ETV Bharat / lifestyle

ৰঙালী বিহুৰ দিনা ঘৰতে তৈয়াৰ কৰি পৰিয়ালৰ সৈতে উপভোগ কৰক এইসমূহ পৰম্পৰাগত খাদ্য

এইবাৰ বিহুত আপুনি আপোনজনৰ বাবে কি পৰম্পৰাগত খাদ্য বনোৱাৰ পৰিকল্পনা কৰিছে, ৰঙালী বিহুত প্ৰিয়জনৰ মন জয় কৰিবলৈ ঘৰতে বনাব পৰা কেইবিধমান সহজ ৰেচিপি জানি লওক-

Bihu Special Recipes
ৰঙালী বিহুৰ দিনা ঘৰতে তৈয়াৰ কৰি পৰিয়ালৰ সৈতে উপভোগ কৰক এইসমূহ পৰম্পৰাগত খাদ্য (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : April 12, 2025 at 5:12 AM IST

7 Min Read
Choose ETV Bharat

এপ্ৰিল হৈছে অসমীয়াৰ উৎসৱৰ মাহ ৷ সদৌ অসমবায়ীয়ে এই মাহটোতে নতুন বছৰটোক আদৰি উলহ-মালহৰে উদযাপন কৰে ৰঙালী বা ব’হাগ বিহু ৷ বসন্ত ঋতুত উদযাপিত এই বিহুত প্রকৃতিয়ে বৰণ সলায় ৷ ধৰাত বসন্তৰ প্রথমজাক বৰষুণ পৰাৰ লগে লগেই বসুমতী ঋতুমতী হয়, গছ-লতিকাত কুঁহিপাত ওলায়, প্রকৃতি ফুলে-ফলে জাতিষ্কাৰ হৈ পৰে আৰু এনে বিনন্দীয়া পৰিৱেশতেই জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমীয়াই পালন কৰে ব’হাগ বিহু ৷ ব’হাগ বিহু চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয় ৷ ব’হাগ বিহুৰ লগত ৰং-তামাচা, নৃত্য-গীতৰ লগতে বহুতো ৰীতি-নীতি, লোকাচাৰ আৰু জনবিশ্বাস জড়িত হৈ আছে ৷ খাই ভাল পোৱা অসমীয়াই এইকেইটা দিনত আপোনজনৰ লগত লগে-ভাগে এসাঁজ খাই সময় অতিবাহিত কৰে ৷ পিছে, এইবাৰ বিহুত আপুনি আপোনজনৰ বাবে কি পৰম্পৰাগত খাদ্য বনোৱাৰ পৰিকল্পনা কৰিছে ? এইবাৰৰ ৰঙালী বিহুত প্ৰিয়জনৰ মন জয় কৰিবলৈ আপুনিও ঘৰতে বনাব পৰা কেইবিধমান সহজ ৰেচিপিৰ বিষয়ে জানো আহক-

ঘিলা পিঠা

  • ঘিলাপিঠা প্ৰস্তুতৰ বাবে দৰকাৰী উপাদানসমূহ-
  • পিঠাগুৰি- ৫০০ গ্ৰাম
  • গুড়- ৩০০ গ্ৰাম
  • পানমছলা- ১ টেবল চামুচ
  • আঠাযুক্ত চাউলৰ গুৰি- ১ টেবল চামুচ
  • বেকিং পাউডাৰ - আধা চামুচতকৈ কম
  • পিঠা ভাজিব পৰাকৈ সৰিয়হৰ তেল

পদ্ধতি

পিঠাগুৰি, আঠাযুক্ত চাউলৰ গুৰি, মিহি কৰি লোৱা গুড়, বেকিং পাউদাৰ আৰু পান মছলাখিনি ভালকৈ মিহলি কৰি এটা লাডু কৰি ৰাতিটোৰ বাবে থৈ দিয়ক ৷ পিছদিনা পিঠাগুৰিৰ লাডুটোৰ পৰা সৰু সৰুকৈ লাড়ু কৰি ঘিলা আকৃতি দি তেলক ভাজিব ৷ পিঠাকেইটা ৰঙচুৱা হোৱালৈকে ভাজি গৰমে গৰমে অথবা ঠাণ্ডা হোৱাৰ পাছত পৰিৱেশন কৰক ৷

মিঠৈ

প্ৰস্ততৰ বাবে দৰকাৰী উপাদানসমূহ:

  • পিঠাগুৰি- ১কাপ
  • গুড়- ১/২ কাপ
  • পানী- ১/৪ কাপ
  • গুৰি কৰা জালুক- ১ চামুচ

পদ্ধতি

Bihu Special Recipes
ৰঙালী বিহুৰ দিনা ঘৰতে তৈয়াৰ কৰি পৰিয়ালৰ সৈতে উপভোগ কৰক এইসমূহ পৰম্পৰাগত খাদ্য (ETV Bharat)

চাউলখিনি ৫ ঘণ্টাৰ বাবে তিয়াই ৰাখক ৷ ইয়াৰ পাছত চাউলখিনি এখন কপাহী কাপোৰত মেলি ভালকৈ শুকুৱাই লওঁক ৷ চাউলখিনি শুকুৱাৰ পাছত মিহিকৈ গুৰি কৰি ভালদৰে চালি ল’ব ৷ চাউলৰ গুৰিখিনি এটা কেৰাহীত গোন্ধ ওলোৱালৈ লৰাই লৰাই ভাজিব ৷ ভজা হ’লে গেছটো বন্ধ কৰি তাত জালুক মিহলি কৰিব ৷ আন এটা পাত্ৰ গেছত দি কম জুইত এইবাৰ গুড় আৰু পানীৰ এটা চিৰাপ বনাওঁক আৰু এই চিৰাপখিনি অলপ অলপকৈ চাউলৰ গুৰিত মিহলি কৰি ঘূৰণীয়াকৈ লাড়ু কৰক ৷ পকা মিঠৈ সাজু ৷

অমিতাৰ খাৰ

অমিতাৰ খাৰ প্ৰস্তুতৰ বাবে দৰকাৰী উপাদানসমূহ

  • কেঁচা অমিতা - ১টা
  • সৰিয়হৰ তেল- ১/৪ কাপ
  • পাঁচফুৰণ- ১ চামুচ
  • মিহিকৈ কটা ধনিয়া পাত - ১ চামুচ
  • বেকিং চডা- ১/২ চামুচ
  • জালুকৰ গুৰি-১ চামুচ
  • নহৰু- ১ টেবল চামুচ
  • কেঁচা জলকীয়া-৩ টা
  • প্ৰয়োজন অনুসৰি নিমখ

পদ্ধতি

অমিতাটো মজলীয়া আকাৰত কাটি ল’ব ৷ এতিয়া এটা কেৰাহীত তেল, পাঁচফুৰণ, নিমখ দি অমিতাখিনি ভাজি লওঁক ৷ আধা ভজা হওঁতে তাত জালুকৰ গুৰিখিনি দি দিব ৷ আন এটা পৃথক পেনত ১ কাপ পানী উতলাওক আৰু তাত বেকিং চ’ডা দি ভালদৰে মিহলাই ভাজি হোৱা অমিতাখিনিত ঢালি দিব ৷ গেছতো কমকৈ জ্বলাই ৰাখিব ৷ পানীখিনিৰ লগত অমিতাখিনি ভালকৈ মিহলাই তাত কেঁচা জলকীয়া কেইটা কাটি দি এক চামুচ সৰিয়হৰ তেল আৰু ধনিয়া পাতখিনি দি ভালদৰে লৰাই গেছটো বন্ধ কৰি দিব ৷ গৰম গৰম ভাতৰ লগত ইয়াক পৰিৱেশন কৰিব ৷

জলফাই আৰু গুৰৰ চাটনি

  • প্ৰস্তুতৰ বাবে দৰকাৰী উপাদানসমূহ
  • সৰিয়হৰ তেল- ৪-৫ চাহ চামুচ
  • কাটি লোৱা জলফাই- ১ বাতি
  • গুড়- ৫০ গ্ৰাম
  • পাঁচফুৰন- ২ চাহ চামুচ
  • জলকীয়া গুৰি- ১ চাহ চামুচ
  • ভজা জিৰাৰ গুৰি - ২ চাহ চামুচ
  • মৌ- ৩ চাহ চামুচ
  • সোৱাদ অনুসৰি নিমখ

পদ্ধতি

কেৰাহীত অলপ সৰিয়হৰ তেল গৰম কৰি গুড়খিনি তেলত ভালদৰে মিহলি কৰক ৷ গুড়খিনি মিহলি হোৱাৰ পাছত তাত কাটি লোৱা জলফাইখিনিও মিহলি কৰিব ৷ দুয়োখিনি মিহলি হোৱাৰ পাছত তাত নিমখ, পাঁচফুৰন, জলকীয়া গুৰি, ভজা জিৰাৰ গুৰিখিনি দি কেইমিনিট মানৰ বাবে ৰান্ধিব ৷অলপ সময় ৰন্ধাৰ পাছত তাত মৌখিনি মিহলাই দি গেছটো বন্ধ কৰি দিব ৷

মাছৰ টেঙা

  • প্ৰস্তুতৰ বাবে লাগতীয়াল উপাদানসমূহ
  • সতেজ ৰৌ মাছ- ৫০০গ্ৰাম
  • আলু (আধা সিজোৱা)- ৫টা
  • বিলাহী- ৪টা
  • ক'লা সৰিয়হ- ১ চামুচ
  • জিৰা- ১ চামুচ
  • মিহিকৈ কটা পিঁয়াজ- ২টা
  • হালধি গুৰি- জোখ মতে
  • কেঁচা জলকীয়া- ২টা
  • সোৱাদ অনুসৰি নিমখ
  • সৰিয়হৰ তেল-৩-৪ চামুচ
  • মিহিকৈ কাটি লোৱা ধনিয়া পাত

পদ্ধতি

মাছখিনি নিমখ, হালধি গুৰি আৰু ১ চামুচ সৰিয়হ তেলৰে ভালকৈ সানি লৈ ১৫ মিনিটৰ পিছত ভালকৈ ভাজি লওঁক ৷ইয়াৰ পাছত আধা সিজোৱা আলুটো নিমখ, হালধি গুৰি সানি ভালকৈ ভাজি এফালে ৰাখিব ৷এতিয়া এটা কেৰাহীত তেল দি তেলখিনি গৰম হোৱাৰ পিছত জিৰা, সৰিয়হ, কেঁচা জলকীয়া, মিহিকৈ কটা পিয়াজ, হালধি, নিমখ আৰু বিলাহী দি ৰঙচুৱা হোৱাকৈ ভাজি তাত আলুখিনি দি দিব ৷ পাঁচ মিনিটৰ বাবে গোটেইখিনি ভালদৰে লৰাই ৩ কাপ গৰম পানী ঢালি দিয়ক কেৰাহীটো ঢাকি দি ৫ মিনিটৰ বাবে কম জুইত ৰাখক ৷ইয়াৰ পাছত ভজা মাছখিনি কেৰাহীত যোগ দি অলপ সময় ৰাখি গেছ বন্ধ কৰাৰ আগে আগে ধনিয়া পাতখিনি দি দিব ৷

ছাগলী মাংস

  • প্ৰস্তুতৰ বাবে দৰকাৰী উপাদানসমূহ
  • মজলীয়া টুকুৰাত কটা ছাগলী মাংস- ১ কেজি
  • ডাঙৰ ডাঙৰকৈ কটা আলু - ২টা
  • আদা-নহৰুৰ পেষ্ট- ৩চামুচ
  • কটা পিঁয়াজ - ৫ টা
  • সৰিয়হৰ তেল- ৫-৬ চামুচ
  • তেজপাত-দুটা
  • ডাঙৰ বিলাহী- ১ টা
  • কেঁচা জলকীয়া- ৫-৬টা
  • জিৰা গুৰি- ১ চামুচ
  • গৰম মছলা- ১ চামুচ
  • মাংস মছলা - ১চামুচ
  • গুৰি কৰা জালুক- ১/২ – চামুচ
  • অকনমান চেনি
  • সোৱাদ অনুসৰি নিমখ
  • অলপ কটা ধনিয়া

পদ্ধতি

মাংসখিনিত হালধী, ধনিয়া গুৰি, ২ চামুচ আদা-নহৰুৰ পেষ্ট, পিয়াজৰ পেষ্ট, সৰিয়হৰ তেল আৰু নিমখ ভালদৰে সানি এক ঘণ্টাৰ বাবে ‘মেৰিনেট’ কৰি থওঁক ৷ইয়াৰ পাছত সৰিয়হৰ তেল এটা কেৰাহীত গৰম কৰি তাত তেজপাত, চেনি, জলকীয়া আৰু পিঁয়াজ দি সোণালী ৰঙৰ নোহোৱালৈকে ভাজক ৷ এতিয়া বাকী থকা আদা-নহৰুৰ পেষ্টখিনি দি কেইছেকেণ্ডৰ বাবে ভাজি তাত মাংসখিনি আৰু মাংস মচলাখিনি দি দিব ৷ মাংসৰ পৰা তেল পৃথক নোহোৱালৈকে ৰান্ধি থাকিব ৷ মাংসখিনি ভজা হ’লে তাত গৰম মচলা, জালুক, বিলাহীৰ টুকুৰা আৰু ভজা আলুখিনি ভালদৰে মিহলি কৰি ১৫ মিনিটৰ বাবে ভাজক ৷ এতিয়া মাংসখিনি এটা প্ৰেছাৰ কুকাৰত ৰাখক আৰু ২-৩ কাপ পানী দি ৬ টা হুইচেল আহিবলৈ দিয়ক ৷ ১০ মিনিটৰ পিছত ঢাকনিখন খোলক আৰু তাত কাটি থোৱা ধনিয়া পাতখিনি দি পৰিৱেশন কৰক ৷

জহা চাউলৰ পায়স

  • প্ৰস্তুতৰ বাবে দৰকাৰী উপাদানসমূহ
  • গাখীৰ- ১ লিটাৰ
  • জহা চাউল - ১/২ কাপ
  • চেনি- ৫০ গ্ৰাম
  • কিচমিচ - ১ চামুচ
  • কাটি লোৱা কাজু - ২ চামুচ
  • ইলাচী গুৰি- ১/২ চামুচ
  • ডাঙৰ তেজপাত- ১টা

পদ্ধতি

চাউলখিনি প্ৰায় ২০ মিনিটৰ বাবে তিয়াই ৰাখক ৷এতিয়া এটা পেনত গাখীৰ আৰু তেজপাত দি অলপ সময় লৰাই থাকি তাত আগতীয়াকৈ তিয়াই থোৱা চাউলখিনি, কিচমিচ আৰু বাদাম দি গেছটো কম জুই ৰাখিব ৷ গোটেইখিনি ভালদৰে লৰাই থাকিব যাতে চাউল পেনৰ তলত লাগি নাযায় ৷ চাউলখিনি সিজিলে তাত চেনি, ইলাচী পাউডাৰ দি অলপ ডাঠ হ’লেই গেছটো বন্ধ কৰি দিব ৷ প্ৰিয়জনক খুৱাব পৰাকৈ আপোনাৰ পায়স সাজু ৷