এই খাদ্য খাই নিজকে ফিট ৰাখে প্ৰণামী বৰাই, জানক তেওঁ কেনেদৰে লয় নিজৰ শৰীৰৰ যতন ?
প্ৰণামী বৰাৰ প্রিয় খাদ্য কি ? ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত অভিনেত্ৰী গৰাকীয়ে জনাই তেওঁৰ দৈনিক ৰুটিন পৰা আৰম্ভ কৰি শৰীৰচৰ্চালৈ বহু কথা-

Published : June 2, 2025 at 4:44 PM IST
অসমীয়া নাট্যজগত তথা ছবিজগতত নিজৰ অভিনয় পাৰদৰ্শিতাৰে বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা এগৰাকী অভিনেত্ৰী হৈছে প্ৰণামী বৰা ৷ নাটকে অভিনয়ৰ এই যাত্ৰা আৰম্ভ কৰা প্ৰণামী বৰাই অভিনয় কৰা প্ৰথমখন ছবি আছিল 'অদম্য' ৷ প্ৰণামী বৰা (ভাৰতী) যে এগৰাকী শক্তিশালী অভিনেত্ৰী সেয়া তেওঁ আকৌ এবাৰ প্ৰমাণ কৰিলে কেচটো নগেন নামৰ শেহতীয়াকৈ মুক্তি লাভ কৰা ছবিখনৰ জৰিয়তে । ইয়াৰ ওপৰিও তেওঁ দেহ ব্যৱসায়ৰ ক’লা জগতখনৰ ওপৰত আধাৰিত ছবি চিঞৰৰ যোগেদি এগৰাকী সুদক্ষ অভিনেত্ৰী হিচাপে পৰিগণিত হৈছিল ৷
এনে বহুকেইখন অসমীয়া ছবি আৰু নাটক আছে য’ত তেওঁ নিজৰ শক্তিশালী অভিনয়ৰ দ্বাৰা দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ৷ অভিনেত্ৰী গৰাকীৰ ইটিভি ভাৰত অসমৰ সৈতে হোৱা এটি বিশেষ বাৰ্তালাপত কেনেদৰে তেওঁ নিজৰ স্বাস্থ্যৰ যতন লয় ? তেওঁৰ দৈনিক ৰুটিন পৰা আৰম্ভ কৰি শৰীৰচৰ্চাৰ সন্দৰ্ভত কি ক’লে জানো আহকচোন-

অভিনেত্ৰী গৰাকীৰ দৈনিক ৰুটিন কি ?
নিজকে স্বাস্থ্যবান কৰি ৰাখিবলৈ প্ৰণামী বৰাই শৰীৰৰ বিশেষ যত্ন লয় ৷ নিজৰ ফিট্ নেচ সম্পৰ্কে প্ৰণামী বৰাই কয়,'মই প্ৰতিদিনে পুৱা ৬ বজাত শুই উঠো ৷ তাৰপাছত আধাঘন্টা সময় যোগাসন, প্ৰাণায়াম কৰো ৷ তাৰপাছত হালধি, আদা ঠেটেলি লৈ গৰম পানীত উতলাই লৈ সেইখিনি এগিলাচ খাওঁ ৷ দৈনিক এনেদৰে এগিলাচ পানী খাওঁ আৰু তাৰপাছত এগিলাচ কুহুমীয়া পানী খাওঁ ৷ তাৰ পাছ পুৱাৰ আহাৰ গ্ৰহণ কৰি দৈনিক যি সমূহ কাম থাকে সেইসমূহ কাম কৰোঁ ৷'

নিজকে সুস্থ ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে অভিনেত্ৰী গৰাকীয়ে
এই সন্দৰ্ভত অভিনেত্ৰী গৰাকীয়ে কয়,' পুৱাৰ আহাৰত মই ৰুটি অথবা ব্ৰেড খাওঁ ৷ লগতে আজিকালি পোৱা এ বি চি জুচ এগিলাচ খাওঁ ৷ পানী মই বহুত খাওঁ ৷ কাৰণত সুস্থ হৈ থকাৰ বাবে পানীখোৱাটো অতি প্ৰয়োজনীয় ৷ প্ৰতিদিনে মই ৪-৫ লিটাৰ পানী খাওঁ ৷ অৱশ্যে গৰম দিনত পানী খোৱাৰ পৰিমাণটো বৃদ্ধি হয় ৷'

ইয়াৰ লগতে, 'যিহেতু প্ৰায়খিনি সময় শ্বুটিঙতে ব্যস্ত থকা হয় সেয়ে দুপৰীয়াৰ আহাৰত মই অসমীয়া খাদ্যই অধিক পছন্দ কৰো ৷ ভাত, দাইল, তৰকাৰী আদি বেছিকৈ খোৱা হয় ৷ মই মাংস খুব ক'ম পৰিমাণে খাওঁ ৷ সন্ধিয়া একাপ চাহ খাওঁ ৷ নিশা ৮ বা ৮৩০ বজাত নিশাৰ আহাৰ গ্ৰহণ কৰো ৷ নিশা মই ভাত নাখাওঁ ৷ নিশাৰ আহাৰত মই ওট্ছ অথবা ড্ৰাই ফ্ৰুইটছ বিশেষকৈ কাঠবাদাম, কাজু, গাখীৰ, পিনাট বাটাৰ, চীয়া চিড্ছ আদি মিহলাই এটা আহাৰ প্ৰস্তুত কৰি খাওঁ ৷'

সফলতাৰ বাবে কেনেধৰণৰ কৰ্ম কৰা উচিত
এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয়,' আমাৰ মনত সদায় এটা ইতিবাচক কৰ্মস্পৃহা থাকিব লাগে ৷ সদায় আমি ইতিবাচক দিশত আগবাঢ়ি যাব লাগে ৷ লগতে সকলোৰে জীৱনৰ এটা লক্ষ্য থাকিব লাগিব লাগে, সেয়া লাগিলে সাধাৰণ লক্ষ্যই নহওক কিয় ৷ যিমান দূৰ পাৰি সামাজিক মাধ্যমৰ পৰা আঁতৰি থাকিব লাগে ৷

সামাজিক মাধ্যমে আমাৰ জীৱনত বিশেষভাৱে প্ৰভাৱ পেলাই ৷ লগতে উৰা বাতৰিৰ পৰা সাৱধান হ'ব লাগে ৷ মানুহে সদায় ইতিবাচক চিন্তা কৰি নিজৰ কাম বোৰ কৰি যাব লাগে তেতিয়া সফলতা লাভ কৰিব পৰা যায় ৷

উল্লেখ্য যে, প্ৰণামী বৰাই চলিত বৰ্ষত মুক্তি লাভ কৰা " কেচটো নগেন" ছবিখন এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মনজয় কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে আহিবলগীয়া ছবি ‘Malamal Boyyyz’ আৰু ‘N.R.C নলপাৰাৰ ৰাম চন্দ্ৰ’টো দেখিবলৈ পোৱা যাব অভিনেত্ৰীগৰাকীক ৷
লগতে পঢ়ক

