ETV Bharat / lifestyle

উফিৰ সমস্যাৰ বাবে আপুনি খুব চিন্তিত নেকি ? এইদৰে লাভ কৰক সুফল

শীতকালত প্ৰায়ভাগ লোকে ভোগা এটি সমস্যা হৈছে উফিৰ সমস্যা ৷ কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ লাভ কৰাৰ উপায় কি ?

Dandruff in Winter: Causes, Symptoms, and Natural Treatments
উফিৰ সমস্যাৰ বাবে আপুনি খুব চিন্তিত নেকি ? এইদৰে লাভ কৰক সুফল (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : January 30, 2025 at 5:03 PM IST

3 Min Read
Choose ETV Bharat

যদি আপুনি ব্যয়বহুল সামগ্ৰীৰ ওপৰত টকা খৰচ নকৰাকৈ উফিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেনেহ’লে পাকঘৰত থকা বহুতো বস্তুৱে আপোনাক ইয়াত সহায় কৰিব পাৰে ৷ আপুনি এই বস্তুবোৰৰ হেয়াৰ মাস্ক বনাই ধোৱাৰ আগতে আপোনাৰ মূৰত লগাব পাৰে ৷ চুলিৰ উফি এইসমূহ উপায় কাৰ্যকৰী…

নিমৰ পানী

নিম পাতৰ ভেঁকুৰ-প্ৰতিৰোধী আৰু বেক্টেৰিয়া-প্ৰতিৰোধী গুণাগুণ থাকে ৷ নিমপাত পানীত উতলাওক আৰু উফিৰ সমস্যাৰ পৰা সকাহ পাবলৈ ইয়াক মূৰৰ ছালত প্ৰয়োগ কৰক ৷ নিম পানীৰে মূৰ ধুলে লাহে লাহে উফিৰ সমস্যা হ্ৰাস কৰে ৷ লগতে, ই চুলি স্বাস্থ্যৱান কৰাত সহায়ক হ’ব পাৰে ৷

নাৰিকল তেল

নাৰিকল তেলে মূৰৰ ছালখন আৰ্দ্ৰ কৰে ৷ শীতকালত এই তেল কমকৈ গৰম কৰি অলপ সময় ৰাখি থওক ৷ তাৰ পিছত ইয়াক আপোনাৰ চুলিত প্ৰয়োগ কৰক আৰু অলপ সময়ৰ পিছত চুলি ধুই দিয়ক ৷

এলোভেৰা জেল

এলোভেৰা জেলৰ প্ৰদাহ-প্ৰতিৰোধী আৰু বেক্টেৰিয়া-প্ৰতিৰোধী গুণাগুণ থাকে ৷ ইয়াৰ এটা বাটিত সতেজ এলোভেৰা জেল উলিয়াই লওক আৰু চামুচেৰে ফেটি লওক ৷ এতিয়া ইয়াক ২০ ৰ পৰা ২৫ মিনিটৰ বাবে মূৰৰ ছালত প্ৰয়োগ কৰক আৰু তাৰ পিছত চেম্পুৰে ধুই দিয়ক ৷ একে সময়তে, আপুনি নাৰিকল তেল আৰু এলোভেৰা, আমলখি আৰু এলোভেৰা, কল আৰু এলোভেৰা বা মেহেন্দিত এলোভেৰা মিহলাই লগাব পাৰে ৷

মেথিৰ পেষ্ট

মেথিৰ বীজ চুলিৰ বাবে যথেষ্ট উপকাৰী ৷ ই উফি হ্ৰাস কৰাৰ লগতে চুলি কোমল আৰু স্বাস্থ্যৱান কৰাত সহায় কৰে ৷ ইয়াৰ বাবে এটা পাত্ৰত গোটেই ৰাতি মেথি গুটি তিয়াই ৰাখক আৰু তাৰ পিছত পিছদিনা মিক্সাৰত গুৰি কৰি ইয়াত নাৰিকল তেল বা মৌ যোগ দি আৰু হেয়াৰ মাস্ক এটা তৈয়াৰ কৰি কোমল পেষ্ট বনাই লওক ৷ ইয়াৰ উপৰিও চুলিত মেথিগুটি আৰু নাৰ্জিফুলৰ পাতৰ পানী লগাব পাৰে ৷ ই চুলি কোমল আৰু শক্তিশালী কৰাতো সহায় কৰে ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. উফিৰ সমস্যাক লৈ অশান্তি পাইছে নেকি ? অনুসৰণ কৰিব পাৰে এই উপায়
  2. চুলিৰ উফিৰ সমস্যা-অকালপক্কতা ৰোধৰ বাবে কৰক এই উপায়
  3. বাদ দিয়ক দামী শ্বেম্পু...আপোনাৰ ঘৰতে আছে ইয়াৰ বিকল্প...চুলিৰ যিকোনো সমস্যা হ’ব দূৰ - Methi Hair Mask