ETV Bharat / international

মাজ আকাশৰ পৰা নিৰুদ্দিষ্ট হোৱা বিমানৰ সন্ধান পোৱা গ’ল ঠিকেই কিন্তু জীয়াই নাথাকিল এজনো যাত্ৰী

যাত্ৰাৰ সময়ত নিৰুদ্দেশ হোৱা এণ্টন’ভ এ এন-২৪ বিমানখনৰ অৱশিষ্ট অংশ গন্তব্যস্থানৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত পোৱা গৈছে ৷

FLIGHT CRASH
বিমানৰ প্ৰতীকী ফটো (ANI Photo)
author img

By ANI

Published : July 24, 2025 at 4:05 PM IST

2 Min Read
Choose ETV Bharat

মস্কো: বিগত কিছুমাহৰে পৰা অথন্তৰ ঘটিছে বিমানসেৱাত ৷ ১২ জুনত আহমেদাবাদত সংঘটিত সৰ্বকালৰ সৰ্ববৃহৎ বিমান দুৰ্ঘটনাটোৰ পিছত সৰু-সুৰাকৈ হ’লেও কিবা নহয় কিবা বিপৰ্যন্ত ঘটি আছে দেশী-বিদেশী বিমানসেৱাত ৷ বৃহস্পতিবাৰে পুনৰ এক তেনে খবৰ পোহৰলৈ আহিছে ৷

ৰাছিয়া টুডেৰ বাতৰি অনুসৰি টিণ্ডাৰ সমীপৰ এখন অৰণ্যত ৪৩ জন যাত্ৰী কঢ়িয়াই অনা ৰাছিয়াৰ এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাত পতিত হয় ৷ তথ্য অনুসৰি ব্লাগোভেচচেনস্কৰ পৰা টিণ্ডালৈ ঘৰুৱা বিমান যাত্ৰাৰ সময়ত নিৰুদ্দেশ হোৱা এণ্টন’ভ এ এন-২৪ বিমানখনৰ অৱশিষ্ট অংশ গন্তব্যস্থানৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত পোৱা যায় ৷ উদ্ধাৰকাৰী হেলিকপ্টাৰৰ সহায়ত বিমানখনৰ এই অৱশিষ্ট অংশ উদ্ধাৰ কৰা বুলি ৰাছিয়া টুডেই প্ৰকাশ কৰিছে ৷

আৰ টিৰ উদ্ধৃতিৰে প্ৰকাশ কৰা খবৰ অনুসৰি এক সূত্ৰই জনোৱা মতে, টিণ্ডা বিমানবন্দৰত অৱতৰণ কৰাৰ কিছু সময়ৰ পূৰ্বে টুইন টাৰ্বোপ্ৰপ বিমানখনে সংযোগ হেৰুৱাই পেলায় ৷ তদুপৰি কোনো ধৰণৰ সংকেত প্ৰেৰণতো বিমানখন ব্যৰ্থ হয় ৷ ৰাছিয়াৰ সুদূৰ পূব আমুৰ অঞ্চলৰ ৫৭০ কিলোমিটাৰ দৈৰ্ঘযুক্ত পথত চলিছিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন ৷

অঞ্চলটোৰ গৱৰ্ণৰ ভাচিলি অৰলভে নিশ্চিত কৰিছে যে জাহাজখনত ৪৩ জন যাত্ৰীৰ লগতে আছিল চাৰিজন ক্ৰু সদস্য ৷ যাত্ৰীসকলৰ ভিতৰত পাঁচটা শিশু থকাটোও গৱৰ্ণৰগৰাকীয়ে সদৰী কৰে ৷

ৰাছিয়াৰ জৰুৰীকালীন সেৱাই প্ৰকাশ কৰা ভিডিঅ’ত দেখা গৈছে যে অনুসন্ধান অভিযানৰ অংশ হিচাপে গভীৰ বনাঞ্চলৰ ওপৰেৰে গৈছিল এখন এম আই-৮ হেলিকপ্টাৰ । ৰাছিয়া টুডেৰ মতে, ঘন আৰু পাহাৰীয়া গভীৰ অৰণ্য টাইগাত জ্বলি থকা অৱস্থাত বিমানখন প্ৰত্যক্ষ কৰাৰ পিছত উদ্ধাৰৰ প্ৰচেষ্টা কিছু পৰিমাণে কঠিন হৈ পৰে ।

১৯৫০ চনত নিৰ্মিত এন-২৪ বিমান ৰাছিয়াত আঞ্চলিক যাতায়াতৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয় । কেইবাদশক ধৰি এনেধৰণৰ ১০০০ ৰো অধিক বিমান নিৰ্মাণ কৰা হৈছে । ইতিমধ্যে বিমানবন্দৰ কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে যদিও প্ৰাৰম্ভিক তদন্তৰ অন্তত বিমানখনত থকা এজনো লোক জীৱিত অৱস্থাত নথকাটো নিশ্চিত কৰে ৷

লগতে পঢ়ক: উৰণৰ সময়তেই অগ্নিপিণ্ডত পৰিণত এয়াৰ ইণ্ডিয়াৰ বিমান: ২৪১ যাত্ৰীৰ মৃত্যু - AIR INDIA FLIGHT CRASH