যদি পাকিস্তানে শান্তি নিবিচাৰে, তেন্তে আফগানিস্তানৰ হাতত আন বিকল্প ব্যৱস্থা আছে : মুত্তাকী
আফগানিস্তানে পাকিস্তানৰ সৈতে হোৱা সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধান বিচাৰে, যদি এই প্ৰচেষ্টাসমূহ বিফল হয়, তেন্তে আন বিকল্প আছে বুলি বৈদেশিক মন্ত্ৰী মুত্তকীয়ে কয় ।

Published : October 12, 2025 at 7:17 PM IST
নতুন দিল্লী : আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তকীয়ে দেওবাৰে কয় যে আফগানিস্তানে পাকিস্তানৰ সৈতে হোৱা সংঘাতৰ শান্তিপূৰ্ণ সমাধান বিচাৰে, কিন্তু যদি এই প্ৰচেষ্টা সফল নহয় তেন্তে ইয়াৰ বিপৰীতে হাতত আন বিকল্পও আছে । আফগানিস্তান আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আফগান দূতাবাসত সংবাদ মাধ্যমৰ আগত মুত্তাকীয়ে এই মন্তব্য কৰে ৷
বৃহস্পতিবাৰে কাবুলত পাকিস্তানে বিমানেৰে আক্ৰমণ চলায় । ফলত দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । মুত্তাকীয়ে এই সন্দৰ্ভত কয় যে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে ।
আফগান বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, "পাকিস্তানৰ গৰিষ্ঠসংখ্যক জনসাধাৰণ শান্তিপ্ৰেমী আৰু তেওঁলোকে আফগানিস্তানৰ সৈতে ভাল সম্পৰ্ক হোৱাটো বিচাৰে । পাকিস্তানী নাগৰিকৰ সৈতে আমাৰ কোনো সমস্যা নাই । পাকিস্তানৰ কিছুমান উপাদানে উত্তেজনাৰ সৃষ্টি কৰিছে ।"
তেওঁ কয়, "আফগানিস্তানে নিজৰ সীমান্ত আৰু নিজৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰিব আৰু সেইবাবেই পাকিস্তানৰ পৰা অহা হিংসাৰ প্ৰতি তৎক্ষণাত সঁহাৰি জনাইছিল । আমি যোৱা নিশা আমাৰ সামৰিক লক্ষ্যত উপনীত হ'লো আৰু আমাৰ বন্ধু কাটাৰ আৰু চৌদি আৰবেও কৈছে যে এই সংঘাতৰ অন্ত পৰিব লাগিব, গতিকে আমি এতিয়াৰ বাবে ইয়াক বন্ধ কৰি দিছো ।"
#WATCH | Delhi | Afghanistan Foreign Minister Amir Khan Muttaqi says, " ... during the meeting, the indian foreign minister announced an increase in the flights between kabul and delhi... an agreement was also reached on trade and economy... we also invited the indian side to… pic.twitter.com/laaEZ3vkIO
— ANI (@ANI) October 12, 2025
মুত্তকীয়ে কয়, "পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে । আমি কেৱল সুসম্পৰ্ক আৰু শান্তি বিচাৰো... যেতিয়া কোনোবাই আমাৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰে, তেতিয়া সকলো নাগৰিক, চৰকাৰৰ মুৰব্বী, উলেমা আৰু সকলো ধৰ্মগুৰু একত্ৰিত হৈ দেশৰ স্বাৰ্থৰ বাবে যুঁজ দিয়ে । আফগানিস্তানে ৪০ বছৰ ধৰি সংঘাতত লিপ্ত হৈ আছে । অৱশেষত মুক্ত হৈ শান্তিৰ বাবে কাম কৰি আছে । যদি পাকিস্তানে সুসম্পৰ্ক আৰু শান্তি নিবিচাৰে, তেন্তে আফগানিস্তানে অন্য বিকল্পসমূহ আছে।"
আফগান বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, "আফগানিস্তানত এতিয়া টিটিপিৰ কোনো উপস্থিতি নাই । আমি কাবুললৈ উভতি অহাৰ পূৰ্বেও পাকিস্তানী সেনাই জনজাতীয় অঞ্চলত অভিযান আৰম্ভ কৰিছিল, যাৰ ফলত বৃহৎ সংখ্যক লোকক স্থানচ্যুত হৈছিল । আমেৰিকাৰ সেনা আৰু আমেৰিকা সমৰ্থিত পূৰ্বৰ চৰকাৰে তেওঁলোকক আফগান মাটিত আশ্ৰয় দিছিল । তেওঁলোক স্থানচ্যুত অঞ্চলৰ পাকিস্তানী আৰু তেওঁলোকক শৰণাৰ্থী হিচাপে দেশখনত থাকিবলৈ দিয়া হৈছে ।"
তেওঁ কয় যে আফগানিস্তান-পাকিস্তান সীমান্ত ডুৰাণ্ড লাইন ২৪০০ কিলোমিটাৰতকৈও অধিক দীঘল । চেংগী বা ইংৰাজেও ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰে... কেৱল বল প্ৰয়োগেৰে ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰি । যদি পাকিস্তানে শান্তি বিচাৰে তেন্তে ইয়াৰ বৃহৎ সেনাবাহিনী আৰু উচ্চ চোৰাংচোৱা ব্যৱস্থা আছে—তথাপিও ইয়াৰ নিয়ন্ত্ৰণ কিয় কৰা নাই ? এই সংঘাত পাকিস্তানৰ ভিতৰত । আমাক দোষাৰোপ কৰাৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ টেৰিটৰিয়েল ইছ্যুৰ ওপৰত নিয়ন্ত্ৰণ ল’ব লাগে ।
তেওঁ আৰু কয়, "পাকিস্তানে নিজৰ জনসাধাৰণক কিয় আস্থাত লোৱা নাই ? পাকিস্তানৰ বহু লোকে আৰু নিশ্চিতভাৱে আমিও এই যুদ্ধ চলি থকাটো নিবিচাৰো । কিন্তু পাকিস্তানে এই গোটসমূহক নিয়ন্ত্ৰণ কৰিব লাগিব । দুই এজনক সন্তুষ্ট কৰিবলৈ নিজৰ মানুহক কিয় বিপদত পেলাব ?"

