ETV Bharat / lifestyle

সংগীত প্ৰেমীসকলৰ বাবে সুখবৰ! শীঘ্ৰে গুৱাহাটীলৈ আহি আছে জনপ্ৰিয় সংগীতশিল্পী অমিত ত্ৰিবেদী

নিজৰ সুৰীয়া সংগীতৰ যাদু লৈ শীঘ্ৰে গুৱাহাটীলৈ আহি আছে জনপ্ৰিয় গীতিকাৰ তথা সংগীত পৰিচালক অমিত ত্ৰিবেদী, জানি লওক কেনেকৈ আপুনিও উপভোগ কৰিব পাৰে এই অনুষ্ঠান-

Amit Trivedi is set to perform at Brahmaputra Carnival in Guwahati
সংগীত প্ৰেমীসকলৰ বাবে সুখবৰ! শীঘ্ৰে গুৱাহাটীলৈ আহি আছে জনপ্ৰিয় সংগীতশিল্পী অমিত ত্ৰিবেদী (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : February 12, 2025 at 4:53 PM IST

4 Min Read
Choose ETV Bharat

অসমৰ সংগীত প্ৰেমীসকলৰ বাবে সুখবৰ! কিয়নো অতি শীঘ্ৰেই সংগীতৰ যাদুলৈ মহানগৰী গুৱাহাটীলৈ আহি আছে জনপ্ৰিয় গীতিকাৰ তথা সংগীত পৰিচালক অমিত ত্ৰিবেদী ৷

বলীউডৰ জনপ্ৰিয় গীতিকাৰ তথা সংগীত পৰিচালক অমিত ত্ৰিবেদীয়ে আগন্তুক ৮ মাৰ্চত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত কণ্ঠদান কৰিবলৈ সাজু হৈছে । উক্ত দিনটোত ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত অমিত ত্ৰিবেদীৰ লগতে গায়ক-গীতিকাৰ টাবা চাকেও কণ্ঠদান কৰিব । টাইমিং অফ হাৰমনি আনপ্লাগড কৃতিত্ব অমিত ত্ৰিবেদী আৰু টাবা চাকে জীপাল হৈ উঠিব ৮ মাৰ্চৰ সন্ধিয়া ৷

জানিব পৰা মতে, ৮ মাৰ্চ, ২০২৫ শনিবাৰে বিয়লি ৪ বজাত লাচিত ঘাটস্থিত ব্ৰহ্মপুত্ৰ কাৰ্নিভেল নিজৰ সুমধুৰ সংগীত প্ৰদৰ্শন কৰিব জনপ্ৰিয় সংগীত শিল্পীগৰাকীয়ে ৷ এই অনুষ্ঠানৰ টিকট আপুনি অনলাইনযোগে ক্ৰয় কৰিব পাৰিব । টিকটৰ মূল্য ৯৯৯ টকাৰ পৰা আৰম্ভ হৈ ২৪৯৯ টকালৈকে থাকিব ।

কোন হয় অমিত ত্ৰিবেদী ?

বলীউড সংগীত জগতক এটি নতুন মাত্ৰা প্ৰদান কৰা অমিত ত্ৰিবেদীক বৰ্তমান সময়ত কোনেনো চিনি নাপায় ৷ ভাৰতীয় চলচ্চিত্ৰ জগতৰ সংগীত পৰিচালক, সুৰকাৰ, গায়ক আৰু গীতিকাৰ হিচাপে তেওঁৰ এক সুকীয়া পৰিচয় আছে । নাটক আৰু জিংগলত সুৰকাৰ হিচাপে কাম কৰাৰ পাছত বিভিন্ন এলবামত সংগীত পৰিচালনা কৰে বিশিষ্ট সংগীত শিল্পীগৰাকীয়ে ।

'আমিৰ' চলচ্চিত্ৰৰ সংগীত পৰিচালক হিচাপে ২০০৮ চনত তেওঁ আত্মপ্ৰকাশ কৰিছিল । বহুলভাৱে সমাদৃত 'দেৱ দি' (২০০৯)ত, সংগীত দিয়াৰ পাছত তেওঁ চৰ্চালৈ আহে । এইখন চলচ্চিত্ৰয়েই তেওঁৰ জীৱনলৈ কঢ়িয়াই আনে ২০১০ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ সংগীতৰ সন্মান ।

কেনেকৈ সংগীত জগতৰ সৈতে জড়িত হৈ পৰিল অমিত ?

ডেকা বয়সতেই বাদ্য-যন্ত্ৰৰ প্ৰেমত পৰা ত্ৰিবেদী সৰুৰে পৰাই শাস্ত্ৰীয় সংগীতৰ প্ৰতি খুবেই ধাউতি আছিল । ১৯-২০ বছৰতেই তেওঁ সংগীতত সুৰ দিয়াৰ কাম আৰম্ভ কৰিছিল । ১৯-২০ বছৰতেই তেওঁ 'ওঁম' নামেৰে স্থানীয়ভাৱে এটি সংগীতৰ দল গঠন কৰিছিল ।

'Times Music'এ কোনো এটা অনুষ্ঠানত তেওঁলোকৰ প্ৰদৰ্শন লক্ষ্য কৰাৰ পাছতেই অমিতৰ এই দলটোলৈ সোণালী সুযোগ আহে আৰু তেওঁলোকৰ সৈতে এটা এলবামৰ কাম আৰম্ভ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে । অৱশ্যে বেয়া প্ৰচাৰৰ বাবে এলবামটোৱে সুনাম অৰ্জন কৰাত ব্যৰ্থ হয় । ইয়াৰ পাছতেই ত্ৰিবেদীয়ে নাটকৰ (হিন্দী, ইংৰাজী আৰু গুজৰাটী নাটক) সুৰ তৈয়াৰ, দূৰদৰ্শনৰ বিভিন্ন অনুষ্ঠানৰ, আৱহ সংগীত, জীৱন্ত প্ৰদৰ্শনী, দাণ্ডীয়া প্ৰদৰ্শনী আদি কৰাৰ কামত ব্যস্ত হৈ পৰে । 'McDonalds' আৰু 'Airtel' কে ধৰি তেওঁ বিভিন্ন ব্ৰেণ্ডৰ বিজ্ঞাপনৰ বাবে সংগীত তৈয়াৰ কৰিছিল ।

শব্দ অভিযন্তা আৰু অডিঅ' গেৰেজ ৰেকৰ্ডিং ষ্টুডিঅ'ৰ মালিক অৰবিন্দ বিশ্বকৰ্মাই ত্ৰিবেদীক 'Sony BMG' ৰ সৈতে পৰিচয় কৰাই দিয়াৰ পাছত তেওঁ অকথাছবীয়(Non-fiction) এলবামত সংগীত দিয়াৰ কাম আৰম্ভ কৰে । তেওঁৰ দুবছৰীয়া চুক্তি হিচাপে অভিজিৎ শাৱন্তৰ 'Junoon - Abhijeet Sawant জুনুন' আৰু 'প্ৰশান্ত তামাং'এ আত্মপ্ৰকাশ কৰা এলবামৰ এটা গানত সুৰ দিয়ে । ২০০৪ চনত মাৰাঠী চলচ্চিত্ৰ উত্তৰায়ণৰ বাবে অমৰ্ত্য ৰাহুতকে ধৰি বিভিন্নজনৰ বাবে সংগীত ব্যৱস্থাপনাৰ কাম কৰি তেওঁ সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় ।

অসম পৰ্যটনৰ উদ্যোগত আয়োজিত ব্ৰহ্মপুত্ৰ কাৰ্নিভালত অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য, সংগীত, খাদ্য, হস্তশিল্প, আৰু জল ক্ৰীড়াৰ মিশ্ৰণেৰে প্ৰদৰ্শন কৰা এক অনন্য উদযাপন । ত্ৰিবেদীৰ অভিনয় নিঃসন্দেহে কাৰ্নিভেলৰ অন্যতম এটি আকৰ্ষণ হ’ব, য’ত ব্যাপক জনসমাগম আকৰ্ষণ হোৱাৰ সম্ভাৱনা আছে ।

বহু প্ৰত্যাশিত এই অনুষ্ঠানটোৱে এক অবিস্মৰণীয় অভিজ্ঞতা হ’ব বুলি কয় অনুষ্ঠানটোৰ কৰ্মকৰ্তাসকলে, য’ত দেশবাসীক উপহাৰ দিয়া ত্ৰিবেদীৰ আটাইতকৈ ডাঙৰ হিট গীত পৰিবেশন কৰি সংগীতৰ এই সুমধুৰ সন্ধিয়াত দৰ্শকক আচৰিত কৰি তুলিব বুলি অনুষ্ঠানটোৰ কৰ্মকৰ্তাসকলে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক

  1. পাপনৰ পৰা ব্ৰায়ান এডামছলৈ...বছৰৰ শেষত এই অনুষ্ঠানসমূহ একেবাৰেই নকৰিব মিচ
  2. চাইকেল থাকোতে যোৰহাটৰ পৰা ওলাই গৈছিল জুবিন, এতিয়া আহে ৰেঞ্জ ৰ’ভাৰ লৈ
  3. কেনে হ’ব মেট গালা 2025ৰ সাজ-পোচাক ? জানক সবিশেষ