ETV Bharat / international

শিক্ষাৰ্থীৰ প্ৰতিবাদত জ্বলিছে বাংলাদেশ - Bangladesh violence

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 12:25 PM IST

Bangladesh violence: বাংলাদেশত শিক্ষাৰ্থীৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ লৈছে । ঠায়ে ঠায়ে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে । এতিয়ালৈ ৩০ৰো অধিক লোকৰ মৃত্যু । কিন্তু কিহৰ বাবে শিক্ষাৰ্থীসকলে ৰাজপথলৈ ওলাই আহিছে ?

Bangladesh violence
শিক্ষাৰ্থীৰ প্ৰতিবাদত জ্বলিছে বাংলাদেশ (AP Photos)

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ জুলাই : চৰকাৰী নিযুক্তিত সংৰক্ষণৰ ব্যৱস্থাক লৈ ছাত্ৰৰ প্ৰতিবাদে বাংলাদেশত ভয়ংকৰ ৰূপ লৈছে । প্ৰতিবাদকাৰী, নিৰাপত্তা বাহিনী আৰু চৰকাৰ পন্থী সংগঠনৰ মাজত তীব্ৰ সংঘৰ্ষ হোৱা দেখা গৈছে । ইয়াৰ মাজতে প্ৰতিবাদকাৰী সংগঠনসমূহে বৃহস্পতিবাৰে বাংলাদেশত সম্পূৰ্ণ বন্ধৰ আহ্বান দিয়ে । অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো অনুষ্ঠান, প্ৰতিষ্ঠান বন্ধৰ আহ্বান জনাই প্ৰতিবাদকাৰীসকলে । দেশৰ কেইবাখনো মুখ্য বিশ্ববিদ্যালয়ে প্ৰতিবাদ হ্ৰাস নোহোৱালৈকে অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰিবলৈ সন্মত হোৱাৰ পিচতে পৰিস্থিতি আৰু ভয়ংকৰ হৈ পৰিছে ।

উল্লেখ্য যে, যোৱা মাহৰ শেষৰ ফালে হাজাৰ হাজাৰ লোকে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল । কিন্তু সোমবাৰে দেশৰ সৰ্ববৃহৎ ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ কৰ্মীসকলে শাসনাধিষ্ঠ আৱামী লীগৰ সমৰ্থিত সংগঠন আৰু আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় । লগে লগে উত্তেজনা বৃদ্ধি হোৱা দেখা গৈছে । এই সংঘৰ্ষত ১০০ ৰো অধিক লোক আহত হয় । মঙলবাৰেও সমগ্ৰ বাংলাদেশতে প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালকৈ হিংসাত্মক ঘটনাও সংঘটিত হয় । য'ত ৬ গৰাকী লোক নিহত হয় । ইয়াৰ পিচত বুধবাৰ আৰু বৃহস্পতিবাৰে অধিক সংঘৰ্ষৰ খবৰ পোৱা গৈছে । মুখ্য চহৰসমূহৰ ৰাজপথত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয় ।

আনহাতে, সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে দেশখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক ঘটনাত প্ৰায় ১৯ গৰাকী লোকৰ মৃত্যু হয় । ইয়াৰ প্ৰত্যুত্তৰত শিক্ষাৰ্থীসকলক সুৰক্ষা দিয়াৰ বাবে পৰিস্থিতিটো সমাধান নোহোৱালৈকে মুখ্য বিশ্ববিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয় । একেদৰে প্ৰতিবাদকাৰীসকলে কোৱা মতে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব । চৰকাৰৰ সৈতে আলোচনাৰ বাবেও তেওঁলোক সাজু । আৰক্ষীৰ সূত্ৰৰ মতে বৃহস্পতিবাৰে ঢাকা আৰু দেশৰ আন ঠাইত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ।

প্ৰতিবাদৰ মূল কাৰণ হৈছে চৰকাৰী নিযুক্তিত সংৰক্ষণৰ ব্যৱস্থা । উল্লেখ্য যে পাকিস্তানৰ বিৰুদ্ধে বাংলাদেশৰ ১৯৭১ চনৰ স্বাধীনতাৰ আন্দোলনৰ শ্বহীদ পৰিয়ালৰ সদস্যসকলৰ বাবে ৩০ শতাংশলৈকে চৰকাৰী নিযুক্তি সংৰক্ষণৰ ব্যৱস্থা আছে । প্ৰতিবাদকাৰীসকলে এই ব্যৱস্থাৰ বিলুপ্তি বিচাৰে । ইয়াক প্ৰতিবাদকাৰীসকলে বৈষম্যমূলক বুলি অভিহিত কৰিছে । কিয়নো স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামী লীগ দলৰ সমৰ্থকসকলক ই লাভান্বিত কৰে ।

প্ৰতিবাদকাৰীসকলৰ মতে এই সংৰক্ষণৰ ব্যৱস্থাৰ বিলুপ্তি কৰিব লাগে আৰু যোগ্যতাৰ ভিত্তিত নিযুক্তি দিব লাগে । ব্যক্তিগত খণ্ডৰ কিছু অংশত নিযুক্তিৰ সুযোগ বৃদ্ধি পাইছে যদিও এতিয়াও বহুলোকে চৰকাৰী নিযুক্তি পছন্দ কৰে । ইফালে প্ৰতি বছৰে প্ৰায় ৪,০০,০০০ স্নাতকে অসামৰিক সেৱা পৰীক্ষাত প্ৰায় ৩,০০০ পদৰ বাবে অৱতীৰ্ণ হয় । মহিলা, বিশেষভাৱে সক্ষম আৰু জাতিগত সংখ্যালঘুসকলৰ বাবেও সংৰক্ষণৰ ব্যৱস্থা আছে যদিও শিক্ষাৰ্থীসকলে মুখ্যতঃ শ্বহীদ পৰিয়ালৰ বাবে সংৰক্ষণৰ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে ।

অৱশ্যে প্ৰতিবাদৰ ফলত হোৱা বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই । তেওঁৰ চৰকাৰে প্ৰধান বিৰোধী দল, বাংলাদেশ নেচনেলিষ্ট পাৰ্টী আৰু সোঁপন্থী জামাত-ই-ইছলামী দলৰ বিৰুদ্ধে এনে বিশৃংখলতা বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰিছে । ইফালে বৃহস্পতিবাৰে বি এন পিয়ে শিক্ষাৰ্থীসকলৰ বন্ধৰ আহ্বানক সমৰ্থন জনাইছে । তাৰ মাজতে আৰক্ষীয়ে বি এন পিৰ মুখ্য কাৰ্যালয়ত তালাচী চলাই আৰু দলটোৰ ছাত্ৰ শাখাৰ কেইবাজনো কৰ্মীক গ্ৰেপ্তাৰ কৰে ।

অৱশ্যে দেশখনে পূৰ্বেও এনে ধৰণৰ প্ৰতিবাদৰ সন্মুখীন হৈছিল । ২০১৮ চনত হাছিনাৰ চৰকাৰে শিক্ষাৰ্থী গণ বিক্ষোভৰ পিচত সংৰক্ষণৰ ব্যৱস্থা বন্ধ কৰি দিছিল । অৱশ্যে, উচ্চ ন্যায়ালয়ে যোৱা মাহত সেই সিদ্ধান্ত বাতিল কৰে আৰু ১৯৭১ চনৰ স্বাধীনতা আন্দোলনকাৰীৰ আত্মীয়সকলে আবেদন দাখিল কৰাৰ পিচত এই ব্যৱস্থা পুনৰ স্থাপন কৰে । যাৰ ফলত শেহতীয়াকৈ প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে ।

লগতে পঢ়ক :গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘত আহ্বান ভাৰতৰ - Israel Gaza conflict

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.