নেপালত GEN Z ৰ প্ৰতিবাদৰ জোৱাৰ; হঠাতে অতি ভয়াৱহ হৈ পৰিছে দেশৰ পৰিস্থিতি
নেপাল চৰকাৰে সেই ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ পিছতে দেশত প্ৰতিবাদ ।

Published : September 8, 2025 at 7:16 PM IST
কাঠমাণ্ডু : শেহতীয়াকৈ লাভ কৰা তথ্য মতে, সোমবাৰে নেপালত সংঘটিত প্ৰতিবাদত ইতিমধ্যে ১৫ জন লোকৰ মৃত্য হৈছে । ইয়াৰ বিপৰীতে কেইবা ডজন লোক আহত হৈছে । এই প্ৰতিবাদ ইমানেই ভয়াৱহ আছিল যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছ আৰু পানী ব্যৱহাৰ কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়ে ।
ইতিমধ্য়ে সকলোৰে জ্ঞাত যে, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, এক্স আদি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ পাচতে এই প্ৰতিবাদ হয় ।
এই প্ৰতিবাদৰ আলোকচিত্ৰসমূহত শ শ লোকৰ ভিৰ দেখা গৈছে । আনকি কিছু সংখ্যকে আৰক্ষীৰ বেৰিকেডবোৰ ভাঙি থকা দেখা গৈছে । ইফালে এই প্ৰতিবাদক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীকো যুদ্ধংদেহীৰূপত সমবেত হোৱা দেখা গৈছে ।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, চৰকাৰে কমেও ২৬ টা প্লেটফৰ্ম নিষিদ্ধ কৰাৰ বিৰুদ্ধে আৰম্ভ হয় এই প্ৰতিবাদ । এই প্ৰতিবাদত অধিকাংশ নৱ প্ৰজন্মৰ যুৱক-যুৱতী বা জেন-জী জড়িত হৈ পৰিছে ।
জেন-জী কোন ?
Gen-G শব্দটোৱে ১৯৯৭ চনৰ পৰা ২০১২ চনৰ ভিতৰত জন্মগ্ৰহণ কৰা লোকসকলক বুজায় । এই জনগাঁথনিগত গোটটো মিলেনিয়ামৰ পিছত আৰু জেনেৰেশ্যন আলফাৰ আগতে আহিছে । প্ৰথম ডিজিটেল নেটিভ হিচাপে জেন-জী প্ৰজন্মটো এনে এখন পৃথিৱীত ডাঙৰ-দীঘল হৈছে, য’ত ইণ্টাৰনেট, স্মাৰ্টফোন আৰু ছ’চিয়েল মিডিয়া সদায় উপস্থিত আছিল ।
জেন-জী প্ৰযুক্তি ব্যৱহাৰ কৰাত অত্যন্ত পাকৈত । তেওঁলোকে নিজৰ কাম কৰাৰ পৰা ঘৰৰ সামান্য বস্তু এটা বজাৰ কৰালৈকে সকলো ইণ্টাৰনেটৰ জৰিয়তে কৰে ।
নেপালত প্ৰতিবাদৰ কাৰণ
নেপাল চৰকাৰে সেই ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ পিছতে হয় এই প্ৰতিবাদ । এই এপসমূহে নতুন নিয়মৰ অধীনত পঞ্জীয়ন কৰা নাই । চৰকাৰে কয় যে এই পঞ্জীয়নৰ জৰিয়তে দেশত এই এপসমূহৰ দ্বাৰা উপাৰ্জন কৰা ৰাজহৰ ওপৰত কৰ আৰোপ কৰাৰ প্ৰয়াস ।
একে সময়তে সমালোচকসকলে কয় যে চৰকাৰক সমালোচনা কৰা বিষয়বস্তু নিয়ন্ত্ৰণৰ এইটোৱেই এক উপায় । চৰকাৰৰ এই নিৰ্দেশৰ পিছত ৪ ছেপ্টেম্বৰৰ মাজ নিশাৰ পিছত বন্ধ কৰি দিয়া হৈছিল ছ’চিয়েল মিডিয়া চাইট । এই সময়ছোৱাত প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ লগে লগে বিশিষ্ট নেপালী শিল্পী, অভিনেতা আৰু মনোৰঞ্জকসকলে সমৰ্থন প্ৰকাশ কৰি আন্দোলনটো আৰু অধিক তীব্ৰতৰ কৰি তুলিছিল ।
অভিনেতা মদন কৃষ্ণ শ্ৰেষ্ঠ আৰু হৰি বংশা আচাৰ্যকে ধৰি আন বহুতেই এই প্ৰতিবাদক সমৰ্থন কৰে
ৰাজহুৱাভাৱে ফেচবুকত যুৱ-নেতৃত্বাধীন আন্দোলনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে । দ্য কাঠমাণ্ডু পোষ্টৰ তথ্য অনুসৰি, আচাৰ্যই শেহতীয়াকৈ নিৰ্মিত এটা পথ দুৰ্বল অৱস্থাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি কৰদাতাৰ পুঁজিৰে ৰাজহুৱা আন্তঃগাঁথনি কিয় ইমান সোনকালে ভাঙি যায় বুলিও প্ৰশ্ন উত্থাপন কৰে ।
তেওঁ লিখিছে, "মই আগতে প্ৰতিদিনে ভাবিছিলো যে এই পথটো ইমান সোনকালে কেনেকৈ বেয়া হ'ব পাৰে । অৱশ্যে আজিৰ যুৱক-যুৱতীসকলে কেৱল চিন্তা কৰাতকৈও বেছি কাম কৰে—তেওঁলোকে প্ৰশ্ন কৰে । কিয় ভাঙি গ'ল ? কেনেকৈ ? দায়ী কোন ? এই প্ৰজন্মই উত্থাপন কৰা বিষয়বোৰৰ এটা উদাহৰণ মাথোঁ । আজি আমি যি কণ্ঠ শুনিবলৈ পাইছো সেয়া ব্যৱস্থাৰ বিৰোধী নহয়, কৰ্মৰ বিৰোধী ।''
আজিৰ যুৱক-যুৱতীসকলে অধিক জবাবদিহিতাৰ আশা কৰা বুলি উল্লেখ কৰি তেওঁ নেতাসকলক নিজৰ কৰ্মক্ষমতা উন্নত কৰাৰ লগতে নৱ প্ৰজন্মৰ হাতত দায়িত্ব অৰ্পণ কৰিবলৈ আহ্বান জনায় ।
শ্ৰেষ্ঠই এই আৱেগক প্ৰতিধ্বনিত কৰি লিখিছে, "মই দেশখনক ইয়াৰ গতিৰ মাজেৰে দেখিছো আৰু ইয়াৰ সংগ্ৰাম প্ৰত্যক্ষ কৰিছো । কণ্ঠ দমন কৰা হৈছে, নেপোটিজিম আৰু পক্ষপাতিত্ব অবাধ হৈ পৰিছে, ক্ষমতাৰ লোভো অলংকৃত । প্ৰতিদিনে হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে কাম কৰিবলৈ বহিঃৰাজ্যলৈ যাবলৈ বাধ্য হৈছে । দুৰ্নীতিয়ে আতংকজনক মাত্ৰাত উপনীত হৈছে, আনকি নেপাল মাতৃও যেন কান্দিছে ।"
তেওঁ আৰু কয় যে যুৱক-যুৱতীসকল দেশৰ ভৱিষ্যত আৰু তেওঁলোকৰ সপোনত নেপালৰ সপোন প্ৰতিফলিত হয় । বছৰ বছৰ ধৰি চলি থকা স্থবিৰতাই প্ৰতিজন নাগৰিকক নিৰাশ কৰিছে । এয়া আজিৰ জেনেৰেশ্যন জেডৰ ভাষণ । তেওঁলোকৰ মাত শুনাব লাগিব । দুৰ্নীতিগ্ৰস্ত বিষয়াক জবাবদিহি কৰিব লাগিব, নাগৰিকৰ প্ৰয়োজনীয়তা বুজি পোৱা নেতা থাকিব লাগিব আৰু জাতিৰ আকাংক্ষা বাস্তৱায়িত হ’ব লাগিব ।"
অভিনেতা প্ৰকাশ সাপুতে সমৰ্থন আগবঢ়ায়
ইফালে নেপালী গায়ক তথা অভিনেতা প্ৰকাশ সাপুতে সুনীল আৰু শচীন নামৰ দুই ভাতৃক প্ৰতিবাদত যোগদান কৰিবলৈ উৎসাহিত কৰে। তেওঁ কয় যে যোৱা মাহত ইউটিউবৰ পৰা উপাৰ্জনৰ পৰা ২৫ হাজাৰকৈ টকা পঠিয়াইছিল । তেওঁ তেওঁলোকক পানীৰ বাবে ধনখিনি ভাগ-বতৰা কৰিবলৈ, হাইড্ৰেটেড হৈ থাকিবলৈ, অনুশাসনশীল হৈ থাকিবলৈ আৰু একেলগে একাধিক কাম কৰি নিজকে ভাগৰুৱা নহ’বলৈ পৰামৰ্শ দিয়ে ।
অভিনেতা তথা পৰিচালক নিশাল বাছনেটেও টিকটকৰ জৰিয়তে সমৰ্থন প্ৰকাশ কৰি ৰাজনৈতিক নেতাসকলে ক্ষমতালৈ অহাৰ পিছত জনসাধাৰণক আওকাণ কৰি নাগৰিকক দমন কৰা নিয়ম কিদৰে তৈয়াৰ কৰে সেই কথা সমালোচনা কৰে । তেওঁ কয় যে এইবাৰ পূৰ্বৰ ব্যক্তিগত প্ৰতিবাদৰ বিপৰীতে নেপালত বসবাস কৰা যুৱক-যুৱতীসকলে সক্ৰিয়ভাৱে নিজৰ ভৱিষ্যতৰ বাবে মাত মাতিছে । লগতে প্ৰতিবাদৰ সময়ত কোনো ধৰণৰ ঘটনা ৰোধ কৰিবলৈ তেওঁ আৰক্ষীক আহ্বান জনায় ।
নেপালী অভিনেত্ৰী বৰষা ৰাউটেও টিকটকৰ জৰিয়তে সমৰ্থন প্ৰকাশ কৰাৰ লগতে আনকো যোগদান কৰিবলৈ উৎসাহিত কৰে ।অভিনেতা আনমোল কে চি, প্ৰদীপ খাডকা, ভোলাৰাজ সাপকোটা,বৰ্ষা শিৱকোটি আৰু কণ্ঠশিল্পী এলিনা চৌহান, ৰচনা ৰিমাল আৰু সমীক্ষা অধিকাৰীয়েও সংহতি প্ৰকাশ কৰি আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । আন আন শিল্পীসকলেও ৰাজহুৱাভাৱে এই প্ৰতিবাদক সমৰ্থন জনাইছে ।

