ETV Bharat / international

ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ ওপৰত আশাজনক বাৰ্তা জয়শংকৰৰ

বৰ্তমান ভাৰতৰ এটা প্ৰতিনিধি দল ৱাশ্বিংটনত আছে আৰু ভাৰত-আমেৰিকাৰ মাজত হ'বলগীয়া দ্বিপাক্ষিক বাণিজ্যিক চুক্তিক লৈ আলোচনা অব্যাহত আছে ।

JAISHANKAR ON INDIA US TRADE DEAL
সাক্ষাৎকাৰৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ (X@DrSJaishankar)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 3:22 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক আলোচনাই সফল সিদ্ধান্তত উপনীত হ’ব । এই আশা প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ।

আমেৰিকাৰ মানহাটানৰ ৯/১১ মেম’ৰিয়েলৰ ওচৰৰ ৱান ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত অৱস্থিত নিউজৱিকৰ মুখ্য কাৰ্যালয়ত ইয়াৰ চি ই অ’ দেৱ প্ৰগাদৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত তেওঁ এই মন্তব্য কৰে । দুয়োখন দেশৰ বাবে 'মিলন স্থল' বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, “আৰু মই ভাবোঁ আমি আগন্তুক কেইদিনমানলৈ এই স্থানৰ ওপৰত দৃষ্টি ৰাখিব লাগিব ।”

জয়শংকৰে লগতে কয়, "আপুনি বাণিজ্যৰ কথা কৈছিল । হয়, আমি এক যথেষ্ট জটিল বাণিজ্যিক বাৰ্তাৰ মাজভাগত আছোঁ ।"

"মই আশা কৰিম যে আমি ইয়াক সফল সিদ্ধান্তলৈ লৈ যাব পাৰিম । মই ইয়াৰ নিশ্চয়তা দিব নোৱাৰোঁ, কাৰণ সেই আলোচনাৰ আন এটা পক্ষও আছে ।" তেওঁ কয় ।

ভাৰত-আমেৰিকাৰ সম্পৰ্ক আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত বাণিজ্যিক আলোচনা সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে জয়শংকৰে । তেওঁ কয় যে ইয়াত এৰা-ধৰা হ’ব লাগিব ।

"আৰু যেনেকৈ আমেৰিকা বা আমেৰিকাৰ জনসাধাৰণৰ ভাৰত সন্দৰ্ভত মতামত থাকিব পাৰে, ভাৰতৰ মানুহৰো আমেৰিকাৰ বিষয়েও মতামত আছে । আৰু আমি এক প্ৰকাৰৰ সংযোগ স্থল বিচাৰিব লাগিব । মই বিশ্বাস কৰোঁ যে ই সম্ভৱ ।" তেওঁ কয় ।

ভাৰত-আমেৰিকাৰ বাণিজ্যিক আলোচনা সন্দৰ্ভত আন এক প্ৰশ্নৰ উত্তৰত জয়শংকৰে কয় যে বিগত কেইমাহমানৰ পৰা অতি গভীৰ আলোচনা হৈছে । “মই এি কথা ক'ব নোৱাৰো যে কোনখন দেশে কিমান পৰ্যায়ৰ আলোচনা কৰিছে । কিন্তু মই অনুমান কৰোঁ যে আমি সেইবোৰ দেশৰ ভিতৰত আছোঁ যিবোৰ দেশে আটাইতকৈ বেছি আলোচনা কৰিছে ।”

উল্লেখ্য যে বৰ্তমান ভাৰতৰ এটা প্ৰতিনিধি দল ৱাশ্বিংটন ডি চিত আছে আৰু দ্বিপাক্ষিক বাণিজ্য চুক্তিক লৈ আলোচনা অব্যাহত আছে ।

"গতিকে আমাৰ আশা, আমাৰ প্ৰত্যাশা নিশ্চিতভাৱে এইটো হ'ব যে আমি ইয়াক এক উমৈহতীয়া স্থিতিলৈ লৈ আহিম ।" এইবোৰ জটিল আলোচনা বুলিও উল্লেখ কৰি তেওঁ কয় ।

উল্লেখ্য যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি অতি সোনকালে হ’ব বুলি উল্লেখ কৰা সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লিভিটে ইয়াত সন্মতি প্ৰকাশ কৰি সোমবাৰে সংবাদমেল সম্বোধন কৰি কয় যে বাণিজ্য সচিব হাৱাৰ্ড লুটনিক ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে অ’ভেল অফিচত আছিল আৰু তেওঁলোকে এই চুক্তিসমূহ চূড়ান্ত কৰি আছে ।

লগতে পঢ়ক :মণিপুৰত চৰকাৰ গঠন সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰই - MANIPUR GOVT FORMATION
লগতে পঢ়ক :ফাৰ্মা কোম্পানীত ৰিয়েক্টৰ বিস্ফোৰণ: নিহতৰ সংখ্যা ৩১লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন পাঁচজন - REACTOR EXPLODES IN PASHAMILARAM