ETV Bharat / lifestyle

হোষ্টেলৰ বন্ধু-বান্ধৱীৰ সৈতে কেতিয়াও শ্বেয়াৰ নকৰিব এই ৫টা কথা...বিপদত পৰিব পাৰে

হোষ্টেল জীৱনত বন্ধুত্বই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যদিও ব্যক্তিগত কিছু কথা নিজৰ মাজতে ৰাখি নিজৰ বন্ধুত্বৰ সম্পৰ্ক বজাই ৰখাটোহে গুৰুত্বপূৰ্ণ-

5 Personal Matters You Shouldn't Share with Your Hostel Friends
হোষ্টেলৰ বন্ধু-বান্ধৱীৰ সৈতে কেতিয়াও শ্বেয়াৰ নকৰিব এই ৫টা কথা...বিপদত পৰিব পাৰে (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : November 4, 2024 at 1:02 PM IST

3 Min Read
Choose ETV Bharat

হোষ্টেলীয়া জীৱন যিকোনো ছাত্ৰ-ছাত্ৰীৰ বাবে কোনো স্মৰণীয় মুহূৰ্তকৈ কম নহয় ৷ বন্ধুত্ব আৰু ধেমালিৰ লগতে ইয়াত বহুতো সুখদায়ক অভিজ্ঞতা লাভ কৰা হয় ৷ ইয়াত খুব সোনকালে বন্ধুত্ব সম্পৰ্ক গঢ়ি উঠে, বিশেষকৈ ৰুম পাৰ্টনাৰগৰাকী যে পৰিয়ালৰ এটি অংশ যেন অনুভৱ হয় ৷ কিন্তু এনে পৰিবেশতো ব্যক্তিগত কিছুমান কথা বন্ধুৰ লগত শ্বেয়াৰ কৰাটো উচিত নহয় কাৰণ ইয়াৰ বাবে ভৱিষ্যতে আপুনি ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷

হোষ্টেলৰ বন্ধুসকলক কেতিয়াও নকব এইসমূহ কথা

১/ পাৰিবাৰিক সমস্যা

যথা সম্ভৱ যে, আপুনি আপোনাৰ হোষ্টেলৰ বন্ধুসকলৰ সৈতে অতি আৱেগিকভাৱে জড়িত হ’ব পাৰে, কিন্তু ইয়াৰ পিচতো আপুনি তেওঁলোকক আপোনাৰ পৰিয়ালৰ সমস্যাৰ বিষয়ে একো কোৱাটো উচিত নহয়, কাৰণ পৰিয়ালৰ সমস্যাসমূহ ৰাজহুৱা হোৱাৰ আশংকা থাকে, যিটো কৰাটো ভাল নহয় এনে ক্ষেত্ৰত বন্ধুত্বৰ সম্পৰ্কৰ মাজতো প্ৰভাৱ পৰিব পাৰে ৷

২/ প্ৰেম জীৱন আৰু সম্পৰ্কৰ সবিশেষ

হোষ্টেলত থকাৰ সময়ত আপোনাৰ প্ৰেম জীৱন বা সম্পৰ্কৰ তথ্য শ্বেয়াৰ কৰাটো এটা ডাঙৰ ৰিস্ক হ’ব পাৰে ৷ ই পিচলৈ মুখ ৰোচক আলোচনাৰ কাৰণ হোৱাৰ লগতে আপোনাৰ ব্যক্তিগত জীৱনৰ কথাবোৰ আনৰ মাজত বিয়পিব পাৰে ৷ ইয়াৰ ফলত আপোনাৰ ভাবমূৰ্তিত নেতিবাচক প্ৰভাৱ পেলোৱাই নহয়, ই আপোনাৰ সম্পৰ্ককো বিপদত পেলাব পাৰে ৷

৩/ আৰ্থিক অৱস্থা

আপোনাৰ আৰ্থিক অৱস্থা, পিতৃ-মাতৃৰ পৰা পোৱা পকেট মানি বা আন যিকোনো আৰ্থিক সমস্যাৰ বিষয়ে বন্ধু-বান্ধৱীক কোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷ কেতিয়াবা মানুহে আপোনাৰ পৰিস্থিতিৰ সুযোগ ল’ব পাৰে বা আপোনাক ঠাট্টা কৰিব পাৰে ৷

৪/ পেছাদাৰী বা কেৰিয়াৰ পৰিকল্পনা

আপোনাৰ কেৰিয়াৰ বা উচ্চ শিক্ষাৰ সৈতে জড়িত যিকোনো পৰিকল্পনা শ্বেয়াৰ কৰিলে কেতিয়াবা আপুনি বিপদত পৰিব পাৰে ৷ কেতিয়াবা মানুহে আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাক উপহাস কৰে, আনকি কেতিয়াবা আপোনাৰ সফলতাত বাধা দিবলৈও চেষ্টা কৰিব পাৰে ৷ গতিকে কিছুমান কথা নিজৰ মাজতে সীমাবদ্ধ ৰাখক ৷ যদি আপুনি কিবা পৰামৰ্শ বিচাৰে তেন্তে এজন বিশেষজ্ঞৰ সৈতে কথা পাতক ৷

৫/ বন্ধু-বান্ধৱীৰ লগত মুখ ৰোচক আলোচনা

যদি আপুনি হোষ্টেলত কোনো বন্ধুৰ বিষয়ে মুখ ৰোচক আলোচনা কৰিছে, তেন্তে এই কথা আন কাৰোবাৰ লগত শ্বেয়াৰ কৰাটো আপোনাৰ বাবে বিপদজনক হ’ব পাৰে ৷ ইয়াৰ ফলত আপোনাৰ ভাবমূৰ্তিত নেতিবাচক প্ৰভাৱ পৰিব পাৰে আৰু বন্ধুত্বৰ সম্পৰ্কত মতভেদ হ’ব পাৰে বা কাৰোবাৰ লগত অপ্ৰয়োজনীয়ভাৱে শত্ৰুতা গঢ়ি উঠিব পাৰে ৷

লগতে পঢ়ক: বন্ধু-বান্ধৱৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পূৰ্বে মন দিয়ক এই দিশবোৰলৈ - Tips on travellling with friends