ETV Bharat / international

বন্ধ হ’ল কফিন, সম্পন্ন হ’ল অন্ত্যেষ্টিক্ৰিয়া ; এতিয়াৰে পৰা ৰোমৰ বুকুত চিৰনিদ্ৰাত থাকিব পোপ ফ্ৰান্সিছ

পোপ ফ্ৰান্সিছৰ অন্তিম সমাধিস্থল ৰোমৰ বেচিলিকা দি ছাণ্টা মাৰিয়া মেগিঅ'ৰত থাকিব । লিগুৰিয়ান মাৰ্বলৰ দ্বাৰা তৈয়াৰ হ'ব তেওঁৰ সমাধি ।

Pope Francis funeral rites
পোপ ফ্ৰান্সিছৰ কফিন বন্ধ কৰি ভেটিকানে সমাপ্ত কৰিলে অন্ত্যেষ্টিক্ৰিয়া (ANI)
author img

By ANI

Published : April 26, 2025 at 12:31 PM IST

4 Min Read
Choose ETV Bharat

ভেটিকান চিটি : সম্পন্ন হ'ল পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান । তিনিদিনীয়া ৰাজহুৱা শোকৰ অন্তত ছেইণ্ট পিটাৰ্ছ বেচিলিকাৰ ভিতৰত এক ব্যক্তিগত ধৰ্মীয় অনুষ্ঠানত তেওঁৰ অন্তিম ৰীতি সম্পন্ন কৰা হয় । শুকুৰবাৰে সন্ধিয়া ভেটিকানে পোপ ফ্ৰান্সিছৰ কফিন বন্ধ কৰি তেওঁৰ জীৱনৰ আনুষ্ঠানিক সমাপ্তি ঘটায় । চি এন এনৰ প্ৰতিবেদনত এই কথা প্ৰকাশ ।

লেটিন আমেৰিকাৰ প্ৰথমগৰাকী পোপ আৰু জেচুইট সম্প্ৰদায়ৰ প্ৰথম ধৰ্মগুৰু পোপ ফ্ৰান্সিছে তেওঁ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান অতি সাধাৰণভাৱে কৰিবলৈ অনুৰোধ কৰিছিল । তেওঁৰ অন্তিম ইচ্ছা অনুসৰিয়ে তেওঁৰ নশ্বৰ দেহ এটা একক কাঠৰ কফিনত ৰখা হৈছিল । কিন্তু পৰম্পৰা অনুসৰি পূৰ্বৱৰ্তী পোপৰ অন্ত্যেষ্টিক্ৰিয়াত ব্যৱহৃত কফিন ছাইপ্ৰাছ, আইনা আৰু ওকৰ তিনিতৰপীয়া কফিনত ৰখা হৈছিল ।

এই অনুষ্ঠানৰ নেতৃত্ব দিয়ে পবিত্ৰ ৰোমান গীৰ্জাৰ কেমাৰলেংগো কাৰ্ডিনেল কেভিন ফাৰেলে । তেওঁ পোপৰ মৃত্যুৰ পিছত অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা তদাৰক কৰে । ডাবলিনত জন্মগ্ৰহণ কৰা, কিন্তু আমেৰিকান নাগৰিক ধৰ্মগুৰু ফাৰেলে পূৰ্বতে ডালাছৰ বিশ্বপ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক ভেনিজুৱেলাৰ এগৰাকী আৰ্চবিশ্বপ, এগৰাকী ব্ৰাজিলিয়ান প্ৰেলেট আৰু পোপ ফ্ৰান্সিছৰ ব্যক্তিগত সচিবসহ গীৰ্জাৰ আন বিষয়াসকলে সহায় আগবঢ়ায় ।

ভেটিকান প্ৰেছ কাৰ্যালয়ৰ তথ্য অনুসৰি, লছ এঞ্জেলছৰ অৱসৰপ্ৰাপ্ত আৰ্চবিশ্বপ কাৰ্ডিনেল ৰ'জাৰ মাহনী, যিয়ে পাদুৰীক উৎপীড়নৰ গোচৰ চম্ভালিবলৈ কৰা প্ৰচেষ্টাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল, তেৱোঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । চি এন এনৰ বাতৰি অনুসৰি, প্ৰয়াত পোপৰ পৰিয়ালৰ কিছু সদস্যয়ো অনুষ্ঠানটোৰ সময়ত উপস্থিত থাকে ।

কফিন বন্ধ কৰা অনুষ্ঠানটো অতি ব্যক্তিগতভাৱে অনুষ্ঠিত কৰা হয় । ইয়াত চুটি স্তোত্ৰ, প্ৰাৰ্থনা আবৃত্তি আৰু কিছু মুহূৰ্তৰ বাবে মৌনতা অৱলম্বন কৰা হৈছিল । কাৰ্ডিনেল ফাৰেলে পোপৰ মুখ বগা ৰেচমৰ কাপোৰ এখনেৰে ঢাকি দিয়ে আৰু ভেটিকান প্ৰটোকল অনুসৰণ কৰি শৰীৰত পবিত্ৰ পানী ছটিয়াই দিয়া হয় । পোপৰ কাৰ্যভাৰ অৰ্পণ অনুষ্ঠানত ফ্ৰান্সিছক প্ৰদান কৰা পোপৰ পেলিয়াম, মুদ্ৰা আৰু তেওঁৰ পোপ হিচাপে মুখ্য ঘটনাবোৰৰ এক সংক্ষিপ্ত বিৱৰণ কফিনটো বন্ধ কৰাৰ পূৰ্বে তাৰ ভিতৰত ৰখা হয় । অনুষ্ঠানটো কুমাৰী মেৰীৰ নামত উৎসৰ্গিত এটা স্তোত্ৰৰ দ্বাৰা সমাপ্ত হয় ।

এই অনুষ্ঠানটোৰ পিছত ভেটিকানে ঘোষণা কৰে যে শনিবাৰে পুৱা নিৰ্ধাৰিত অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে ছেইণ্ট পিটাৰ্ছ বেচিলিকাৰ চেপ্টাৰৰ দ্বাৰা ওৰে নিশা প্ৰাৰ্থনা স্তুতি কৰা হ'ব । স্থানীয় সময় অনুসৰি পুৱা 10 বজাত (পুৱা 4 বজাত ইউৰোপিয়ান সময়) ছেইণ্ট পিটাৰ্ছ বেচিলিকাৰ খটখটিত আৰম্ভ হ'বলগীয়া অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানে নভেণ্ডিয়ালসকলৰ আৰম্ভণিও চিহ্নিত কৰিব । এয়া হৈছে ন দিনৰ শোক, য'ত বাচিলিকাত দৈনিক অন্ত্যেষ্টিক্ৰিয়া ৰীতি অনুষ্ঠিত কৰা হয় ।

শুকুৰবাৰে ভেটিকানৰ চাৰিওফালে প্ৰচুৰ ভিৰ প্ৰত্যক্ষ কৰা হয় । কাৰণ এই দিনটোত ইটালীয়ে মুক্তি দিৱস পালন কৰে আৰু ই হৈছে এক ৰাষ্ট্ৰীয় বন্ধৰ দিন । এই ৰাজহুৱা বন্ধৰ দিন হোৱাৰ বাবে হাতত সময় থকাত হাজাৰ হাজাৰ লোকে ৰাস্তাত শাৰী পাতে আৰু স্থানীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত ৰাজহুৱা দৰ্শনৰ বাবে বন্ধ হোৱাৰ পূৰ্বে বাচিলিকাৰ মাজেৰে তেওঁলোকে পোপৰ কফিন দৰ্শন কৰে । চি এন এনৰ বাতৰি অনুসৰি, পৰ্তুগালৰ পোৰ্টোৰ জোনা ভেইগাকে ধৰি বহু বিদেশী দৰ্শনাৰ্থী তাত উপস্থিত হয় । তেওঁলোকে পোপৰ কফিন দৰ্শনৰ পিছত এই পৰিৱেশক 'অতি শান্তিপূৰ্ণ - শান্ত' বুলি অভিহিত কৰে ।

পোপ ফ্ৰান্সিছৰ অন্তিম সমাধিস্থল ৰোমৰ বেচিলিকা দি ছাণ্টা মাৰিয়া মেগিঅ'ৰত থাকিব । লিগুৰিয়ান মাৰ্বলৰ পৰা তৈয়াৰ কৰা তেওঁৰ সমাধি, যিয়ে তেওঁৰ ককাদেউতাকৰ উৎপত্তিক দৰ্শায়, ডিজাইনৰ ফালৰ পৰা অতি সৰল হ'ব । ইয়াত কেৱল তেওঁ বুয়েনছ আয়াৰ্ছৰ আৰ্চবিশ্বপ হিচাপে পৰিধান কৰা ক্ৰছৰ এখন ছবি থাকিব আৰু লেটিন ভাষাত তেওঁৰ পোপ নাম ফ্ৰান্সিস্কাছ লিখা থাকিব ।

লগতে পঢ়ক :পোপ ফ্ৰান্সিছক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ভেটিকান চিটীলৈ ৰাওনা ৰাষ্ট্ৰপতি - MURMU DEPARTS FOR VATICAN CITY
লগতে পঢ়ক :৮৮ বছৰ বয়সত জীৱন নাট সামৰিলে পোপ ফ্ৰান্সিছে - POPE FRANCIS NO MORE