অহা ৩০ এপ্ৰিলত অক্ষয় তৃতীয়া । অক্ষয় তৃতীয়া এনেকুৱাই এটা শুভ দিন যিটো দিনত আপুনি পঞ্জিকা নোচোৱাকৈ যি কোনো ধৰণৰ শুভ কাম কৰিব পাৰে ।
সাধাৰণতে যিকোনো এটা শুভ কাম কৰাৰ পূৰ্বে পঞ্জিকাত শুভ দিন, বাৰ, নক্ষত্ৰ চাব লাগে । কিন্তু অক্ষয় তৃতীয়াৰ দিনটোত কোনো তিথি চাব নালাগে । লগতে এই দিনটোত যদি যিকোনো ধৰণৰ দান কৰিব পাৰে, তেতিয়াও বহুত ভাল ফলাফল লাভ কৰিব পাৰি ।
এই দিনটোত সোণ, ৰূপৰ লগতে আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰা বিভিন্ন সামগ্রী ক্ৰয় কৰিব পাৰো । লগতে অক্ষয় তৃতীয়ৰ দিনটোত যিকোনো সামগ্রী ক্ৰয় কৰিলে তাৰ ফল বৃদ্ধি হয় বুলি মান্যতা আছে ।
- অক্ষয় তৃতীয়া দিনটো কিয় পবিত্ৰ দিন হিচাপে মান্য কৰা হয় ?
ব'হাগ মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিৰ দিনটো অক্ষয় তৃতীয়া হিচাপে পালন কৰা হয় । পৌৰাণিক আখ্যান অনুসৰি অক্ষয় তৃতীয়াৰ এই দিনটোত বিষ্ণুৰ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল । গতিকে এই দিনটোত যদি বিষ্ণুক উপাসনা কৰা হয় তেতিয়া বহু ভাল ফল লাভ কৰে বুলি কোৱা হয় ।
লগতে এই দিনটোতে ৰজা ভাগীৰথে মা গংগাক পৃথিৱীৰ বুকুলৈ নামাই আনিছিল । অক্ষয় তৃতীয়াৰ এই দিনটোতে মহৰ্ষি ব্যাসদেৱে মহাভাৰতৰ লিখিবলৈ আৰম্ভ কৰিছিল । লগতে এক মান্যতা আছে যে অক্ষয় তৃতীয়াৰ দিনটোত যদি মদ্ভাগৱত গীতাৰ ১৮ নম্বৰ পাঠটো পঢ়িব পৰা যায়, তেন্তে মোক্ষ প্ৰাপ্তিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰি ।
অক্ষয় তৃতীয়াৰ এই দিনটোতে অন্নপূৰ্নাৰ আৱিৰ্ভাৱ হৈছিল বুলিও কোৱা হয় । গতিকে এই দিনটোত যদি কোনোবা ভোকাটোৰ মানুহক অন্ন দান কৰিব পৰো সেয়াও ভাল বুলি কোৱা হয় ।
- অক্ষয় তৃতীয়াৰ কি কি কৰিব পাৰে ?
অক্ষয় তৃতীয়াৰ এই দিনটোত দান কৰিব পাৰিলে ভালফল লাভ কৰিব । দানৰ ক্ষেত্ৰত ভোজনী, চাউল, দালি, শাক-পাচলি, ঔষধ আদিকে ধৰি নিত্য ব্যৱহাৰৰ যিখিনি সামগ্রী থাকে সেয়া দান কৰিব পাৰে । লগতে অক্ষয় তৃতীয়াৰ এই দিনটোত যদি ৰাহু গ্ৰহ প্ৰসন্ন কৰিব বিচাৰে তেন্তে বৈদ্যুতিক সামগ্রী দান কৰিব পাৰে ।