল ? খাদ্য ৰান্ধিবৰ বাবে কোনবিধ উত্তম

খাদ্য ৰান্ধিবৰ বাবে আমি ঘিঁউ আৰু সৰিয়হৰ তেলৰ ব্যৱহাৰ কৰোঁ ৷ কিন্তু এই দুয়োটাৰ ভিতৰত কোনবিধ আমাৰ স্বাস্থ্যৰ বাবে কোনবিধ উপকাৰী আজি জানো আহক-

Desi ghee or Mustard oil which is better for cooking?
ঘিউ নে সৰিয়হৰ তেল ? খাদ্য ৰান্ধিবৰ বাবে কোনবিধ উত্তম (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : January 15, 2025 at 1:22 PM IST

3 Min Read
Choose ETV Bharat

Desi Ghee or Mustard Oil for Cooking: অসমীয়া ৰন্ধন প্ৰণালীত প্ৰায়ে ঘিঁউ আৰু সৰিয়হৰ তেল ব্যৱহাৰ কৰা হয় ৷ বিশেষকৈ শাক-পাচলিৰ আঞ্জা ৰন্ধাৰ সময়ত সৰিয়হৰ তেল প্ৰায়ে ব্যৱহাৰ কৰা হয় ৷ ঘিঁউ আৰু সৰিয়হ তেল দুয়োটাৰে পুষ্টি আৰু উপকাৰিতা গুণ বেলেগ বেলেগ ৷ সৰিয়হ তেল আৰু ঘিঁউ দুয়োটা ব্যৱহাৰৰ পদ্ধতিও অলপ বেলেগ ৷ জানোঁ আহক ঘিঁউ আৰু সৰিয়হৰ তেলৰ ভিতৰত কোনটো বেছি উপকাৰী ?

ঘিঁউৰ উপকাৰিতা

হজম শক্তিৰ বাবে উপকাৰী: ঘিঁউ ব্যৱহাৰ কৰিলে পাচনতন্ত্ৰ ভাল হৈ থাকে বুলি কোৱা হয় ৷ ই অন্ত্ৰত ভাল বেক্টেৰিয়াৰ বৃদ্ধি কৰে, যাৰ ফলত পেট পৰিষ্কাৰ কৰি ৰাখে আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে ৷

ছাল আৰু চুলিৰ স্বাস্থ্য: ঘিঁউ লগালে আৰু খালে ছালৰ আৰ্দ্ৰতা ধৰি ৰাখে ৷ ই ছালখন চিকচিকিয়া কৰি তোলে ৷ ইয়াৰ উপৰিও ঘিঁউ চুলিৰ বাবেও উপকাৰী, কাৰণ ই চুলিক পুষ্টি প্ৰদান কৰাৰ লগতে কোমল কৰি ৰখাত সহায় কৰে ৷

ভিটামিনৰ ভাল উৎস: ঘিঁউত ভিটামিন এ, ডি, ই আৰু কে আদি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান থাকে, যিবোৰ শৰীৰৰ বাবে অপৰিহাৰ্য ৷ যেনে হাড় শক্তিশালী কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ঘিউ অতি উপকাৰী ৷

স্মৃতিশক্তি আৰু মগজুৰ বাবে ভাল: ঘিঁউ মগজুৰ বাবে এক উৎকৃষ্ট খাদ্য ৷ ইয়াৰ কাৰণ ইয়াত ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে মগজুৰ ক্ষমতা বৃদ্ধি কৰে আৰু স্মৃতিশক্তি বৃদ্ধি কৰে ৷

সৰিয়হ তেলৰ উপকাৰিতা

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী: সৰিয়হৰ তেলত প্ৰচুৰ পৰিমাণে মনোঅনচেচুৰেটেড আৰু পলিঅনচেচুৰেটেড ফেট থাকে, যিয়ে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে ৷

প্ৰদাহ কমায়: সৰিয়হৰ তেলত প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, যিয়ে শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে ৷ বাতবিষৰ দৰে সমস্যাৰ সৈতে লগত জড়িত ৰোগৰ পৰা সকাহ দিয়াতো ই উপযোগী ৷

সমৃদ্ধ এন্টিঅক্সিডেন্ট: সৰিয়হৰ তেলত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া লেহেমীয়া কৰে ৷

যদি আপুনি আপোনাৰ হৃদযন্ত্ৰ আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে সৰিয়হৰ তেল এটা উত্তম বিকল্প হ’ব পাৰে ৷ একে সময়তে যদি আপুনি মগজু, হজম শক্তি আৰু ছালক পুষ্টি দিব বিচাৰে তেন্তে ঘিঁউ খাব পাৰে ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. শীতকালত ঘিউ খোৱাৰ কিমান উপকাৰিতা আছে জানেনে ?
  2. সৰিয়হৰ তেল বনাম ৰিফাইণ্ড অইল : স্বাস্থ্যৰ বাবে কোনবিধ উত্তম ? - Best Cooking Oil For Health