ETV Bharat / lifestyle

কেনেদৰে নিজৰ কণ্ঠৰ যত্ন লয় কণ্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাই ?

কিদৰে নিজৰ কণ্ঠৰ যত্ন লয় কণ্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাই, বিহুৰ বা অনুষ্ঠানৰ সময়ত কেনেদৰে কণ্ঠৰ যত্ন লয়, কি খাদ্য খাই ভাল পায় কণ্ঠশিল্পীগৰাকীয়ে ? জানো আহক-

Singer Abhishruti bezbaruah lifestyle
কেনেদৰে নিজৰ কণ্ঠৰ যত্ন লয় কণ্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাই ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : March 25, 2025 at 12:47 PM IST

4 Min Read
Choose ETV Bharat

"ৰৈ ৰৈ ৰতি, এছাটি বতাহ, ওৰে ৰাতি, কেৰুমণি থুৰীয়া, কৰ্দৈ চকলা,দীঘলতি দীঘল পাতকে ধৰি বহুকেইটা বিহুসুৰীয়া গীতৰে অসমবাসীৰ মন জয় কৰা এগৰাকী জনপ্রিয় কণ্ঠশিল্পী অভিশ্রুতি বেজবৰুৱা ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত কণ্ঠশিল্পী গৰাকীয়ে জনায় তেওঁৰ দৈনিক ৰুটিনৰ পৰা আৰম্ভ কৰি কণ্ঠৰ যতনলৈকে বহু কথা ৷ তেন্তে আহক কেনেদৰে কিদৰে নিজৰ কণ্ঠৰ যত্ন লয় কণ্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাই ? বিহুৰ বা অনুষ্ঠানৰ সময়ত কেনেধৰণে যত্ন লোৱা হয় ? কি খাদ্য খাই ভাল পায় কণ্ঠশিল্পী গৰাকীয়ে ? কণ্ঠশিল্পী গৰাকীৰ দৈনিক ৰুটিন কি এই বিষয়ে জানো-

  • কেনেদৰে নিজৰ কণ্ঠৰ যত্ন লয় কণ্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাই ?

এই সন্দৰ্ভত কণ্ঠশিল্পী গৰাকীয়ে কয়,' মই এই ক্ষেত্ৰত ইমান বেছি যত্ন লোৱা নহয় ৷ আগতে মই বহু বেছি সচেতন আছিলোঁ ৷ ঠাণ্ডাপানী, বৰফ আদি নখিছিলোঁ ৷ কিন্তু মই যেতিয়া তালিম লবলৈ দিল্লীত মোৰ গুৰুজী পণ্ডিত ৰাজন সাজন মিশ্ৰজীৰ ওচৰত গৈছিলোঁ, তেতিয়া তেওঁ মোক কৈছিল " যদি তই বেছি ফিনিকি হবি তেতিয়া মাতটো আৰু বেছি সূক্ষ্ম হৈ গৈ থাকিব ৷ তুমি জীৱনত আগবাঢ়ি যোৱা সেইটো ডাঙৰ কথা ৷ কাৰণ বতৰ সলনি হবই, তাৰ মাজে মাজে আমি কেনেদৰে ভালকৈ থাকিব পাৰো সেইটো হে গুৰুত্বপূৰ্ণ ৷ এতিয়া মই বৰফো খাওঁ কিন্তু এটা নিয়মত খাওঁ ৷'

কণ্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat)

লগতে তেওঁ কয়,' সদায় পুৱা উঠি গৰম পানী খাওঁ, লগতে সদায় তুলসী পাত খাওঁ ৷ তুলসী পাতে মোৰ মাতটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ বতৰ সলনি হোৱাৰ লগে লগে মাত ভগাৰ প্ৰৱণতাটো বাঢ়ে ৷ সেয়ে মই অকমান গৰম পানী আৰু গাৰ্গোল কৰি ভাল পাওঁ ৷ লগতে এলোপে'থিকতকৈ মই বেছি হোমিঅ'পেথিকত বিশ্বাস কৰো ৷ জ্যেষ্ঠমধুৰ খোৱাৰ লগতে গাৰ্গোল কৰো ৷ জালুক খাওঁ ৷ তেনেদৰেই যত্ন লোৱা হয় ৷'

  • বিহুৰ সময়ত কেনেধৰণে যত্ন লোৱা হয় ?

বিহু সময়ত কণ্ঠশিল্পী সকলৰ ব্যস্ততা বৃদ্ধি পায় ৷ এই সময়ত কণ্ঠশিল্পী গৰাকীয়ে কেনেদৰে যত্ন লয় ? সেই প্ৰসংগত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়,' এই খিনি সময়ত আচলতে আমাৰ ভোকেল ৱাৰ্মআপ আৰু Relaxing ৰ কিছুমান আসন থাকে ৷ কাৰণ দুই - আঢ়ৈ ঘন্টাৰ অনুষ্ঠান এটাৰ পাছত মাতটো অকমান বহি যায় ৷ সেয়ে সেই সময়ত আসন কিছুমান কৰো ৷ লগতে যিমান পাৰো কণ্ঠক ৰেষ্ট দিওঁ ৷ যিমান পাৰোঁ কম কৈ কথা পাতো ৷ লগতে এই সময়খিনিত চাই চিতি খাওঁ ৷ সকলো ঠাইত পানী বেলেগ বেলেগ ধৰণৰ হয় সেয়ে মিনাৰেল পানীয়ে মই লগত ৰাখো ৷'

  • কি খাদ্য খাই ভাল পায় কণ্ঠশিল্পী গৰাকীয়ে ?

'বইল খাদ্য খাই মই ভাল পাওঁ ৷ প্রিয় খাদ্য বুলি কলে মাছৰ টেঙাৰ সৈতে ভাত সাঁজ বৰ প্ৰিয় ৷ বহুতে কয় টেঙা মাতৰ বাবে বেয়া, কিন্তু টেঙা খাই বহুত ভাল পাওঁ ৷ লগতে পানী খোৱাটো অতি প্ৰয়োজন ৷

  • কণ্ঠশিল্পী গৰাকীৰ দৈনিক ৰুটিন কি ?

'দৈনিক ৰুটিন বুলি কলে, দৈনিক মই পুৱা উঠি পুৱাৰ ভাগত যি অনুশীলন সেয়া কৰো ৷ তাৰ পাছত ব্ৰেকফাষ্ট কৰি কামলৈ ওলাই যাওঁ ৷ সন্ধিয়া মই দৈনিক ১ ঘণ্টা খোজ কাঢ়ো ৷ আনহাতে মই সদায় সোনকালে ৰাতিৰ আহাৰ গ্ৰহণ কৰো ৷ সন্ধিয়া মই ৭.৩০ বজাত ৰাতিৰ আহাৰ গ্ৰহণ কৰো ৷ তাৰ পাছত অকমান গানৰ আখৰা কৰো ৷'

লগতে পঢ়ক

  1. নিজকে সু-স্বাস্থ্যৱান কৰি ৰাখিবলৈ কি কৰে অভিনেতা কপিল বৰাই ?
  2. বৰ্তমান কিহক লৈ ব্যস্ত জয় বৰুৱা, তেওঁৰ আগন্তুক প্ৰজেক্ট কি ! বিশেষ সাক্ষাৎকাৰত জনালে সংগীত শিল্পীগৰাকীয়ে
  3. অভিনেত্ৰী প্ৰীতি কংকনাই কেনেদৰে লয় নিজৰ স্বাস্থ্যৰ যতন ?