প্ৰতিগৰাকী লোকেই নিজকে ধুনীয়াকৈ সজাই পৰাই ৰাখিবলৈ বা ধুনীয়া হৈ থাকিবলৈ ভাল পায় । আমি প্ৰত্যেকেই নিজেকে ধুনীয়াকৈ ৰখাটো অৱশ্যকো । নিজকে ধুনীয়াকৈ ৰাখিলে আমি জীৱনত সকলোৱে খুৱ ধুনীয়াকৈ আগবাঢ়ি যাব পাৰো লগতে আত্মবিশ্বাসো বাঢ়ে । সেয়ে আমি সকলোৱে নিজৰ ছাল-চুলিৰ যতন লোৱাটো আৱশ্যক ।
যিহেতু এতিয়া বিহুৰ বতৰ । ৰঙালী বিহুত মাহ-হালধিৰ এক বিশেষ তাৎপৰ্য আছে । গৰুবিহুৰ দিনা মাহ-হালধি গাত সনা হয় । ঠাই বিশেষে গ্রাম্যঞ্চল সমূহত গৰুবিহুৰ দিনা, গৰু গা ধুৱাই মাহ-হালধি গৰুৰ ভৰিত লগোৱাৰ পাচত সেই মাহ-হালধিও মূৰত আশীষ হিচাপে লোৱা হয় । সেয়ে মাহ-হালধিৰ তাৎপৰ্য অসমীয়া চহা জীৱনত অপৰিহাৰ্য ।
গৰু বিহুৰ দিনা পুৱাই সাতাম পুৰুষীয়া পৰম্পৰা অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৈ-পুখুৰী, বিল আদিত গোধনক গা ধুৱা হয় ৷ সেইদিনা গৰুক পুৱাই মূৰ, শিং আৰু গাত পিচি থোৱা মাহ-হালধি সানি দিয়া হয় ৷ গৰুৰ গা, খুৰা আৰু শিঙত মিঠাতেল দি মাহ-হালধি সনা পৰ্বক নোৱোওৱা বুলি কোৱা হয় ৷ গৰুক নোওৱাৰ পিছত সমীপৱৰ্তী নৈ-বিল, পুখুৰী আদিলৈ নি গা ধুওৱা হয় ৷ তাৰ পাছত সেই মাহ-হালধি মানুহে গাত লগায় ৷ কিছু ঠাইত মানুহ বিহু দিনাও গাত মাহ-হালধি লগোৱাৰ পৰম্পৰা আছে ৷ অসমীয়া চহা জীৱনত বিহুৰ দিনা পুৱা মাহ-হালধিৰে গা ধুলে বছৰটোৰ বাবে ছালৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি এক লোক বিশ্বাস অতীজৰে পৰা চলি আহিছে ৷
অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ ৷ 🌾❤️🙏🏼
— papon angaraag (@paponmusic) April 13, 2024
Wishing everyone a very Happy Rongali Bihu and a very Happy Axomia new year!
Hope this year brings peace and prosperity for everyone!
🌾❤️☮️🙏🏼 pic.twitter.com/KmQ8SiDlvq
হালধিৰ গুণাগুণ
আমি সকলোৱে হালধিৰ উপকাৰিতাৰ বিষয়ে জানো ৷ গৰু বিহুৰ দিনা মাহ হালধিৰে নোওৱাৰ নিয়ম পূৰ্বৰে পৰা চলি আহিছে ৷ ই অসমীয়া সমাজৰ এক এৰাব নোৱাৰা অংগ ৷ লাও-বেঙেনাৰ লগতে গৰুক হালধি লগোৱা হয় ৷ গৰুক নোৱাবলৈকে অসমীয়া কৃষকে বাৰীৰ এচুকত ৰুই থয় ‘গৰু নোওৱা’ হালধি ৷ অসমীয়া বিবাহ অনুষ্ঠানতো হালধিৰ ব্যৱহাৰ কৰা হয় ৷ বিবাহ অনুষ্ঠানত কইনা নোওৱাৰ সময়ত আয়তীসকলে হাতে হাতে মাহ-হালধি লৈ নোৱাবলৈ ব্যৱহাৰ কৰে ৷ হালধিৰ আছে যথেষ্ট ঔষধি গুণ ৷ আয়ুৰ্বেদতো হালধিৰ উপকাৰিতাৰ বিষয়ে কোৱা হৈছে ৷ হালধিত বিভিন্ন ধৰণৰ উপাদান যেনে আইৰণ, কেলছিয়াম, পটেছিয়াম, ক’পাৰ, ভিটামিন- A, B, C, D,ফাইবাৰ, মেংগানিজ, কাৰকুমিন আদি পোৱা যায় ৷
- হালধি পানীৰ সৈতে মিহলাই সমগ্ৰ দেহত সানিলে গাৰ ৰং উজ্জ্বল হয় ৷
- যদি কোনো আঘাত বা ঘা-ফোঁহাৰ বাবে ছালত গাঁতৰ দৰে হয়, তেন্তে হালধিৰ লেপ লগালে শীঘ্ৰে নতুন ছাল আহে ৷
- যদি শৰীৰৰ কোনো অংশত বগা দাগৰ প্ৰাৰম্ভিক লক্ষণ প্ৰকট হয় তেন্তে সেই ঠাইত হালধিৰ তেল মালিচ কৰিব লাগে ৷
- প্ৰতিদিনে কেঁচা হালধি খুন্দি গাখীৰৰ সৈতে গাত সানিলে যায় ৰূপ দুগুণে চৰে ৷
- খজুৱতি হোৱা ছালত হালধিৰ তেল সানিব লাগে ৷
- হালধি মিহিকৈ পিহি গৰুৰ গাখীৰৰ সৈতে মিহলাই ৰাতি শোৱাৰ সময়ত মুখত লেপন লগালে মুখত পৰা ক’লা বা বগা দাগ, শালমইনা আদি দূৰ হৈ ছাল স্বচ্ছ, কোমল হৈ পৰে ৷
মাটিমাহৰ উপকাৰিতা-
- মাটিমাহত ভিটামিন Bৰে সমৃদ্ধ গতিকে ই আমাৰ ছালৰ বাবে খুবেই উপকাৰী
- মাটিমাহে ছালৰ বিভিন্ন সমস্যা বা ৰোগ নিৰাময় কৰাত সহায় কৰে
- মাটিমাহে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে
- মাটিমাহৰ পানীৰে গা ধুলে ছালৰ ৰোগ ভাল হয়
- মাটিমাহ পিচি ইয়াৰ পেষ্ট তৈয়াৰ কৰি ছালত ঘঁহিলে ছাল উজ্জ্বল হয়
- মাটিমাহৰ পানীৰে মুখ ধুলে ছালৰ উজ্জ্বলতা বৃদ্ধি হয়
- বিশেষজ্ঞৰ মতে, ই ছানবাৰ্ণৰ ফলত ছাল ক’লা হোৱা সমস্যা হ্ৰাস কৰাত আৰু শালমনৰ সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে
ইয়াৰ উপৰিও মাটিমাহে চুলিৰ যত্ন সমৰ্থন কৰে আৰু শুকান, ফ্ৰিজি চুলিৰ চিকিৎসাৰ বাবে উপযোগী ৷ মাটিমাহত ইয়াত ফেটি এচিড আৰু খনিজ পদাৰ্থৰ উচ্চ পৰিমাণ থাকে যি চুলিৰ উজ্জ্বলতা পুনৰুজ্জীৱিত কৰাত সহায় কৰে ৷ ই চুলিৰ পৰিস্থিতি উন্নত কৰে ৷ উফিৰ চিকিৎসা কৰিবলৈ মাটি মাহৰ পেষ্ট বনাই চুলিত প্ৰয়োগ কৰক ৷ ই উফি আঁতৰ কৰাত সহায় কৰে আৰু চুলি শক্তিশালী, পৰিষ্কাৰ আৰু কোমল কৰাত সহায় কৰে ৷
উৎস:-https://pubmed.ncbi.nlm.nih.gov/27213821/
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক