ETV Bharat / lifestyle

কুম্ভ ৰাশি: কৰ্ম, ধন, প্ৰেম, স্বাস্থ্যৰ ক্ষেত্ৰত কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ

২০২৫ বৰ্ষটো কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ কৰ্ম, ধন, প্ৰেম, স্বাস্থ্যৰ ক্ষেত্ৰত কেনে যাব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই-

Horoscope
কুম্ভ ৰাশি: কৰ্ম, ধন, প্ৰেম, স্বাস্থ্যৰ ক্ষেত্ৰত কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : January 16, 2025 at 5:25 PM IST

2 Min Read
Choose ETV Bharat

কুম্ভ ৰাশিৰ ক্ষেত্ৰত ২০২৫ বৰ্ষটো খুৱ এটা সম্ভাৱনীয়তাৰে ভৰা বছৰ বুলি ক'ব পাৰি ৷ শনিৰ সঞ্চাৰ ঘটিব ৷ভমাৰ্চ মাহৰ পাছত কুম্ভ ৰাশিৰ পৰা শনি মীন ৰাশিলৈ গতি কৰিব ৷ গতিকে যি সকল ব্যক্তিৰ ইমান দিনে চাৰেছাতিৰ প্ৰভাৱ আৰু ৰাশিত শনিৰ অৱস্থান হৈ আছিল কিন্তু শনি মীন ৰাশিলৈ অৱস্থান কৰাৰ লগে লগে জীৱনৰ পৰা বহু বাধা আঁতৰি যাব, দুখ কষ্ট দূৰ হ'ব ৷ বিশেষকৈ বৃহস্পতি সঞ্চাৰৰ ফলত সফলতা অৰ্জন হ'ব ৷ কষ্ট অনুসৰি ফল লাভ কৰিব, লগতে কৰ্মত সফলতা লাভ কৰিব ৷

  • ২০২৫ বৰ্ষত কৰ্মৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ বাবে কেনে হ'ব ?

নিবনুৱাসকলে চাকৰি লাভ কৰিব ৷ চাকৰিত পদোন্নতি লাভ কৰিব ৷ চাকৰি কৰি থকা ক্ষেত্ৰত যদি কিবা পইচা ফচি আছে সেই সমূহ উভতাই পোৱাৰ সম্ভৱনা দেখা আছে ৷ লগতে বিবাহৰ ক্ষেত্ৰত থকা বাধা সমূহ আঁতৰিব ৷ যিসকলে বিবাহৰ বাবে আগবাঢ়িব বিচাৰিছে তেওঁলোকে বিয়াৰ বিষয়ে চিন্তা বা পৰিকল্পনা কৰি পাৰে ৷

  • ২০২৫ বৰ্ষত প্ৰেম আৰু ধনৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ বাবে কেনে হ'ব ?

মনৰ ভ্ৰম, ভয়, শংকা, মানসিক অশান্তি, দুখ-কষ্ট আদি নাইকীয়া হ'ব ৷ প্ৰেমত সফলতা লাভ কৰিব পাৰিব ৷ অকলশৰীয়া গৈ থকা সকলৰ জীৱনলৈ নতুন প্ৰেম আহিব ৷ আনহাতে ধন লাভৰ ক্ষেত্ৰত আকস্মিক ধন লাভ হলেও ধন সঞ্চয়ত বাধা আহিব পাৰে ৷

  • ২০২৫ বৰ্ষত বিদ্যাৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ বাবে কেনে হ'ব ?

২০২৫ বর্ষত এই ৰাশিৰ জাতক-জাতিকাসকলৰ পৰিয়ালৰ লোকৰ লগত বাদ-বিবাদ হ'ব পাৰে ৷ আনহাতে ছালৰ ৰোগ, শ্বাস-প্ৰশ্বাস জনিত সমস্যা, পেটৰ ৰোগ, চৰ্দি-কফ ইত্যাদি বিভিন্ন সমস্যা বৰ্ষটো হৈ থাকিব পাৰে ৷ বিদ্যাৰ্থীৰ বাবে এই বৰ্ষটো সফলতাৰ বৰ্ষ ৷

প্ৰতিকাৰ হিচাপে এই ৰাশিৰ জাতক-জাতিকাসকলে, মঙলবাৰ আৰু শনিবাৰে হনুমান চলিশা পাঠ কৰিব পাৰে, লগতে একেৰাহে ৯ টা হনুমান মন্দিৰ দৰ্শন কৰিব পাৰে ৷

(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)

লগতে পঢ়ক

  1. মিথুন ৰাশি: কৰ্ম, ধন, প্ৰেম, স্বাস্থ্যৰ ক্ষেত্ৰত কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ
  2. বৃষ ৰাশি: কৰ্ম, ধন, প্ৰেম, স্বাস্থ্যৰ ক্ষেত্ৰত কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ
  3. মেষ ৰাশি: কৰ্ম, ধন, প্ৰেম, স্বাস্থ্যৰ ক্ষেত্ৰত কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ