ফাগুনত আহিবা লৃগাং চাবলৈ...আলি আঃয়ে লৃগাঙৰ সৈতে জড়িত জনা-নজনা কিছু কথা
আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে আলি-আঃয়ে-লৃগাং, আহক আজি এই উৎসৱৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা জানিবলৈ চেষ্টা কৰো-

Published : February 19, 2025 at 3:32 PM IST
আজি মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং ৷ ইতিমধ্যে লৃগাংকলৈ মিচিং সম্প্ৰদায়ৰ লোকসকলৰ সকলো ধৰণ প্ৰস্তুতি সম্পন্ন হৈছে ৷ গুমৰাগ নৃত্য, ঐনিতমৰ সুৰেৰে মুখৰিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ৷ প্ৰতিবছৰৰ দৰে এইবাৰো ফাগুন মাহৰ প্ৰথমটো বুধবাৰত মিচিংসকলে এই উৎসৱ পালন কৰিছে ৷ অৱশ্যে এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি এক উৎসৱ বুলিও কোৱা হয় ৷ তথ্য অনুসৰি, প্ৰথম অৱস্থাত এই উৎসৱ ফাগুন, চ’ত বা বহাগ মাহৰ কোনো এটা দিনত পালন কৰা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ বাবে এটা বিশেষ দিন নিৰ্ধাৰণ কৰা হৈছিল ৷
ইতিহাস
পূৰ্বতে আলি আয়ে লৃগাং অনুষ্ঠিত কৰিবলৈ কোনো বিশেষ দিন নাছিল ৷ কিন্তু ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙৰ প্ৰস্তাৱ অনুসৰি এই উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয় ৷
অৰ্থ
মিচিং ভাষাত আলি মানে শস্যৰ বীজ, আঃয়ে মানে ফল আৰু লৃগাং মানে সিঁচিবলৈ আৰম্ভ কৰা অৰ্থাৎ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন ৷ সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজ-ভাত খাই নানান নৃত্য-গীত কৰে ৷
কেনেকৈ পালন কৰা হয় ?
পূৰ্বতে এই উৎসৱ ৫ দিনীয়াকৈ পালন কৰা হৈছিল ৷ পৰম্পৰা অনুসৰি প্ৰথম দিনা শস্য সিঁচা হয় ৷ পথাৰৰ পূব দিশৰ এটা কোণৰ প্ৰায় ২-৩ফুট বহল আৰু ৩-৪ফুট দীঘল ঠাই এটুকুৰা চাফ-চিকুণ কৰা হয় ৷ পুৱাতে ঘৰৰ গৃহস্থই ‘ইগিন’ত লৃগাঙৰ বাবে প্ৰয়োজনীয় বস্তু যেনে- পঃৰ আপং (পৰম্পৰাগত পানীয়), পুৰাং (তৰা পাতত সিজোৱা টোপোলা ভাত), আদা, আহু ধানৰ বীজ, কপাহ, পিঃৰ (মেগেলা গছ), কপাহী সূতা, কাঠ আলু, কচু, পোৰা বা পাতত দিয়া মাছ, চাকি-তেল আদি ভৰাই লৈ পথাৰলৈ যায় ৷ এই সময়চোৱাত জুহালত নিৰ্দিষ্ট নিয়মেৰে শস্য সিঁচাৰ শুভ কাৰ্যৰ আশীৰ্বাদ কামনা কৰে ৷
পৰৱৰ্তী সয়মত খেতিপথাৰৰ নিৰ্দিষ্ট ঠাইডোখৰত মেগেলা গছবোৰ পুতি দি কপাহী সূতাৰে মেৰিয়াই তৈয়াৰ কৰা বেদীত ছটিয়াই চাকিগছি জ্বলাই দি পুৰাং, আপং, মাছ আদি খাদ্য সামগ্ৰীবিলাক আগবঢ়াই দিয়ে ৷ তাৰ পাছত সোঁহাতত আহুধানৰ সঁচ এমুঠি লৈ কৃষকজনে পূৰ্বপুৰুষ চেদি-মেল, আৰাধ্য দেৱ-দেৱী দঞি-পল (বেলি-জোন), কাৰ্ছিং-কাৰ্তাং (গ্ৰহ-নক্ষত্ৰ)-ক সাক্ষী কৰি ধৰিত্ৰী শস্য-শ্যামলা হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনাই বীজ সিঁচে ৷
এই উৎসৱ পালনৰ ৩ সপ্তাহমান পূৰ্বৰে পৰা গৃহিণীসকলে পঃৰ আপং (ছাইমদ) আৰু নগিন আপং (বগা মদ) আৰু লৃগাংত ব্যৱহাৰ হোৱা পুৰাং আপিন (তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা বিশেষ ভাত) প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগাৰ কৰে ৷ এই লৃংগাঙত যুৱতীসকলে মচাং, এগ, ৰিঃবি গাচেম, গেৰঃ, দুমৰি আদি প্ৰস্তুত তকৰে ৷ গৃহিণীসকলে পুৱাই উঠি সকলো পৰিস্কাৰ কৰি পুখুৰীত মাছ ধৰে ৷ আলি আঃয়ে লৃগাঙৰ দিনা প্ৰতিগৰাকী মিচিং ঘৰত পুৰাং, আপং আদিৰ লগতে শুকান মাছৰ চাটনি, গাহৰি আদিকে ধৰি বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত হয় ৷ খোৱা-বোৱাৰ অন্তত সকলোৱে মিলি নৃত্য কৰে ৷
গাঁৱৰ সকলোৱে অংশ গ্ৰহণ কৰা এই নৃত্যক ‘পাক্ছ-মনাম্’ বোলা হয় ৷ এই নৃত্যৰ সৈতে বজোৱা ঢোলৰ বিশেষ ছেওৰ অনুকৰণত এই নৃত্যক ‘গুম্ ৰাগ্’ বুলিও কোৱা হয় ৷ বৃত্তাকাৰে ঘূৰি ঘূৰি নচা এই নৃত্যৰ ভংগীয়ে ঋতু পৰিৱৰ্তন আৰু জীৱন চক্ৰৰ পৰিৱৰ্তনক প্ৰতিফলিত কৰে ৷
বিশ্বাস
আলি আঃয়ে লৃগাঙৰ সৈতে মিচিং লোকসকলৰ বিশ্বাস জড়িত হৈ আছে ৷ বিশ্বাস অনুসৰি, শস্য সিঁচিবিলৈ যাওঁতে গৃহস্থই লগ ঘিলা আৰু শিলগুটি লৈ যায় ৷ তেওঁলোকে কামনা কৰে যে ধানৰ থোক ঘিলাৰ চেইনৰ দৰে দীঘল আৰি শিলৰ দৰে গধুৰ হওক ৷ শস্য সিঁচাৰ পাছত কেইদিমান তেওঁলোকে মাটি নাখান্দে,বাঁহ-বেত, খেৰ-খাগৰি আদি নাকাটে, ভজা-পোৰা নাখায় ৷ এনে কৰিলে শস্যৰ বীজবোৰ শুকাই যায় বুলি কোৱা হয় ৷ শস্য সিঁচাৰ ৩ দিন পাছত এই বাধা ভঙা হয় ৷ ইয়াৰোপৰি মিচিংসকলে বিশ্বাস কৰে যে নৃত্য-গীতেৰে দেৱতাক সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ হয় আৰু তেতিয়া ভাল শস্য নোলায় ৷ যাৰ বাবে এই দিনটোত মিচিংসকলে নৃত্য গীতো কৰে ৷
লগতে পঢ়ক

