এইবাৰ নৱৰাত্ৰিত আপুনিও অনুসৰণ কৰিব পাৰে চেলেব্ৰিটিৰ এইসমূহ আকৰ্ষণীয় লুক - NAVARATRI 2024
এইবাৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’বলৈ নৱৰাত্ৰিত আপুনিও অনুসৰণ কৰিব পাৰে আলিয়া, অদিতি ৰাও, সোণাক্ষী সিনহাৰ দৰে চেলেব্ৰিটিৰ এইসমূহ এথিনিক লুক ৷

Published : October 4, 2024 at 1:08 PM IST
নৱৰাত্ৰিৰ উৎসৱৰ আজি দ্বিতীয়টো দিন । নৱৰাত্ৰি বুলি ক’লেই প্ৰথমে আমাৰ মনলৈ আহে যে আমি কেনে ধৰণৰ বস্ত্ৰ পৰিধান কৰিম কিন্তু এতিয়া আৰু চিন্তাৰ কাৰণ নাই কাৰণ আমি আপোনালোকৰ বাবে লৈ আজি আহিছো বলীউডৰ চেলিব্ৰিটিয়ে পৰিধান কৰা এনে কিছুমান আকৰ্ষণীয় পোচাকৰ বিকল্প লৈ আহিছো যাক আপুনিও এইবাৰ নৱৰাত্ৰিৰ উৎসৱত পৰিধান বা অনুসৰণ কৰিব পাৰে ৷
ডিয়া মিৰ্জাৰ সেউজীয়া লেহেংগাৰ লুক

নৱৰাত্ৰিত যদি এক আকৰ্ষণীয় লুক বিচাৰিছে তেন্তে ডিয়া মিৰ্জাৰ দৰে আপুনিও এনেদৰে সেউজীয়া লেহেংগাৰ সৈতে ষ্টেটমেন্ট গহনা পৰিধান কৰিব পাৰে ৷
মৌনি ৰয়ৰ ডাৰ্ক গ্ৰীণ লেহেংগা

মৌনি ৰয়ে পৰিধান কৰা ডাৰ্ক গ্ৰীণ লেহেংগা এইবাৰ নৱৰাত্ৰিত আপোনাৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে ৷
দীপিকাৰ শ্বাৰাৰা লুক

নিউড মেকআপৰ সৈতে দীপিকাই অতি সুন্দৰভাৱে এই লুকটি ক্ৰিয়েট কৰিছে ৷ এইবাৰ নৱৰাত্ৰিত আপুনিও দীপিকাৰ দৰে এই শ্বাৰাৰা পৰিধান কৰিম বুলি পৰিকল্পনা কৰিছে তেন্তে অভিনেত্ৰীগৰাকীৰ এই লুক আপুনিও অনুসৰণ কৰিব পাৰে ৷
সোণাক্ষী সিনহাৰ গ্ৰীণ ইণ্ডো-ৱেচৰ্টাৰ্ণ এচেম্বল লুক

যদি এইবাৰ নৱৰাত্ৰিত এটি পৃথক লুক ক্ৰিয়েট কৰিব বিচাৰিছে তেন্তে সোণাক্ষী সিনহাৰ এই চেটান গ্ৰীণ ইণ্ডো-ৱেচৰ্টাৰ্ণ এচেম্বল লুকটি অনুসৰণ কৰিব পাৰে ৷
অনন্যা পাণ্ডেৰ জটিল ৱৰ্ক কৰা এই লেহেংগা

অনন্যা পাণ্ডেই পৰিধান কৰা জটিল ৱৰ্ক কৰা এই লেহেংগা নৱৰাত্ৰিত আপোনাৰ বাবে এটি উত্তম বিকল্প হ’ব পাৰে ৷
অদিতি ৰাও হাইদৰীৰ গ্ৰীণ জৰ্জেট আনাৰকলি

অদিতি ৰাও হাইদৰীয়ে পৰিধান কৰা এই গ্ৰীণ জৰ্জেট এম্ব্ৰয়ডাৰী থ্ৰেড নটচড জ্যামিতিক আনাৰকলি চুইট নৱৰাত্ৰিত পৰিধান কৰিলে আপোনাক খুবেই আকৰ্ষণীয় দেখাব ৷
আলিয়া ভাটৰ বেনাৰসী শাৰীৰ লুক

সোণালী জৰি ৱৰ্ক কৰা বটল সেউজীয়া ৰঙৰ বেনাৰসী শাৰীত আলিয়া ভাটক খুবেই আকৰ্ষণীয়ে দেখা গৈছে নৱৰাত্ৰিৰ দ্বিতীয়টো দিনত এই লুক আপুনিও অনুসৰণ কৰিব পাৰে ৷
মাধুৰী দীক্ষিতৰ এথিনিক ব্লিচ নিয়ন সেউজীয়া শাৰীৰ লুক

অভিনেত্ৰী মাধুৰী দীক্ষিতে পৰিধান কৰা এই এথিনিক ব্লিচ নিয়ন সেউজীয়া ৰঙৰ শাৰীৰ লুকক অনুসৰণ কৰি আপুনিও এইবাৰ নৱৰাত্ৰিত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব পাৰে ৷

