ETV Bharat / lifestyle

আজি 'হাগ ডে'... প্ৰিয়জনক জোৰকৈ সাৱটি ধৰাৰ দিন

প্ৰতি বছৰে ১২ ফেব্ৰুৱাৰীৰ দিনটোত হাগ ডে’ উদযাপন কৰা হয়, যিটো ভেলেণ্টাইন উইকৰ এটি বিশেষ দিন, এই দিনটোক আৰু বিশেষ কেনেকৈ কৰিব পাৰে জানি লওক-

Celebrating Hug Day: A Guide to Making the Day Memorable and Special
আজি 'হাগ ডে' (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : February 12, 2025 at 9:58 AM IST

3 Min Read
Choose ETV Bharat

Happy Hug Day 2025: "লাগ জা গলে কি ফিৰ য়েহ হচীন ৰাত হ্যো না হ্যো", জাডু কী ঝপ্পী সঁচাকৈ যাদুকৰী । আলিংগনে সম্পৰ্কত অধিক প্ৰেম বৃদ্ধি কৰে, মানসিক চাপ দূৰ কৰে আৰু একো নোকোৱাকৈয়ে নিজৰ অনুভৱ প্ৰকাশ কৰে ।

ভেলেণ্টাইন উইকৰ ষষ্ঠ দিন অৰ্থাৎ ১২ ফেব্ৰুৱাৰীত হাগ ডে’ উদযাপন কৰা হয় । প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনক সাৱটি ধৰি প্ৰেম প্ৰকাশ কৰে । কিন্তু যদি প্ৰেমিক বা প্ৰেমিকাক সাৱটি ধৰিবলৈ সংকোচ হয়, তেন্তে সংকোচ কম কৰাৰ বাবে আপুনি এই পদ্ধতি গ্ৰহণ কৰক । এই ভেলেণ্টাইন উইকত আপুনি আপোনাৰ সংগীক সাৱটি ধৰি নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰে । পৰৱৰ্তী স্লাইডবোৰত জানি লওক যে যদি আপুনি আপোনাৰ সংগীক সাৱটি ধৰি এই বিশেষ দিনটোক উদযাপন কৰিব বিচাৰিছে তেন্তে কি কৰিব পাৰে ? কেনেকৈ আপোনাৰ সংগীক সাৱটি ধৰিলে তেওঁ বিশেষ অনুভৱ কৰিব তথা কেনেকৈ আপুনিও ইয়াৰ দ্বাৰা নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰে ।

Celebrating Hug Day: A Guide to Making the Day Memorable and Special
আজি 'হাগ ডে' (ETV Bharat)

হাগ ডে’ উদযাপনৰ কাৰণ হ’ল মৰম আৰু যত্নৰ অনুভৱ প্ৰকাশ কৰা ৷ আলিংগনে কেৱল শাৰীৰিক ঘনিষ্ঠতা আৰু মৰম প্ৰকাশ কৰাই নহয়, মানসিক আৰু আৱেগিক পৰ্যায়তো ই অতি গুৰুত্বপূৰ্ণ ৷ আলিংগন কৰিলে শৰীৰত অক্সিট’চিন (প্ৰেম হৰম’ন) নিৰ্গত হয়, যাৰ ফলত মানসিক চাপ হ্ৰাস হয় আৰু সুখী অনুভৱ হয় ৷ ইয়াৰ উপৰিও সংগীক সাৱটি ধৰিলে আপোনাৰ সম্পৰ্ক শক্তিশালী হ’ব পাৰে ৷

আপোনাৰ সংগীক হাগ ডে'ৰ শুভকামনা জনোৱাৰ বিশেষ উপায়

হাগ ডে’ক বিশেষ কৰি তুলিবলৈ আপুনি আপোনাৰ সংগীক কিছু বিশেষ ধৰণে অভিনন্দন জনাব পাৰে ৷ আপুনি আপোনাৰ সংগীক কাষ্টমাইজ উপহাৰেৰে সাৱটি ধৰি হাগ ডে’ৰ শুভেচ্ছা জনাব পাৰে ৷ ৰোমান্টিক সংগীতৰ সৈতে মমবাতিৰ পোহৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰিব পাৰে ৷ যদি আপুনি ঠাণ্ডা ঠাইত থাকে তেন্তে আপোনাৰ সংগীক গৰম চুৱেটাৰ বা চাদৰত মেৰিয়াই সাৱটি ধৰিব পাৰে ৷ এই দিনটোক স্মৰণীয় কৰি তুলিবলৈ আপোনাৰ সংগীক তেওঁৰ প্ৰিয় ফুল বা বিশেষ উপহাৰেৰে চাৰপ্ৰাইজ কৰিব পাৰে ৷ আলিংগন কেৱল শাৰীৰিক নহয়, ই এক আৱেগিক সংযোগো সৃষ্টি কৰে যেতিয়া আপুনি আপোনাৰ সংগীক সাৱটি ধৰে তেতিয়া তেওঁক অনুভৱ কৰাওক যে তেওঁ আপোনাৰ বাবে কিমান বিশেষ আৰু তেওঁৰ উপস্থিতি আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ ৷

Celebrating Hug Day: A Guide to Making the Day Memorable and Special
আজি 'হাগ ডে' (ETV Bharat)

হাগ ডে’ক বিশেষ কৰি তুলিবলৈ বিশেষ কিবা এটা কৰক

হাগ ডে’ৰ দিনটোক বিশেষ কৰি তুলিবলৈ আপুনি সেই মুহূৰ্তক কেমেৰাত বন্দী কৰিব পাৰে আৰু লগতে হাগ ডে’ৰ এই বিশেষ দিনটো উদযাপন কৰিব পাৰে, যাতে ই চিৰদিনৰ আপোনাৰ মনত এই দিনটো এটি সুন্দৰ স্মৃতি হৈ থাকে ৷ আপোনাৰ সংগীক সাৱটি ধৰোঁতে তেওঁক কিছুমান মিঠা কথা কওক যেনে, "আপোনাক সাৱটি ধৰিলে মোৰ সকলো কষ্ট আৰু চিন্তা নাইকিয়া হৈ যায়" বা "লগ জা গলে"ৰ দৰে ৰোমান্টিক গীত এটা গোৱা ৷ এইবাৰৰ Hug Dayত আপোনাৰ সংগীৰ প্ৰতি আপোনাৰ মৰম আৰু প্ৰেম প্ৰকাশ কৰিবলৈ ওপৰৰ এই উপায়বোৰ আপুনিও এবাৰ চেষ্টা কৰি চাব পাৰে ৷ এই দিনটো কেৱল সাৱটি ধৰাৰ বাবেই নহয়, আপোনাৰ অনুভৱ প্ৰকাশ তথা সম্পৰ্ক গভীৰ কৰাৰ বাবেও ৷

লগতে পঢ়ক

  1. 'প্ৰতিশ্ৰুতি দিলো শেষ উশাহলৈকে মাথোঁ তোমাৰেই হৈ থাকিম'...প্ৰিয়জনক প্ৰ'মিছ ডে'ত দিয়ক এই ৫টা প্ৰতিশ্ৰুতি
  2. সকলোৰে প্ৰিয় চকলেটৰ সৈতে ভেলেণ্টাইন ডে’ৰ সম্পৰ্ক কি জানেনে ?
  3. এইবাৰ এই ৫টা ৰাশিৰ লোকৰ বাবে বিশেষ হ’বলৈ গৈ আছে Valentine Day