ETV Bharat / international

ভাৰত-পাকিস্তানৰ মাজৰ প্ৰত্যক্ষ আলোচনাক উৎসাহিত কৰিব আৰু চাব বিচাৰো: আমেৰিকা - US ON INDO PAK TENSIONS

ট্ৰাম্পে বাৰে বাৰে দাবী কৰি আহিছে যে আমেৰিকাই নতুন দিল্লী আৰু ইছলামাবাদৰ মাজত হোৱা যুদ্ধবিৰতিৰ সময়ত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিছিল ৷

us on indo pak tensions
প্ৰতিনিধিত্বমূলক ফটো (ANI)
author img

By PTI

Published : May 16, 2025 at 11:41 PM IST

3 Min Read

ৱাশ্বিংটন: আমেৰিকাই ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰত্যক্ষ আলোচনাক উৎসাহিত কৰিব আৰু চাব বিচাৰে বুলি বিদেশ মন্ত্ৰালয়ে সদৰী কৰে ৷ যিটো ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কাশ্মীৰৰ সন্দৰ্ভত সমাধানৰ বাবে দুয়োখন দেশৰ সৈতে কাম কৰিব বুলি পূৰ্বে কৰা মন্তব্যৰ বিপৰীত বুলি মন্ত্ৰালয়ে কয় ।

বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি বিদেশ বিভাগৰ প্ৰধান উপ-মুখপাত্ৰ টমী পিগটে এনেদৰে কয় ‘‘বাৰু চাওক, আমি যিটো দেখি সুখী হৈছে সেয়া হৈছে যুদ্ধবিৰতি । যোৱা দুদিন ধৰি আমি সেইটোৱেই কৈ আহিছো আৰু আমি দেশ দুখনৰ মাজত প্ৰত্যক্ষ আলোচনাক উৎসাহিত কৰিব আৰু চাব বিচাৰো ।’’

‘‘এখোজ পিছুৱাই গ’লেও ৰাষ্ট্ৰপতি এজন শান্তিপ্ৰেমী আৰু আমি শান্তিৰ অগ্ৰগতি উদযাপন কৰো আৰু আমি যুদ্ধবিৰতি বজাই ৰখাটো আশা কৰিম । ৰাষ্ট্ৰপতিয়ে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীক শান্তিৰ পথ বাছনি কৰি দেখুওৱা জ্ঞান আৰু ধৈৰ্যৰ বাবে তেওঁ দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীক দিয়া প্ৰশংসাৰ ক্ষেত্ৰতো স্পষ্ট হৈ পৰিছে" তেওঁ কয় ।

চাৰিদিন ধৰি সীমান্তত অব্যাহত থকা ড্ৰোণ আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণৰ অন্তত সংঘাতৰ অন্ত পেলাবলৈ ১০ মে’ত ভাৰত আৰু পাকিস্তানে এক বুজাবুজিত উপনীত হয় ।

ট্ৰাম্পে বাৰে বাৰে দাবী কৰি আহিছে যে আমেৰিকাই নতুন দিল্লী আৰু ইছলামাবাদৰ মাজত হোৱা যুদ্ধবিৰতিৰ সময়ত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিছিল ৷

নতুন দিল্লীত থকা ভাৰত চৰকাৰৰ সূত্ৰই কৈ আহিছে যে ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানসকলে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থল, আকাশ আৰু সাগৰত সকলো গুলীচালনা আৰু সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ বাবে এক বুজাবুজিত উপনীত হৈছে ৷ তেওঁলোকে কয় যে ইয়াৰ লগত কোনো তৃতীয় পক্ষ জড়িত নহয় ।

‘‘বাৰু, আমি যিটো দেখি সুখী সেয়া হৈছে যুদ্ধবিৰতি আৰু তাতেই আমাৰ গুৰুত্ব আছে ৷ আমি চাব বিচাৰো প্ৰত্যক্ষ আলোচনা । আমাৰ ৰাষ্ট্ৰপতিয়ে শান্তিৰ পথ বাছি লোৱাৰ বাবে দুয়োজন প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰিছে’’ টমী পিগটে কয় ৷

ট্ৰাম্পে ১০ মে’ত কাশ্মীৰৰ সন্দৰ্ভত সমাধানৰ বাবে ভাৰত-পাকিস্তানৰ সৈতে কাম কৰাৰ কথা উল্লেখ কৰি কয় যে তেওঁ গৌৰৱান্বিত ৷ ৱাশ্বিংটনে দেশসমূহক যুদ্ধবিৰতিৰ ঐতিহাসিক আৰু বীৰত্বপূৰ্ণ সিদ্ধান্তত উপনীত হোৱাত সহায় কৰিবলৈ সক্ষম হৈছে ।

ভাৰতে সদায় কৈ আহিছে যে কাশ্মীৰ বিষয়টো দ্বি-পাক্ষিক বিষয় আৰু কোনো তৃতীয় পক্ষৰ বাবে তাত স্থান নাই । ভাৰতে দৃঢ়তাৰে কয় যে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখ ইয়াৰ অবিচ্ছেদ্য অংশ আছিল আৰু সদায় থাকিব ।

লগতে পঢ়ক: 'অশান্তি'ৰ নায়কৰ মুখত 'শান্তি'ৰ বাৰ্তা ! পাক প্ৰধানমন্ত্ৰীৰ ভাৰতৰ সৈতে শান্তি আলোচনাৰ প্ৰস্তাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.