ETV Bharat / lifestyle

সুস্বাস্থ্যৰ পৰা সম্পর্কত হোৱা সমস্যা দূৰ কৰালৈকে: কামত আহিব এইবিধ বস্তু

ঘৰৰ থকা ফিটকিৰিৰে স্বাস্থ্যৰ পৰা সম্পর্কলৈ সমাধান কৰিব পৰা কেইটামান উপায়ৰ সন্দৰ্ভত কি ক’লে জ্যোতিষশাস্ত্ৰবিদ ড৹ পৰশমণি শৰ্মাই জানো আহক-

Astro tips
স্বাস্থ্যৰ পৰা সম্পর্কত হোৱা সমস্যা: কামত আহিব এইবিধ বস্তু (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : April 8, 2025 at 5:24 PM IST

4 Min Read
Choose ETV Bharat

এণ্টিচেপ্টেক হিচাপে ব্যৱহাৰৰ হোৱা ফিটকিৰিৰ ব্যৱহাৰে স্বাস্থ্যৰ পৰা সম্পর্কলৈ সমাধান কৰিব পাৰে আপোনাৰ বহু সমস্যা ৷ এণ্টিচেপ্টিক হিচাপে ফিটকিৰিক বহুতে ব্যৱহাৰ কৰে । দাড়ি কটাৰ পাছতো পুৰুষসকলে ইয়াক লগায় ।

এণ্টিচেপ্টিকৰ পৰা আদি কৰি পানী পৰিষ্কাৰ কৰালৈকে ফিটকিৰিক আমি ব্যৱহাৰ কৰিব পাৰো ৷ ঘৰৰ থকা ফিটকিৰিৰে স্বাস্থ্যৰ পৰা সম্পর্কলৈ সমাধান কৰিব পৰা কেইটামান উপায়ৰ সন্দৰ্ভত কি ক’লে জ্যোতিষশাস্ত্ৰবিদ ড৹ পৰশমণি শৰ্মাই জানো আহক-

জ্যোতিষশাস্ত্ৰবিদ ড৹ পৰশমণি শৰ্মা (ETV Bharat)
  • যদিহে বুধগ্ৰহৰ প্ৰভাৱ আপোনাৰ জীৱনত বেয়া হৈ আছে তেন্তে ফিটকিৰি গুৰি কৰি দৈনিক যদি আপুনি গাৰ্গোল কৰিব পাৰে বা টুথপেষ্টৰ লগত ফিটকিৰি গুৰি মিহলি কৰি দাঁত ব্ৰাছ কৰাৰ ফলত লাহে লাহে আপোনাৰ জীৱনৰ পৰা বুধ গ্ৰহৰ বেয়া প্ৰভাৱ নাইকীয়া হ'ব ৷
  • দোকান বা ব্যৱসায়স্থানত যদি কিবা অসুবিধাৰ সন্মুখীন হৈ আছে, বা বহুত বেছি বাকী হৈয়ে কিন্তু সেই বাকী ধন উভতাই পোৱা নাই তেন্তে ৰঙা কাপোৰ এখনত ৫০-১০০ গ্ৰাম ফিটকিৰি বান্ধি দোকান বা ব্যৱসায়স্থানৰ প্ৰৱেশদ্বাৰত ওলোমাই ৰাখিব পাৰে ৷ মংগলবাৰ বা শনিবাৰে এই উপায় কৰিব পাৰিলে ভাল ৷ আৰু প্ৰতি ৭ দিনৰ মূৰে মূৰে এই টোপোলাতো আপোনাৰ ঘৰৰ ওচৰত থকা চাৰিআলিলৈ গৈ এই টোপোলাটো পেলাই আহে আৰু আহোঁতে ভালদৰে হাত-ভৰি ধুই ব্যৱসায়স্থানত প্ৰৱেশ কৰে তেন্তে বহু
  • সম্পৰ্কত যদি কিবা অসুবিধা বা সমস্যা চলি আছে তেন্তে যিকোনো শনি বা শুকুৰবাৰে ৪০০ গ্ৰাম ফিটকিৰি কিনি আনি আপোনাৰ শুৱনিকোঠাত এটা কাঁচৰ বাতিত যদি ৰাখি থয় তেন্তে সম্পৰ্কৰ ক্ষেত্ৰত যিখিনি নিগেটিভিতি আছে সেই খিনি দূৰ হ'ব ৷
  • যদিহে আপোনাৰ টোপনিৰ সমস্যা আছে তেন্তে ১২ টকুৰা ফিটকিৰি কিনি আনি পৃথকে পৃথকে ৰঙা-কাপোৰেৰে বান্ধিব লাগিব ৷ তাৰ পাছত বিশেষকৈ মহিলাসকলে প্ৰতি মঙলবাৰে আৰু পুৰুষসকলে প্ৰতি বৃহস্পতিবাৰে বিচনাৰ শীতানত ৰাখি তাৰ পাছ দিনা যিকোনো আঁহত গছ, শিৱ মন্দিৰ বা গণেশ মন্দিৰত গৈ দি আহিব পাৰে তেন্তে আপোনাৰ যি টোপনিৰ সমস্যা আছে সেয়া দূৰ হ'ব ৷ এই ১২ টা ফিটকিৰিৰ টুকুৰা ১২ টা মঙলবাৰ বা ১২ টা বৃহস্পতিবাৰে কৰিব লাগিব ৷
  • যদিহে কিবা ব্লেক মেজিক বা নেগেটিভিতিত ভূগা যেন অনুভৱ কৰিছে তেন্তে ফিটকিৰিৰ এটা টুকুৰা, সন্ধ্যা নিমখ আৰু কৰ্পূৰ এই তিনিটা সামগ্ৰী মিহলি কৰি কলা বা ৰঙা কাপোৰে মেৰিয়াই ঘৰৰ যিটো প্ৰৱেশদ্বাৰ থাকে তেন্তে বহুত খিনি সুফল লাভ কৰিব ৷ প্ৰতিটো পূৰ্ণিমাত এই টোপোলাটো সলনি কৰি থাকিব ৷ পাৰিলে টোপোলাটো বোৱতী নদীত উটুৱাই দিব বা আঁহত গছৰ তলত থৈ আহিব ৷
  • যদিহে ৰাতি বেয়া বেয়া সপোন দেখে বা টোপনিৰ সমস্যা হয় তেন্তে বিচনাৰ তুলিৰ তলৰ ৪টা কোণত ৪টা ফিটকিৰিৰ টুকুৰা ৰাখিব পাৰে আৰু মাজত কৰ্পূৰ ৰাখিব পাৰে ৷
  • শিক্ষাৰ্থী সকলে নিজৰ পঢ়া টেবুলত ফিটকিৰিৰ টুকুৰা ৰাখিব পৰিলে ভাল ৷ ফিটকিৰিৰ টুকুৰাৰ লগত নিমখ আৰু কৰ্পূৰ ৰাখিব পাৰিলে বেছি ভাল ৷
  • নজৰ আঁতৰাবলৈ এটুকুৰা ফিটকিৰি লৈ ৭ বাৰ মূৰৰ পৰা ভৰিলৈ এন্টিক্লক ৱাইছ ঘূৰাই যিকোনো জ্বলা জুইত সেইখিনি পুৰি দিব পাৰে বা গৰম তাৱা এখনত দি দিলেও বহু সুফল লাভ কৰিব ৷

(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)

লগতে পঢ়ক

  1. মীন ৰাশিত শনিৰ প্ৰৱেশ, ২৯ মাৰ্চৰ পৰা ১২টা ৰাশিত পৰিব কিছু বিশেষ প্ৰভাৱ...
  2. মৌনী অমাৱস্যা: এই পৱিত্ৰ দিনটোত কি কৰিলে লাভ কৰিব শুভফল ?
  3. জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ ২০২৫ বৰ্ষটো ?