আপোনাৰ এইসমূহ ভুলে বৃদ্ধি কৰিব পাৰে অনিদ্ৰাৰ সমস্যা-বিশেষজ্ঞ
নিশা ভালদৰে নিদ্ৰা নহাৰ আঁৰৰ কাৰণ কি! কি কাৰণত অনিদ্ৰাৰ সমস্যাই দেখা দিয়ে এই সন্দৰ্ভত বিশেষজ্ঞই কি কয় চাওঁ আহক-

Published : May 9, 2025 at 12:21 PM IST
নিশা ভালদৰে নিদ্ৰা অহাটো ব্যক্তিৰ স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয় ৷ নিদ্ৰায়ে আমাৰ সামগ্ৰিক স্বাস্থ্যত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় ৷ ভাল নিদ্ৰায়ে ব্যক্তি এজনক দিনটো সতেজ আৰু শক্তিশালী কৰি ৰাখে ৷ কিন্তু বৰ্তমান সময়ত অধিকাংশ লোকেই নিদ্ৰাহীনতাৰ সৈতে যুঁজ দিবলগা হৈছে ৷ নিশা ভাল নিদ্ৰা নহাৰ বাবে অধিকাংশ লোকেই সমস্যাত পৰিবলগা হৈছে ৷ কিছু লোকৰ ক্ষেত্ৰত যদি নিশা নিদ্ৰা কম হয়, আন কিছু লোকৰ ক্ষেত্ৰত আকৌ নিশা নিদ্ৰায়ে নাহে ৷ ইয়াৰ উপৰিও বাৰে বাৰে সাৰ পাই থকাৰ সমস্যায়েও আমনি কৰে একাংশক ৷
এনে অভ্যাসৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে ব্যক্তিৰ স্বাস্থ্যৰ ওপৰত ৷ পিছে নিশা ভালদৰে নিদ্ৰা নহাৰ আঁৰৰ কাৰণ কি! এই বিষয়ে নাজানিলে আমি নিদ্ৰা নোহোৱা সমস্যাৰ পৰাও মুক্তি পাব নোৱাৰোঁ ৷ গতিকে এই বিষয়ত বিশেষজ্ঞসকলে কি কয় চাওঁ আহক-
উন্নত খাদ্য আৰু ব্যায়ামৰ লগতে ভাল নিদ্ৰাও সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় ৷ ভাল নিদ্ৰায়ে শাৰীৰিকভাৱে শক্তিশালী কৰি ৰখাই নহয়, মগজুক সুস্থ কৰি ৰখাতো সহায় কৰে ৷ যদি কোনোলোকৰ নিশা ভালদৰে নিদ্ৰা নহয়, তেতিয়া ইয়াৰ প্ৰভাৱ কম সময়ৰ ভিতৰতে তেওঁৰ শৰীৰ আৰু মনত দেখা যায় ৷ ভাল নিদ্ৰা নহ’লে বহু ধৰণৰ ৰোগো হ’ব পাৰে ৷ ইয়াৰ ভিতৰত হৃদৰোগ, মেদবহুলতা, ডায়েবেটিছ, বৃক্কৰ ৰোগ আৰু মগজুৰ লগত জড়িত ৰোগ আদিও থাকিব পাৰে ৷
মগজুৰ লগত জড়িত ৰোগসমূহৰ ভিতৰত এলঝেইমাৰ, ডিমেনচিয়া, উদ্বেগ, হতাশা আদি গুৰুতৰ সমস্যাই দেখা দিব পাৰে ৷ যদি আপুনি এই সমস্যাসমূহ এৰাই চলিব বিচাৰে, তেতিয়া নিশা ভালদৰে নিদ্ৰা আহিব লাগিব ৷ সফদাৰজং হাস্পতালৰ চিকিৎসক ডাঃ দীপক কুমাৰ সুমনে নিদ্ৰা ভাল নোহোৱাৰ চাৰিটা বিশেষ কাৰণৰ কথা উল্লেখ কৰিছে ৷ ইয়াৰ ভিতৰত প্ৰথম কাৰণ হৈছে স্ক্ৰীণ ৷
মোবাইলৰ স্ক্ৰীণেই হওক বা লেপটপৰ স্ক্ৰীণেই হওক, দুয়োটাই ভাল নিদ্ৰাৰ ক্ষেত্ৰত প্ৰধান বাধা ৷ মোবাইল ব্যৱহাৰ বা লেপটপত গভীৰ নিশালৈকে কাম কৰিলে নিদ্ৰাত ব্যাঘাত জন্মে ৷ ইয়াৰ উপৰিও শুবলৈ যোৱাৰ পূৰ্বে পানী বা যিকোনো তৰল পদাৰ্থ পান কৰিলেও নিদ্ৰা বিঘ্নিত হয় ৷ ইয়াৰ বাবে আপুনি প্ৰস্ৰাৱ কৰিবলৈ সঘনাই উঠিবলগীয়া হ’ব পাৰে ৷
ৰাতি বেছিকৈ খোৱা খাদ্যইয়ো নিদ্ৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে ৷ শৰীৰত ভিটামিন ডিৰ অভাৱ আৰু প্ৰতিদিনে সঠিক সময়ত শুবলৈ নোযোৱাৰ বাবেও ভাল নিদ্ৰাত বাধাৰ সৃষ্টি কৰে ৷ ইয়াৰ উপৰিও নিদ্ৰাৰ বিকাৰ যেনে অনিদ্ৰাৰ সমস্যা, শ্লিপ এপনিয়া আৰু ৰেষ্টলেছ লেগ চিনড্ৰম(ভৰি জঁঠৰ হৈ পৰা) আদি সমস্যা নিদ্ৰা ভাল নোহোৱাৰ প্ৰধান কাৰণ ৷
যদি আপোনাৰ নিদ্ৰাৰ সৈতে জড়িত কোনো ৰোগ নাই, তেতিয়া কিছু কথা মনত ৰাখিব লাগে ৷ বিচনালৈ যোৱাৰ এঘণ্টা পূৰ্বে মোবাইল আৰু লেপটপ ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে ৷ নিশা বেছি গধুৰ আহাৰ খোৱা উচিত নহয় ৷ তদুপৰি শুবলৈ যোৱাৰ পূৰ্বে বেছি পানী বা আন কোনো তৰল পদাৰ্থ খাব নালাগে ৷ প্ৰতিদিনে একে সময়তে শুবলৈ চেষ্টা কৰক ৷ দৈনন্দিন জীৱনত ব্যায়ামৰ অভাস গঢ়ি তুলিলেও ফল পাব ৷
উৎস:-https://continentalhospitals.com/blog/12-common-mistakes-that-are-ruining-your-sleep-quality/
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক

