কিয়েভ : ইউক্ৰেইন আৰু ৰাছিয়াই নীতিগতভাৱে সীমিত যুদ্ধবিৰতিৰ বাবে সন্মত হৈছে । ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে চলিত সপ্তাহত দেশ দুখনৰ নেতা দুগৰাকীৰ সৈতে কথা পতাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । অৱশ্যে এই যুদ্ধবিৰতি কেতিয়া কাৰ্যকৰী হ'ব আৰু কোন কোন সম্ভাৱ্য লক্ষ্যক আক্ৰমণৰ পৰা বাহিৰত ৰখা হ'ব সেইটো লক্ষণীয় হ'ব ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ট্ৰাম্পৰ সম্পূৰ্ণ ৩০ দিনৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে । তাৰ পিছত আগ্ৰাসী যুদ্ধত আংশিকভাৱে লেকাম লগাবৰ বাবে এই অস্থায়ী চুক্তিৰ বিষয়টো আহে । আনহাতে, যুদ্ধত অৱতীৰ্ণ দেশ দুখনে ইখনে সিখনৰ শক্তি আন্তঃগাঁথনিক আক্ৰমণৰ লক্ষ্য নকৰিবলৈ সন্মত হোৱাত সৃষ্টি হোৱা অসুবিধাই ট্ৰাম্পে এই যুদ্ধৰ দ্ৰুত সমাপ্তিৰ বাবে তেওঁ প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণৰ চেষ্টাত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে ।
বুধবাৰে ট্ৰাম্পৰ সৈতে প্ৰায় এক ঘণ্টাজোৰা কথোপকথনৰ পিছত দুয়োগৰাকী নেতাই এই আলোচনা ভালদৰে চলা বুলি উল্লেখ কৰে । আনহাতে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে সাংবাদিকৰ আগত কয় যে চলিত সপ্তাহৰ অন্তত চৌদি আৰবত অনুষ্ঠিত হ'বলগীয়া 'কাৰিকৰী' আলোচনাই চুক্তিৰ অধীনত কেনেধৰণৰ আন্তঃগাঁথনি সুৰক্ষিত কৰা হ'ব তাৰ সমাধান উলিয়াবলৈ চেষ্টা কৰা হ'ব ।
কিন্তু এইটো তৎক্ষণিকভাৱে স্পষ্ট হৈ পৰে যে চুক্তি সম্পৰ্কত তিনিওটা পক্ষৰ দৃষ্টিভংগী ভিন্ন আছিল । হোৱাইট হাউছে কয় যে ইয়াত 'শক্তি আৰু আন্তঃগাঁথনি' সামৰি লোৱা হ'ব । আনহাতে, ক্ৰেমলিনে কয় যে চুক্তিখনত 'শক্তি আন্তঃগাঁথনি'ক অধিক সংকীৰ্ণভাৱে উল্লেখ কৰিছে । ইফালে জেলেনস্কিয়ে কয় যে তেওঁ ৰে'লৱে আৰু বন্দৰসমূহো সুৰক্ষিত কৰাটো বিচাৰে ।
আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে পুটিনৰ সৈতে একেধৰণৰ আলোচনা কৰাৰ এদিন পিছত ট্ৰাম্পৰ সৈতে হোৱা আলোচনাৰ কথা উল্লেখ কৰি জেলেনস্কিয়ে ছ'চিয়েল মিডিয়াত কয়, "যুদ্ধ সম্পূৰ্ণৰূপে সমাপ্ত কৰাৰ দিশত প্ৰথম পদক্ষেপবোৰৰ ভিতৰত এটা হ'ব পাৰে শক্তি আৰু অন্যান্য অসামৰিক আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ সমাপ্ত কৰা ।" তেওঁ লগতে কয়, "মই এই পদক্ষেপক সমৰ্থন জনাইছোঁ আৰু ইউক্ৰেনে নিশ্চিত কৰিছে যে আমি ইয়াক কাৰ্যকৰী কৰিবলৈ সাজু ।"
তেওঁলোকৰ আলোচনাৰ সময়ত ট্ৰাম্পে পৰামৰ্শ দিয়ে যে জেলেনস্কিয়ে ইউক্ৰেইনৰ শক্তি প্ৰকল্পসমূহৰ দীৰ্ঘম্যাদী নিৰাপত্তা নিশ্চিত কৰিবলৈ আমেৰিকাক মালিকীস্বত্ব প্ৰদানৰ কথা বিবেচনা কৰা উচিত । বিদেশ সচিব মাৰ্কো ৰুবিঅ' আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজৰ হোৱাইট হাউছৰ বিবৃতিত এই কথা প্ৰকাশ ।
আনহাতে, ট্ৰাম্পে জেলেনস্কিক কয় যে আমেৰিকা "ইয়াৰ বিদ্যুৎ আৰু উপযোগিতা বিশেষজ্ঞতাৰে উক্ত প্ৰকল্পবোৰ চলাবলৈ যথেষ্ট সহায়ক হ'ব পাৰে ।" বিবৃতিটোত লগতে কোৱা হৈছে ।
ইফালে হোৱাইট হাউছৰ বিষয়াসকলৰ মতে, ট্ৰাম্পে পৰামৰ্শ দিয়ে যে "উক্ত প্ৰকল্পবোৰৰ আমেৰিকান মালিকীস্বত্ব তাৰ আন্তঃগাঁথনিৰ বাবে সৰ্বশ্ৰেষ্ঠ সুৰক্ষা হ'ব পাৰে ।" উল্লেখ্য যে যুদ্ধৰ সময়ত ইউক্ৰেইনক আমেৰিকাই প্ৰদান কৰা সমৰ্থনৰ বাবে আংশিক পৰিশোধ হিচাপে ট্ৰাম্প প্ৰশাসনে ইউক্ৰেইনৰ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ওপৰত অধিকাৰ লাভ কৰাৰ বাবে এক চুক্তি চূড়ান্ত কৰিব বিচাৰিছিল ।
অৱশ্যে জেলেনস্কিয়ে কয় যে আলোচনা জাপোৰিজজিয়া পাৰমাণৱিক শক্তি প্ৰকল্পৰ ওপৰত কেন্দ্ৰীভূত আছিল- যিটো ইউৰোপত এনেধৰণৰ সৰ্ববৃহৎ শক্তি প্ৰকল্প আৰু যুদ্ধৰ আৰম্ভণিৰ পৰাই এইটো ৰাছিয়াৰ নিয়ন্ত্ৰণত আছে । তেওঁ কয় যে ট্ৰাম্পে 'এক বুজাবুজি'ৰ ধাৰণাটো স্থগিত ৰাখিছিল, য'ত 'আমেৰিকাই প্ৰকল্পটো পুনৰুদ্ধাৰ কৰিব পাৰে' ।
উল্লেখ্য যে জেলেনস্কিয়ে 'ফলপ্ৰসূ' বুলি দাবী কৰা এই আলোচনা দুয়োগৰাকী নেতাৰ মাজত অভাল অফিচ বৈঠকত সংঘটিত এক অনাকাংক্ষিত ঘটনাৰ কেইসপ্তাহমান পিছত অনুষ্ঠিত হয়, যাৰ ফলত ট্ৰাম্পে ইউক্ৰেইনলৈ অস্থায়ীভাৱে চোৰাংচোৱা তথ্য আদান-প্ৰদান আৰু সামৰিক সাহায্য স্থগিত ৰাখিছিল ।
আলোচনাৰ সময়ত জেলেনস্কিয়ে অতিৰিক্ত পেট্ৰিয়াট প্ৰতিৰক্ষা মিছাইল ব্যৱস্থাৰ বাবেও অনুৰোধ কৰে । ৰুবিঅ' আৰু ৱাল্টজে কয় যে ট্ৰাম্পে 'তেওঁৰ সৈতে কাম কৰিবলৈ সন্মত হৈছিল, বিশেষকৈ ইউৰোপত কি উপলব্ধ আছে সেয়া বিচাৰি উলিওৱাৰ বাবে' ।