এপ্ৰিল হৈছে অসমীয়াৰ উৎসৱৰ মাহ ৷ সদৌ অসমবায়ীয়ে এই মাহটোতে নতুন বছৰটোক আদৰি উলহ-মালহৰে উদযাপন কৰে ৰঙালী বা ব’হাগ বিহু ৷ বসন্ত ঋতুত উদযাপিত এই বিহুত প্রকৃতিয়ে বৰণ সলায় ৷ ধৰাত বসন্তৰ প্রথমজাক বৰষুণ পৰাৰ লগে লগেই বসুমতী ঋতুমতী হয়, গছ-লতিকাত কুঁহিপাত ওলায়, প্রকৃতি ফুলে-ফলে জাতিষ্কাৰ হৈ পৰে আৰু এনে বিনন্দীয়া পৰিৱেশতেই জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমীয়াই পালন কৰে ব’হাগ বিহু ৷ ব’হাগ বিহু চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয় ৷ ব’হাগ বিহুৰ লগত ৰং-তামাচা, নৃত্য-গীতৰ লগতে বহুতো ৰীতি-নীতি, লোকাচাৰ আৰু জনবিশ্বাস জড়িত হৈ আছে ৷ খাই ভাল পোৱা অসমীয়াই এইকেইটা দিনত আপোনজনৰ লগত লগে-ভাগে এসাঁজ খাই সময় অতিবাহিত কৰে ৷ পিছে, এইবাৰ বিহুত আপুনি আপোনজনৰ বাবে কি পৰম্পৰাগত খাদ্য বনোৱাৰ পৰিকল্পনা কৰিছে ? এইবাৰৰ ৰঙালী বিহুত প্ৰিয়জনৰ মন জয় কৰিবলৈ আপুনিও ঘৰতে বনাব পৰা কেইবিধমান সহজ ৰেচিপিৰ বিষয়ে জানো আহক-
ঘিলা পিঠা
- ঘিলাপিঠা প্ৰস্তুতৰ বাবে দৰকাৰী উপাদানসমূহ-
- পিঠাগুৰি- ৫০০ গ্ৰাম
- গুড়- ৩০০ গ্ৰাম
- পানমছলা- ১ টেবল চামুচ
- আঠাযুক্ত চাউলৰ গুৰি- ১ টেবল চামুচ
- বেকিং পাউডাৰ - আধা চামুচতকৈ কম
- পিঠা ভাজিব পৰাকৈ সৰিয়হৰ তেল
পদ্ধতি
পিঠাগুৰি, আঠাযুক্ত চাউলৰ গুৰি, মিহি কৰি লোৱা গুড়, বেকিং পাউদাৰ আৰু পান মছলাখিনি ভালকৈ মিহলি কৰি এটা লাডু কৰি ৰাতিটোৰ বাবে থৈ দিয়ক ৷ পিছদিনা পিঠাগুৰিৰ লাডুটোৰ পৰা সৰু সৰুকৈ লাড়ু কৰি ঘিলা আকৃতি দি তেলক ভাজিব ৷ পিঠাকেইটা ৰঙচুৱা হোৱালৈকে ভাজি গৰমে গৰমে অথবা ঠাণ্ডা হোৱাৰ পাছত পৰিৱেশন কৰক ৷
মিঠৈ
প্ৰস্ততৰ বাবে দৰকাৰী উপাদানসমূহ:
- পিঠাগুৰি- ১কাপ
- গুড়- ১/২ কাপ
- পানী- ১/৪ কাপ
- গুৰি কৰা জালুক- ১ চামুচ
পদ্ধতি

চাউলখিনি ৫ ঘণ্টাৰ বাবে তিয়াই ৰাখক ৷ ইয়াৰ পাছত চাউলখিনি এখন কপাহী কাপোৰত মেলি ভালকৈ শুকুৱাই লওঁক ৷ চাউলখিনি শুকুৱাৰ পাছত মিহিকৈ গুৰি কৰি ভালদৰে চালি ল’ব ৷ চাউলৰ গুৰিখিনি এটা কেৰাহীত গোন্ধ ওলোৱালৈ লৰাই লৰাই ভাজিব ৷ ভজা হ’লে গেছটো বন্ধ কৰি তাত জালুক মিহলি কৰিব ৷ আন এটা পাত্ৰ গেছত দি কম জুইত এইবাৰ গুড় আৰু পানীৰ এটা চিৰাপ বনাওঁক আৰু এই চিৰাপখিনি অলপ অলপকৈ চাউলৰ গুৰিত মিহলি কৰি ঘূৰণীয়াকৈ লাড়ু কৰক ৷ পকা মিঠৈ সাজু ৷
অমিতাৰ খাৰ
অমিতাৰ খাৰ প্ৰস্তুতৰ বাবে দৰকাৰী উপাদানসমূহ
- কেঁচা অমিতা - ১টা
- সৰিয়হৰ তেল- ১/৪ কাপ
- পাঁচফুৰণ- ১ চামুচ
- মিহিকৈ কটা ধনিয়া পাত - ১ চামুচ
- বেকিং চডা- ১/২ চামুচ
- জালুকৰ গুৰি-১ চামুচ
- নহৰু- ১ টেবল চামুচ
- কেঁচা জলকীয়া-৩ টা
- প্ৰয়োজন অনুসৰি নিমখ
পদ্ধতি
অমিতাটো মজলীয়া আকাৰত কাটি ল’ব ৷ এতিয়া এটা কেৰাহীত তেল, পাঁচফুৰণ, নিমখ দি অমিতাখিনি ভাজি লওঁক ৷ আধা ভজা হওঁতে তাত জালুকৰ গুৰিখিনি দি দিব ৷ আন এটা পৃথক পেনত ১ কাপ পানী উতলাওক আৰু তাত বেকিং চ’ডা দি ভালদৰে মিহলাই ভাজি হোৱা অমিতাখিনিত ঢালি দিব ৷ গেছতো কমকৈ জ্বলাই ৰাখিব ৷ পানীখিনিৰ লগত অমিতাখিনি ভালকৈ মিহলাই তাত কেঁচা জলকীয়া কেইটা কাটি দি এক চামুচ সৰিয়হৰ তেল আৰু ধনিয়া পাতখিনি দি ভালদৰে লৰাই গেছটো বন্ধ কৰি দিব ৷ গৰম গৰম ভাতৰ লগত ইয়াক পৰিৱেশন কৰিব ৷
জলফাই আৰু গুৰৰ চাটনি
- প্ৰস্তুতৰ বাবে দৰকাৰী উপাদানসমূহ
- সৰিয়হৰ তেল- ৪-৫ চাহ চামুচ
- কাটি লোৱা জলফাই- ১ বাতি
- গুড়- ৫০ গ্ৰাম
- পাঁচফুৰন- ২ চাহ চামুচ
- জলকীয়া গুৰি- ১ চাহ চামুচ
- ভজা জিৰাৰ গুৰি - ২ চাহ চামুচ
- মৌ- ৩ চাহ চামুচ
- সোৱাদ অনুসৰি নিমখ
পদ্ধতি
কেৰাহীত অলপ সৰিয়হৰ তেল গৰম কৰি গুড়খিনি তেলত ভালদৰে মিহলি কৰক ৷ গুড়খিনি মিহলি হোৱাৰ পাছত তাত কাটি লোৱা জলফাইখিনিও মিহলি কৰিব ৷ দুয়োখিনি মিহলি হোৱাৰ পাছত তাত নিমখ, পাঁচফুৰন, জলকীয়া গুৰি, ভজা জিৰাৰ গুৰিখিনি দি কেইমিনিট মানৰ বাবে ৰান্ধিব ৷অলপ সময় ৰন্ধাৰ পাছত তাত মৌখিনি মিহলাই দি গেছটো বন্ধ কৰি দিব ৷
মাছৰ টেঙা
- প্ৰস্তুতৰ বাবে লাগতীয়াল উপাদানসমূহ
- সতেজ ৰৌ মাছ- ৫০০গ্ৰাম
- আলু (আধা সিজোৱা)- ৫টা
- বিলাহী- ৪টা
- ক'লা সৰিয়হ- ১ চামুচ
- জিৰা- ১ চামুচ
- মিহিকৈ কটা পিঁয়াজ- ২টা
- হালধি গুৰি- জোখ মতে
- কেঁচা জলকীয়া- ২টা
- সোৱাদ অনুসৰি নিমখ
- সৰিয়হৰ তেল-৩-৪ চামুচ
- মিহিকৈ কাটি লোৱা ধনিয়া পাত
পদ্ধতি
মাছখিনি নিমখ, হালধি গুৰি আৰু ১ চামুচ সৰিয়হ তেলৰে ভালকৈ সানি লৈ ১৫ মিনিটৰ পিছত ভালকৈ ভাজি লওঁক ৷ইয়াৰ পাছত আধা সিজোৱা আলুটো নিমখ, হালধি গুৰি সানি ভালকৈ ভাজি এফালে ৰাখিব ৷এতিয়া এটা কেৰাহীত তেল দি তেলখিনি গৰম হোৱাৰ পিছত জিৰা, সৰিয়হ, কেঁচা জলকীয়া, মিহিকৈ কটা পিয়াজ, হালধি, নিমখ আৰু বিলাহী দি ৰঙচুৱা হোৱাকৈ ভাজি তাত আলুখিনি দি দিব ৷ পাঁচ মিনিটৰ বাবে গোটেইখিনি ভালদৰে লৰাই ৩ কাপ গৰম পানী ঢালি দিয়ক কেৰাহীটো ঢাকি দি ৫ মিনিটৰ বাবে কম জুইত ৰাখক ৷ইয়াৰ পাছত ভজা মাছখিনি কেৰাহীত যোগ দি অলপ সময় ৰাখি গেছ বন্ধ কৰাৰ আগে আগে ধনিয়া পাতখিনি দি দিব ৷
ছাগলী মাংস
- প্ৰস্তুতৰ বাবে দৰকাৰী উপাদানসমূহ
- মজলীয়া টুকুৰাত কটা ছাগলী মাংস- ১ কেজি
- ডাঙৰ ডাঙৰকৈ কটা আলু - ২টা
- আদা-নহৰুৰ পেষ্ট- ৩চামুচ
- কটা পিঁয়াজ - ৫ টা
- সৰিয়হৰ তেল- ৫-৬ চামুচ
- তেজপাত-দুটা
- ডাঙৰ বিলাহী- ১ টা
- কেঁচা জলকীয়া- ৫-৬টা
- জিৰা গুৰি- ১ চামুচ
- গৰম মছলা- ১ চামুচ
- মাংস মছলা - ১চামুচ
- গুৰি কৰা জালুক- ১/২ – চামুচ
- অকনমান চেনি
- সোৱাদ অনুসৰি নিমখ
- অলপ কটা ধনিয়া
পদ্ধতি
মাংসখিনিত হালধী, ধনিয়া গুৰি, ২ চামুচ আদা-নহৰুৰ পেষ্ট, পিয়াজৰ পেষ্ট, সৰিয়হৰ তেল আৰু নিমখ ভালদৰে সানি এক ঘণ্টাৰ বাবে ‘মেৰিনেট’ কৰি থওঁক ৷ইয়াৰ পাছত সৰিয়হৰ তেল এটা কেৰাহীত গৰম কৰি তাত তেজপাত, চেনি, জলকীয়া আৰু পিঁয়াজ দি সোণালী ৰঙৰ নোহোৱালৈকে ভাজক ৷ এতিয়া বাকী থকা আদা-নহৰুৰ পেষ্টখিনি দি কেইছেকেণ্ডৰ বাবে ভাজি তাত মাংসখিনি আৰু মাংস মচলাখিনি দি দিব ৷ মাংসৰ পৰা তেল পৃথক নোহোৱালৈকে ৰান্ধি থাকিব ৷ মাংসখিনি ভজা হ’লে তাত গৰম মচলা, জালুক, বিলাহীৰ টুকুৰা আৰু ভজা আলুখিনি ভালদৰে মিহলি কৰি ১৫ মিনিটৰ বাবে ভাজক ৷ এতিয়া মাংসখিনি এটা প্ৰেছাৰ কুকাৰত ৰাখক আৰু ২-৩ কাপ পানী দি ৬ টা হুইচেল আহিবলৈ দিয়ক ৷ ১০ মিনিটৰ পিছত ঢাকনিখন খোলক আৰু তাত কাটি থোৱা ধনিয়া পাতখিনি দি পৰিৱেশন কৰক ৷
জহা চাউলৰ পায়স
- প্ৰস্তুতৰ বাবে দৰকাৰী উপাদানসমূহ
- গাখীৰ- ১ লিটাৰ
- জহা চাউল - ১/২ কাপ
- চেনি- ৫০ গ্ৰাম
- কিচমিচ - ১ চামুচ
- কাটি লোৱা কাজু - ২ চামুচ
- ইলাচী গুৰি- ১/২ চামুচ
- ডাঙৰ তেজপাত- ১টা
পদ্ধতি
চাউলখিনি প্ৰায় ২০ মিনিটৰ বাবে তিয়াই ৰাখক ৷এতিয়া এটা পেনত গাখীৰ আৰু তেজপাত দি অলপ সময় লৰাই থাকি তাত আগতীয়াকৈ তিয়াই থোৱা চাউলখিনি, কিচমিচ আৰু বাদাম দি গেছটো কম জুই ৰাখিব ৷ গোটেইখিনি ভালদৰে লৰাই থাকিব যাতে চাউল পেনৰ তলত লাগি নাযায় ৷ চাউলখিনি সিজিলে তাত চেনি, ইলাচী পাউডাৰ দি অলপ ডাঠ হ’লেই গেছটো বন্ধ কৰি দিব ৷ প্ৰিয়জনক খুৱাব পৰাকৈ আপোনাৰ পায়স সাজু ৷