"ৰৈ ৰৈ ৰতি, এছাটি বতাহ, ওৰে ৰাতি, কেৰুমণি থুৰীয়া, কৰ্দৈ চকলা,দীঘলতি দীঘল পাতকে ধৰি বহুকেইটা বিহুসুৰীয়া গীতৰে অসমবাসীৰ মন জয় কৰা এগৰাকী জনপ্রিয় কণ্ঠশিল্পী অভিশ্রুতি বেজবৰুৱা ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত কণ্ঠশিল্পী গৰাকীয়ে জনায় তেওঁৰ দৈনিক ৰুটিনৰ পৰা আৰম্ভ কৰি কণ্ঠৰ যতনলৈকে বহু কথা ৷ তেন্তে আহক কেনেদৰে কিদৰে নিজৰ কণ্ঠৰ যত্ন লয় কণ্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাই ? বিহুৰ বা অনুষ্ঠানৰ সময়ত কেনেধৰণে যত্ন লোৱা হয় ? কি খাদ্য খাই ভাল পায় কণ্ঠশিল্পী গৰাকীয়ে ? কণ্ঠশিল্পী গৰাকীৰ দৈনিক ৰুটিন কি এই বিষয়ে জানো-
- কেনেদৰে নিজৰ কণ্ঠৰ যত্ন লয় কণ্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাই ?
এই সন্দৰ্ভত কণ্ঠশিল্পী গৰাকীয়ে কয়,' মই এই ক্ষেত্ৰত ইমান বেছি যত্ন লোৱা নহয় ৷ আগতে মই বহু বেছি সচেতন আছিলোঁ ৷ ঠাণ্ডাপানী, বৰফ আদি নখিছিলোঁ ৷ কিন্তু মই যেতিয়া তালিম লবলৈ দিল্লীত মোৰ গুৰুজী পণ্ডিত ৰাজন সাজন মিশ্ৰজীৰ ওচৰত গৈছিলোঁ, তেতিয়া তেওঁ মোক কৈছিল " যদি তই বেছি ফিনিকি হবি তেতিয়া মাতটো আৰু বেছি সূক্ষ্ম হৈ গৈ থাকিব ৷ তুমি জীৱনত আগবাঢ়ি যোৱা সেইটো ডাঙৰ কথা ৷ কাৰণ বতৰ সলনি হবই, তাৰ মাজে মাজে আমি কেনেদৰে ভালকৈ থাকিব পাৰো সেইটো হে গুৰুত্বপূৰ্ণ ৷ এতিয়া মই বৰফো খাওঁ কিন্তু এটা নিয়মত খাওঁ ৷'
লগতে তেওঁ কয়,' সদায় পুৱা উঠি গৰম পানী খাওঁ, লগতে সদায় তুলসী পাত খাওঁ ৷ তুলসী পাতে মোৰ মাতটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ বতৰ সলনি হোৱাৰ লগে লগে মাত ভগাৰ প্ৰৱণতাটো বাঢ়ে ৷ সেয়ে মই অকমান গৰম পানী আৰু গাৰ্গোল কৰি ভাল পাওঁ ৷ লগতে এলোপে'থিকতকৈ মই বেছি হোমিঅ'পেথিকত বিশ্বাস কৰো ৷ জ্যেষ্ঠমধুৰ খোৱাৰ লগতে গাৰ্গোল কৰো ৷ জালুক খাওঁ ৷ তেনেদৰেই যত্ন লোৱা হয় ৷'
- বিহুৰ সময়ত কেনেধৰণে যত্ন লোৱা হয় ?
বিহু সময়ত কণ্ঠশিল্পী সকলৰ ব্যস্ততা বৃদ্ধি পায় ৷ এই সময়ত কণ্ঠশিল্পী গৰাকীয়ে কেনেদৰে যত্ন লয় ? সেই প্ৰসংগত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়,' এই খিনি সময়ত আচলতে আমাৰ ভোকেল ৱাৰ্মআপ আৰু Relaxing ৰ কিছুমান আসন থাকে ৷ কাৰণ দুই - আঢ়ৈ ঘন্টাৰ অনুষ্ঠান এটাৰ পাছত মাতটো অকমান বহি যায় ৷ সেয়ে সেই সময়ত আসন কিছুমান কৰো ৷ লগতে যিমান পাৰো কণ্ঠক ৰেষ্ট দিওঁ ৷ যিমান পাৰোঁ কম কৈ কথা পাতো ৷ লগতে এই সময়খিনিত চাই চিতি খাওঁ ৷ সকলো ঠাইত পানী বেলেগ বেলেগ ধৰণৰ হয় সেয়ে মিনাৰেল পানীয়ে মই লগত ৰাখো ৷'
- কি খাদ্য খাই ভাল পায় কণ্ঠশিল্পী গৰাকীয়ে ?
'বইল খাদ্য খাই মই ভাল পাওঁ ৷ প্রিয় খাদ্য বুলি কলে মাছৰ টেঙাৰ সৈতে ভাত সাঁজ বৰ প্ৰিয় ৷ বহুতে কয় টেঙা মাতৰ বাবে বেয়া, কিন্তু টেঙা খাই বহুত ভাল পাওঁ ৷ লগতে পানী খোৱাটো অতি প্ৰয়োজন ৷
- কণ্ঠশিল্পী গৰাকীৰ দৈনিক ৰুটিন কি ?
'দৈনিক ৰুটিন বুলি কলে, দৈনিক মই পুৱা উঠি পুৱাৰ ভাগত যি অনুশীলন সেয়া কৰো ৷ তাৰ পাছত ব্ৰেকফাষ্ট কৰি কামলৈ ওলাই যাওঁ ৷ সন্ধিয়া মই দৈনিক ১ ঘণ্টা খোজ কাঢ়ো ৷ আনহাতে মই সদায় সোনকালে ৰাতিৰ আহাৰ গ্ৰহণ কৰো ৷ সন্ধিয়া মই ৭.৩০ বজাত ৰাতিৰ আহাৰ গ্ৰহণ কৰো ৷ তাৰ পাছত অকমান গানৰ আখৰা কৰো ৷'
লগতে পঢ়ক