ETV Bharat / international

বিশৃংখলতাৰ মাজতেই বাংলাদেশৰ অন্তৱৰ্তীকালীন মন্ত্ৰীসভাৰ আকস্মিক বৈঠকৰ আহ্বান ইউনুছৰ - YUNUS CALLS CABINETS MEETING

বাংলাদেশত বিগত কেইবাদিনৰে পৰা চৰকাৰ, সেনা আৰু ৰাজনৈতিক দলৰ মাজত মতানৈক্য গভীৰ হৈ আহিছে ।

YUNUS CALLS CABINETS MEETING
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ (IANS)
author img

By PTI

Published : May 24, 2025 at 7:31 PM IST

6 Min Read

ঢাকা: বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে শনিবাৰে পৰামৰ্শদাতা পৰিষদৰ বৈঠক অনুষ্ঠিত কৰে । চৰকাৰ, সেনা আৰু ৰাজনৈতিক দলৰ মাজত মতানৈক্য গভীৰ হৈ অহাৰ সময়ত এই বৈঠকৰ আহ্বান কৰা হয় । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাজনৈতিক দলসমূহৰ মাজত একমত নোহোৱাৰ বাবে কামত অসুবিধাৰ সন্মুখীন হোৱাত ইউনুছে পদত্যাগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ।

বৃহস্পতিবাৰে ছাত্ৰ-ছাত্ৰী নেতৃত্বাধীন নেশ্যনেল চিটিজেন পাৰ্টিৰ নেতাসকলৰ সৈতে হোৱা আলোচনাৰ সময়ত ইউনুছে এই মন্তব্য কৰে । তেওঁ কয়- "পৰিস্থিতি এনেকুৱা হৈছে যে এতিয়া কাম কৰাটো কঠিন হৈ পৰিছে ।" ইয়াৰ পূৰ্বে কেবিনেট বৈঠকতো তেওঁ পদত্যাগৰ কথা কৈছিল ।

এই প্ৰক্ৰিয়াৰ সৈতে পৰিচিত নাম প্ৰকাশত অনিচ্ছুক এজন বিষয়াৰ উদ্ধৃতি দি ইউ এন বি সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, “নিৰ্ধাৰিত অনুসৰি চলি থকা ই চি এন ই চি (ৰাষ্ট্ৰীয় অৰ্থনৈতিক পৰিষদৰ কাৰ্যবাহী সমিতি)ৰ বৈঠকৰ কিছু সময়ৰ পিছতে তেওঁ উপদেষ্টাসকলৰ (কাৰ্যকৰী মন্ত্ৰীসকলৰ) সৈতে বহিব পাৰে । ইয়াত আৰু কোনো সবিশেষ দিয়া হোৱা নাই ।"

প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ নেতৃত্বাধীন বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি (বি এন পি) আৰু জামাত-ই-ইছলামীৰ সৈতে ধাৰাবাহিক বৈঠকৰ পূৰ্বে ইউনুছে উপদেষ্টাসকলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ।

প্ৰেছ উইঙৰ মুখ্য উপদেষ্টাগৰাকীৰ মতে, বি এন পিৰ এটা প্ৰতিনিধি দলে সন্ধিয়া ৭:০০ বজাত মুখ্য উপদেষ্টাগৰাকীক সাক্ষাৎ কৰাৰ বিপৰীতে জামাতৰ নেতাসকলে নিশা ৮:০০ বজাত তেওঁক সাক্ষাৎ কৰিব ।

ইয়াৰ পূৰ্বে বি এন পিৰ এগৰাকী মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত কয় যে মুখ্য উপদেষ্টা কাৰ্যালয়ে আমাক শেহতীয়া ৰাজনৈতিক পৰিস্থিতিক লৈ বৈঠক অনুষ্ঠিত কৰিবলৈ আমন্ত্ৰণ জনাইছে ।

বৃহস্পতিবাৰে নিশা ইউনুছে ছাত্ৰ নেতৃত্বাধীন নেচনেল চিটিজেন পাৰ্টিৰ নেতাসকলক কয় যে তেওঁ পদত্যাগৰ কথা চিন্তা কৰি আছে কাৰণ তেওঁ অনুভৱ কৰিছে যে 'পৰিস্থিতি এনেকুৱা যে তেওঁ কাম কৰিব নোৱাৰে' । ইয়াৰ পূৰ্বে সেইদিনা কেবিনেট বৈঠকত পদত্যাগ কৰাৰ একেধৰণৰ ইচ্ছা প্ৰকাশ কৰা বুলি খবৰ পোৱাৰ কেইঘণ্টামানৰ পিছতে এই কথা প্ৰকাশ পাইছে ।

এন চি পিৰ আহ্বায়ক নাহিদ ইছলামে কয় যে তেওঁ ইউনুছক আহ্বান জনাইছে দেশৰ নিৰাপত্তা আৰু ভৱিষ্যতৰ স্বাৰ্থত শক্তিশালী হৈ থাকিবলৈ আৰু গণ বিদ্ৰোহৰ আশা পূৰণ কৰিবলৈ । ইউনুছৰ মন্ত্ৰীসভাৰ উপদেষ্টাসকলেও তেওঁক এই পদ এৰি নিদিবলৈ বুজাইছিল।

আব্দুল মইন খান আৰু চালাহুদ্দিন আহমেদকে ধৰি বি এন পিৰ কেইবাজনো জ্যেষ্ঠ নেতাই কয় যে দলটোৱে আশা কৰিছে যে ইউনুছে হঠাতে পদত্যাগ নকৰি আগতীয়াকৈ সাধাৰণ নিৰ্বাচনৰ তদাৰক কৰি মৰ্যাদাৰে পদত্যাগ কৰিব ।

যোৱা বছৰৰ আগষ্ট মাহত ছাত্ৰ নেতৃত্বাধীন বিদ্ৰোহত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামী লীগ চৰকাৰক ক্ষমতাৰ পৰা অপসাৰিত কৰাৰ পিছত ৰাজনৈতিক ক্ষেত্ৰখনৰ মূল শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে বি এন পিয়ে ।

বি এন পিয়ে পূৰ্বৰ মিত্ৰদলৰ পৰা নিজকে আঁতৰাই ৰখাৰ লগে লগে এন চি পিৰ সৈতে মিত্ৰতা কৰিবলৈ বিচৰা জামাতে কয় যে জনসাধাৰণৰ আস্থা ঘূৰাই অনাৰ একমাত্ৰ উপায় হ’ল ন্যায্য নিৰ্বাচন ।

জামাতৰ মূল নেতা চৈয়দ আব্দুল্লা এম তাহেৰে কয়, "চৰকাৰে কৈছে যে ডিচেম্বৰৰ পৰা জুন মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব । এতিয়া এই সময়ছোৱাৰ ভিতৰতে এক নিৰ্দিষ্ট ৰোডমেপ ঘোষণা কৰাৰ প্ৰয়োজন আছে—কেৱল নিৰ্বাচন নহয়, ৰাজনীতি আৰু ৰাজ্য শাসনৰ গাঁথনিগত সংস্কাৰৰ বাবেও ৰোডমেপ ।"

অৱশ্যে ইউনুছৰ মন্ত্ৰীসভাৰ মূল উপদেষ্টা ছায়েদা ৰিজৱানা হাছানে কয় যে অন্তৱৰ্তীকালীন চৰকাৰখন কেৱল নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেই নহয়, সংস্কাৰ ৰূপায়ণ আৰু ন্যায় নিশ্চিত কৰাৰ বাবেও গঠন কৰা হৈছে ।

"মই এইদৰে ক'ম – আমাৰ মাজত দীঘলীয়া আলোচনা হৈছিল...আমাৰ তিনিটা ডাঙৰ দায়িত্ব আছে, যিবোৰ সকলো কঠিন: সংস্কাৰ, ন্যায় আৰু নিৰ্বাচন । আমি কেৱল নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দায়িত্ব লোৱা নাছিলো ।"

সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱ্য সময়সীমা আৰু ম্যানমাৰৰ বিদ্ৰোহীৰ অধীনস্থ ৰাখাইন ৰাজ্যলৈ সাহায্য প্ৰেৰণৰ প্ৰস্তাৱিত মানৱীয় কৰিডৰৰ সৈতে জড়িত বাংলাদেশৰ নিৰাপত্তা বিষয়ৰ সৈতে জড়িত নীতিগত বিষয়ক লৈ সামৰিক বাহিনী আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ মাজত মতানৈক্যৰ বাতৰি প্ৰকাশ পোৱাৰ সময়তে ইউনুছৰ পদত্যাগৰ খবৰ আহিছে ।

নৌসেনা আৰু বায়ুসেনাৰ মুৰব্বীৰ সৈতে সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে তিনিদিন পূৰ্বে ইউনুছক সাক্ষাৎ কৰিছিল আৰু খবৰ অনুসৰি চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী পুনৰবাৰ উল্লেখ কৰিছিল যাতে কোনো নিৰ্বাচিত চৰকাৰে দায়িত্ব ল’ব পাৰে ।

যোৱা বছৰৰ প্ৰতিবাদৰ সময়ত সামৰিক বাহিনীয়ে দমনৰ পৰা বিৰত আছিল, তাৰ পৰিৱৰ্তে হাছিনাক নিৰাপদে ভাৰতৰ পৰা ওলাই অহাটো নিশ্চিত কৰিবলৈ সহায়ৰ হাত আগবঢ়াইছিল । ইয়াৰ উপৰিও এছ এ ডিৰ দাবী অনুসৰি ইউনুছক মুখ্য উপদেষ্টা হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰতো সমৰ্থন আগবঢ়ায়, যাৰ অধিকাংশই পিছলৈ এন চি পি গঠন কৰে ।

শেহতীয়াকৈ ইউনুছ প্ৰশাসনে হাছিনাৰ আৱামী লীগ ভংগ কৰি প্ৰাক্তন মন্ত্ৰীকে ধৰি ইয়াৰ বহু জ্যেষ্ঠ নেতাক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ দৰে অভিযোগত বিচাৰৰ সন্মুখীন হ’বলৈ জেললৈ প্ৰেৰণ কৰে।

পৰৱৰ্তী নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ বি এন পিকে ধৰি ৰাজনৈতিক দলসমূহৰ আহ্বানৰ সন্মুখীন হৈ আহিছে ইউনুছ । তেওঁৰ পদত্যাগৰ কথিত ভাবুকি আহিছিল যিদিনা দলটোৱে আগতীয়াকৈ নিৰ্বাচনৰ দাবীত হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

এই সপ্তাহত দলটোৱে বাকী থকা ছাত্ৰ প্ৰতিনিধিসকলক কেবিনেটৰ পৰা অপসাৰণৰ দাবীও জনাইছিল, আনহাতে এন চি পিয়ে ইয়াৰ উত্তৰত চৰকাৰত থাকি বি এন পিৰ উদ্দেশ্য পূৰণ কৰা বুলি অভিযোগ কৰি দুজন উপদেষ্টাক অপসাৰণৰ দাবী জনায় ।

প্ৰায় ১৭ কোটি জনসংখ্যাৰ দক্ষিণ এছিয়াৰ এই ৰাষ্ট্ৰখনে বিগত শাসন ব্যৱস্থাক উৎখাত কৰাৰ পিছৰে পৰা ৰাজনৈতিক অস্থিৰতাত ভুগি আহিছে ​​যদিও বিগত কেইবাদিনো ধৰি ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ হৈ পৰিছে আৰু প্ৰতিদ্বন্দ্বী দল আৰু ট্ৰেড ইউনিয়ন বা বিভিন্ন গোটে ৰাজধানী ঢাকাৰ ৰাজপথত প্ৰতিদ্বন্দ্বিতামূলক দাবীৰে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

লগতে পঢ়ক : মহম্মদ ইউনুছেও হাত দাঙিলে ! বাংলাদেশৰ ভৱিষ্যৎ কি ?

ভাৰতে বেপাৰ-বাণিজ্য বন্ধ কৰাত মুখ শুকাইছে বাংলাদেশৰ: সেও মানি আলোচনাৰ প্ৰস্তাৱ

উত্তৰ-পূব ভাৰতক "লেণ্ড লক" আখ্যা দি বিপদত ইউনুছ: ভাৰতৰ মাজেৰে কোনো ব্যৱসায় কৰিব নোৱাৰিব বাংলাদেশে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.