এই অসমীয়া থলুৱা পদ্ধতিৰে তৈয়াৰ কৰি ঘৰতে জুতি লগাই খাওক ছাগলী মাংস
মাটন বা ছাগলী মাংস খাই বহুলোকেই ভাল পায়, যদি আপুনি ঘৰতে ছাগলী মাংসৰ সোৱাদ ল'ব বিচাৰে তেন্তে এই সহজ প্ৰক্ৰিয়া অনুসৰণ কৰিব পাৰে-

Published : December 12, 2024 at 1:05 PM IST
Authentic Assamese Mutton Dish: ছাগলী মাংস আমাৰ মাজৰ বহুলোকৰেই এবি প্ৰিয় মাংস । খাহীয়ে হওক বা পাঠাই হওক আমাৰ অসমীয়া সমাজত প্ৰায় সংখ্যক লোকেই ছাগলী মাংস খাই ভাল পায় । ইফালে বৰ্তমান সময়ত অসমীয়া বিবাহ অনুষ্ঠান সমূহতো অতিথিসকলৰ খোৱা-বোৱাৰ বাবে ছাগলী মাংসৰ আঞ্জাৰ ব্যৱস্থা কৰা দেখা যায় । উল্লেখ্য যে, ছাগলী মাংস যদি ভালদৰে ৰন্ধা নহয় তেনেহ’লে ইয়াৰ সোৱাদো ভালদৰে পোৱা নাযায় ।
ছাগলী মাংসৰ বিভিন্ন ৰেচিপি আছে । প্ৰতিটো ৰেচিপিৰে ৰন্ধাৰ প্ৰদ্ধতি বেলেগ বেলেগ । সাধাৰণতে আমাৰ অসমীয়া সমাজত ছাগলী মাংস ৰন্ধাৰ এক সহজ উপায় এই প্ৰতিবেদনৰ জৰিয়তে উল্লেখ কৰা হৈছে । এই পদ্ধতিটো একেবাৰে সহজ আৰু যদি ঘৰতে ছাগলী মাংসৰ সোৱাদ ল’ব বিচাৰে তেন্তে এই প্ৰক্ৰিয়া অনুসৰণ কৰিব পাৰে ।

এই পদ্ধতিৰে ছাগলী মাংস ৰান্ধিবলৈ কি কি সামগ্ৰীৰ প্ৰয়োজন হ’ব
- প্ৰথমে আপোনাক লাগিব ছাগলী মাংস আধা কেজি । প্ৰয়োজন অনুসৰি আপুনি ছাগলী মাংস ল’ব পাৰে আৰু সেই মতে আন আন সমাগ্ৰীখিনি যোগাৰ কৰিব পাৰে ।
- ছাগলী মাংসৰ আধাৰ কেজি ৰান্ধিবৰ বাবে পিঁয়াজ মধ্যমীয়া আকাৰত টুকুৰা টুকুৰকৈ কাটি লওক ।
- ইয়াৰ লগতে টেঙা দৈ লাগিব ৩ চামুচ,
- আদা-নহৰুৰ পেষ্ট- ২ চামুচ
- জিৰাৰ গুড়ি – ২ চামুচ
- ধনীয়াৰ গুড়ি – ৪ চামুচ
- গৰম মছলাৰ গুড়ি – ১ চামুচ
- জলকীয়া গুড়ি – ১ চামুচ
- ঘিউ – ২ চামুচ
- নিমখ – সোৱাদ অনুসৰি ল’ব পাৰে
- একেদৰে ধনিয়া এমুঠি মিহিকৈ কাটি ল’ব
- আৰু তেল পৰিমানৰ ওপৰত ভিত্তি কৰি ল’ব
ছাগলী মাংস ৰন্ধাৰ পদ্ধতি

- প্ৰথমে এটা বাটিত পানী লৈ লওক। এতিয়া ইয়াত ধনিয়াৰ গুড়ি, গৰম মছলা গুড়ি, জলকীয়াৰ গুড়ি, জাইফলৰ গুড়ি একেলগে মিহলাই পেষ্ট তৈয়াৰ কৰি লওক ।
- এতিয়া কটা পিঁয়াজখিনি কেৰাহীত তেলত ভাজি লওক । এতিয়া কেৰাহীত ঘিউ গৰম কৰি তাত ছাগলী মাংস, দৈ, জলকীয়াৰ গুৰি আৰু আদা-নহৰুৰ পেষ্ট দিব ।
- ইয়াৰ পিচতে প্ৰস্তুত কৰা মছলাৰ পেষ্টখিনি দিব । ৩০ মিনিটৰ পিচত ওপৰত ভজা পিঁয়াজখিনি দি দিব । এইবাৰ পৰ্যাপ্ত পৰিমাণ অনুসৰি নিমখ দিব ।
- একেদৰে পানী দি শুকাই যোৱালৈকে ৰান্ধি থাকিব । পানী শুকাই গ’লে ধনিয়াৰ পাত দিব । ইয়াৰ পিচতে আপুনি সহজ পদ্ধতিৰে ঘৰতে ৰন্ধা ছাগলী মাংসৰ ৰেচিপি সোৱাদ ল’ব পাৰিব ।
- যদি আপনাৰ মাটনখিনি সিজোতে সময় লাগে তেন্তে ইয়াক আপুনি একে পদ্ধতিৰে প্ৰেচাৰ কুকাৰতো বনাব পাৰে আৰু অতি কম সময়ৰ ভিতৰতে আপোনাৰ ছাগলীৰ মাংস খাবলৈ সাজু হৈ গৈছে ৷

